বহৰি: হকীৰ যাদুকৰখ্যাত মেজৰ ধ্যানচান্দৰ ১১৩ সংখ্যক জন্মদিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বহৰিতো বিভিন্ন কাৰ্যসূচীৰ মাজেৰে পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস।
হকী খেলৰ সম্ৰাট তথা হকীৰ যাদুকৰখ্যাত ধ্যানচান্দক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বহৰিৰ এৰোমা ইংলিছ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন খেল যেনে ফুটবল, ভলীবল, কেৰম, দৌৰ আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰে।
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে আয়োজন কৰা বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত বিদ্যালয়ৰ সভাপতি ফৰহাদ ভূঞাই কয়, ‘হকীৰ যাদুকৰ ধ্যানচান্দৰ জন্মদিনৰ দিনা আমি সকলোৱে আজিৰ দিনটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰি আহিছো। আজিৰ প্ৰজন্মই প্ৰয়াত মেজৰ ধ্যানচান্দৰ বিষয়ে বিশেষ একো নাজানে। সেয়ে এনেকুৱা অনুষ্ঠানৰ জৰিয়তে তেওঁৰ বিষয়ে নৱপ্ৰজন্মক জনোৱাৰ এক মাধ্যম হ’ব’।
আনহাতে অধ্যক্ষ গুৰুমায়ম বিনতা শৰ্মাই কয় যে আজিৰ এই বিশেষ দিনটো উদযাপন কৰাৰ উদ্দেশ্যে আমি আয়োজন কৰা খেলত ল’ৰা আৰু ছোৱালী উভয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এনে কৰাৰ একমাত্ৰ কাৰণ হৈছে যে ল’ৰাতকৈ ছোৱালীৰ দক্ষতা কোনো গুণে কম নহয় আৰু ছোৱালীসকলেও ভবা উচিত যে ল’ৰাতকৈ তেওঁলোকৰ প্ৰতিভা কম নহয়।