Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:52 pm

Home » আঞ্চলিক » ৰোপণ নকৰাকৈয়ে ২০ হাজাৰ গছপুলি উটুৱাই দিছিল টিংৰাই নৈত

ৰোপণ নকৰাকৈয়ে ২০ হাজাৰ গছপুলি উটুৱাই দিছিল টিংৰাই নৈত


গুৱাহাটী : ‘আছাম প্রজেক্ট অন ফৰেষ্ট এণ্ড বায়’ডাইভার্ছিটি কনজাৰভেশ্যন ছ’চাইটি’ নামৰ অসম চৰকাৰৰ দ্বাৰা গঠিত সংস্থাটোৱে ডিগবৈ বন সংমণ্ডলত গছপুলি ৰোপণৰ বাবে আবণ্টন দিয়া বৃহৎ পৰিমাণৰ ধন কেনেদৰে লুণ্ঠন চলালে সেয়া আজিৰ সংখ্যা দৈনিক জনমভূমিত সবিস্তাৰে প্রকাশ পাইছে৷ এই লুণ্ঠন কার্যত কোন কোন বিষয়া, জনপ্রতিনিধি জড়িত সেয়াও প্রকাশ পাইছে৷ এতিয়া কথা হ’ল ৰাজ্যখনৰ বিজেপি চৰকাৰখনৰ দুর্নীতিৰ বিৰুদ্ধে শূন্যসহনশীলতাৰ শ্ল’গানবোৰ কাৰ কাৰ বাবে প্রযোজ্য হয় সেয়াও মন কৰিবলগীয়া৷
কাৰণ বহু সময়ত দেখা গৈছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে দুই চাৰিজন প্রভাৱশালী মন্ত্রীৰ অতি ঘনিষ্ঠ লোকৰ বিৰুদ্ধে বহু দুর্নীতিৰ অভিযোগ উত্থাপন হ’লেও গছৰ পাত এখিলাও ইফাল-সিফাল নহয়৷ কিন্তু কিছুমানৰ ক্ষেত্রত ইয়াৰ বিপৰীত ছবি দেখা যায়৷ খেনোক দেখি ৰান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ মাৰেৰ দৰে সোণোৱাল চৰকাৰৰ দুর্নীতি- বিৰোধী অভিযান৷ উল্লেখযোগ্য যে পৰিৱেশ সংৰক্ষণ কৰিবৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কৰযোৰে জনগণক গছপুলি ৰুবলৈ আহ্বান জনায় বিজ্ঞাপন প্রকাশ কৰিছিল৷ এই বিজ্ঞাপন দেখি এনে ভাব হয় যে বিজেপি চৰকাৰে এইবাৰ অসমখন সেউজীয়া কৰিহে এৰিব৷
কিন্তু একেখন চৰকাৰৰে মন্ত্রী, বিধায়কসকলে গছপুলি ৰোপণৰ নামত আবণ্টিত ধন যেতিয়া আত্মসাৎ কৰে তেতিয়া ইয়াৰ প্রকৃত ছবিখন দেখিবলৈ পোৱা যায়৷ ডিগবৈ বন সংমণ্ডলৰ লক্ষীপথাৰ ৰেঞ্জৰ খেতুবীটৰ অধীনৰ পশ্চিম মামৰণিত ‘ব্লক প্লেনটেশ্যন’ৰ নামত যিদৰে লুণ্ঠন চলালে তাৰ প্রকৃত ছবিখন ফ্রান্সৰ সংস্থাটোৱে দেখিলে হয়তো আৰু কোনো দিনেই তেনে অর্থ সাহায্য অসমলৈ প্রেৰণ নকৰিব৷ আমাৰ হাতত পৰা তথ্য মতে, এই প্লেনটেশ্যনস্থলীলৈ অনা প্রায় ২০ হাজাৰ গছপুলি ৰোৱাৰ সলনি কাষেৰে বৈ যোৱা টিংৰাই নৈৰ পানীত উটুৱাই দিছিল খোদ বন বিভাগে৷ কেৱল এয়াই নহয়৷ প্লেনটেশ্যনস্থলীলৈ অনা আন এগাড়ী গছপুলি গাঁৱৰে এঘৰত নমাই থোৱা ভাগেই থাকিল৷ এটা পুলিও প্লেনটেশ্যনস্থলী নাপালেগৈ৷
আটাইবোৰ গছপুলি তেনেদৰে পেলাই থোৱা ভাগেই শুকাই শুকাই মৰি থাকিল৷ প্লেনটেশ্যন গ্রাউণ্ডৰ চাৰিওফালে বেৰা দিবলৈ পকা খুঁটা লগালে যদিও সেয়া যিমান ডাঙৰ লগাব লাগিছিল তাতকৈ চাপৰ খুঁটা লগোৱা হৈছে৷ এফালে কেৱল ফেন্সিং লগাই চাৰিওফালে উন্মুক্ত কৰি ৰখা হৈছে৷ এতিয়া বন বিভাগৰ হাতত এটাই উত্তৰ ফেন্সিং গাঁৱৰ লোকে চুৰ কৰি লৈ গৈছে৷ কিন্তু তাত আৰম্ভণিৰে পৰা কাম কৰা লোকে জানিবলৈ দিছে যে ফেন্সিং লগালেহে চোৰে চুৰ কৰিবলৈ সন্দেহ এটা থাকে৷
কিন্তু ফেন্সিং নলগালে চোৰে ক’ৰ পৰা চুৰ কৰিব? অর্থাৎ এফালৰ বাদে কোনো ফালে ফেন্সিং লগোৱাই নাছিল৷ এটা কথা জানিব পৰা মতে, খেতবীটৰ কার্যালয়ত থকা এটা গুদামত বহু পৰিমাণৰ ফেন্সিং জমা কৰি ৰাখিছিল৷ কিন্তু হঠাতে এদিন তাৰ পৰা ফেন্সিংসমূহ নোহোৱা হ’ল৷ পাছত বন বিভাগে তাৰ পৰাও চুৰ হোৱা বুলি কৈছিল৷ কিন্তু স্থানীয় লোকৰ মতে, চোৰে ফেন্সিং গুদামৰ কোন ফালৰ পৰা লৈ গ’ল সেয়াহে বুজিব পৰা নাই৷ কাৰণ গুদামৰ পূর্বৰ তলাটো বর্তমানেও নিখঁুত হৈ আছে৷ উল্লেখযোগ্য যে এইকেইদিন তিনিচুকীয়াত উপস্থিত আছে বন সংৰক্ষক ৰঞ্জন কুমাৰ দাস৷ কাইলৈ ডিগবৈ বন সংমণ্ডল পৰিদর্শন কৰিব৷ বন সংৰক্ষকগৰাকীয়ে সকলো জানিও এই ‘ব্লক প্লেনটেশ্যন’স্থলীলৈ গৈ পৰিদর্শন কৰে নে নকৰে সেয়া কাইলৈহে জানিব পৰা যাব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি