ধেমাজি : বিজেপি নেতৃত্বাধীন সর্বানন্দ সোণোৱাল চৰকাৰখনে দুর্নীতিৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়তে এইবাৰ ফান্দত পৰিল ধেমাজিৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক আব্দুল লতিফ৷ জানিব পৰা মতে, এজন ঠিকাদাৰৰ পৰা ১.৮০ লাখ টকা বিল পাছ কৰি দিয়াৰ বাবে ধেমাজিৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকজনে ঠিকাদাৰজনৰ পৰা ১৮ হাজাৰ টকা উৎকোচ বিচাৰিছিল৷ কিন্তু ঠিকাদাৰজনে উক্ত বিলৰ বাবত বিচৰা উৎকোচৰ সন্দর্ভত দুর্নীতি নিবাৰক শাখাক অৱগত কৰিছিল৷
আজি ধেমাজি স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকজনে কার্যালয়ত উক্ত বিলৰ বাবত ঠিকাদাৰজনৰ পৰা ১২ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাতে দুর্নীতি নিবাৰক শাখাই হাতে-লোটে ধৰা পেলাই ঘোচখোৰ যুটীয়া স্বাস্থ্য বিভাগৰ সঞ্চালক আব্দুল লতিফক গ্রেপ্তাৰ কৰে৷ দুর্নীতি নিবাৰক শাখাৰ প্রণৱজ্যোতি গোস্বামীৰ নেতৃত্বত ১১ জনীয়া দলটোৱে বাতৰি লিখা পৰলৈকে স্বাস্থ্য বিভাগৰ কার্যালয়তে লতিফক সোধা-পোছা অব্যাহত ৰাখিছে৷
অভিযানকাৰী দলটোৱে ধেমাজিৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকজনৰ বিৰুদ্ধে উৎকোচ লোৱাৰ বিভিন্ন অভিযোগ থকা বুলি কোৱাৰ লগতে আজি আবেলি ৩-৩০ বজাৰ পৰা সন্ধিয়া ৭ বজালৈকে তেওঁ কার্যালয়ৰ সংলগ্ন থকা স্বাস্থ্য ভৱনৰ বাসভৱন আৰু কার্যালয়ত অনুসন্ধান চলায়৷ অনুসন্ধান কালত ধেমাজিৰ কার্যালয়ত বিশেষ কোনোধৰণৰ নথিপত্র উদ্ধাৰ নহ’লেও সমান্তৰালভাৱে দুর্নীতি নিবাৰক শাখাৰ অন্য এটা দলে তেওঁৰ শিৱসাগৰত থকা নিজা বাসগৃহত তালাচী অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে৷
ইয়াৰ পাছতেই ঘোচখোৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ আব্দুল লতিফক দুর্নীতি নিবাৰক শাখাই নিজৰ জিম্মাত লৈ যায়৷ অন্যহাতে দুর্নীতিগ্রস্ত বিষয়াজন দুর্নীতি নিবাৰকৰ হাতত গ্রেপ্তাৰ হোৱাক লৈ ধেমাজিৰ বিভিন্ন দল-সংগঠন আৰু ৰাইজে সন্তুষ্টি প্রকাশ কৰাৰ লগতে এনে বিষয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ দাবী জনায়৷