Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:32 pm

Home » আঞ্চলিক » নিলম্বিত ডি এছ পি ভাস্কৰ ওজাৰ আত্মগোপন

নিলম্বিত ডি এছ পি ভাস্কৰ ওজাৰ আত্মগোপন


ধুবুৰী :  ধুবুৰী জিলাৰ নিলম্বিত উপ-আৰক্ষী অধীক্ষক ভাস্কৰ ওজাক বিচাৰি বৰপেটাৰ বাসগৃহত কালি নিশা ধুবুৰী আৰক্ষীয়ে অভিযান চলায়৷ ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গুণেন্দ্র ডেকাৰ নেতৃত্বত অহা আৰক্ষীৰ এটা দলে কালি নিশা ভাস্কৰ ওজাৰ সুন্দৰীদিয়াৰ বাসগৃহত উপস্থিত হয় যদিও নিলম্বিত উপ-আৰক্ষী অধীক্ষকজনক বিচাৰি নোপোৱাত ধুবুৰী আৰক্ষীৰ অভিযান ব্যর্থ হয়৷ নিলম্বিত ভাস্কৰ ওজাই আত্মগোপন কৰাৰ সন্দেহ প্রকাশ কৰি ধুবুৰী আৰক্ষীয়ে সমীপতে থকা শহুৰেকৰ ঘৰতো অভিযান চলায়৷
উল্লেখযোগ্য যে অসম লোকসেৱা আয়োগৰ কুখ্যাত অধ্যক্ষ ৰাকেশ পালৰ আমোলত অনিয়মেৰে অসম আৰক্ষীৰ সেৱাত নির্বাচিত হোৱা ভাস্কৰ ওজাই ধুবুৰীত উপ-আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পাছৰে পৰা ব্যাপক দুর্নীতি- অনিয়মত লিপ্ত হৈ পৰিছিল৷ ধুবুৰীৰ জনৈক আৰিফুল নামৰ এজন ব্যক্তিক এটা গোচৰৰ পৰা ৰেহাই দিয়াৰ বিনিময়ত উপ- আৰক্ষী অধীক্ষকজনে ৩০ লাখ টকা উৎকোচ দাবী কৰিছিল৷ এই সন্দর্ভত অভিযোগ লাভ কৰাৰ পাছতে ভাস্কৰ ওজাৰ বিৰুদ্ধে ধুবুৰী থানাত ১০৪৩১৮ নম্বৰত এটা গোচৰ ৰুজু হয়৷ এই গোচৰ ৰুজু হোৱাৰ পাছতে ঊধর্বতন কর্তৃপক্ষই ভাস্কৰ ওজাক চাকৰিৰ পৰা নিলম্বিত কৰে৷
ভাস্কৰ ওজাক চাকৰিৰ পৰা নিলম্বিত কৰিয়েই বিষয়টো গাপ দিয়াৰ চেষ্টা চলোৱা হৈছিল৷ কিন্তু পৰৱর্তী সময়ত কৃষক নেতা অখিল গগৈয়ে এই সন্দর্ভত অসম আৰক্ষীৰ ঊধর্বতন কর্তৃপক্ষৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰে৷ সংবাদমেলত ভাস্কৰ ওজাই ধন দাবী কৰাৰ এটা অডিঅ’ ৰেকর্ডিঙো ফাদিল কৰি দিয়ে৷ ইয়াৰ পাছতে যোৱা ১৭ আগষ্টত ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গুণেন্দ্র ডেকাই ভাস্কৰ ওজাক জেৰাৰ বাবে হাজিৰ হ’বলৈ চমন জাৰি কৰে৷
কিন্তু তদন্তকাৰী আৰক্ষীৰ ওচৰত হাজিৰ হোৱাৰ পৰিৱর্তে অভিযুক্ত ভাস্কৰ ওজাই আগতীয়া জামিন বিচাৰি বিশেষ আদালতৰ কাষ চাপে৷ কিন্তু তদন্তকাৰী বিষয়াই দাখিল কৰা কেছ ডায়েৰিত ভাস্কৰ ওজাই দুর্নীতিত লিপ্ত থকাৰ পর্যাপ্ত তথ্য দাখিল কৰাত বিশেষ আদালতে আগতীয়া জামিন আৱেদন নাকচ কৰে৷ বিশেষ আদালতে জামিন নাকচ কৰাৰ পাছতে অভিযুক্ত ভাস্কৰ ওজাক গ্রেপ্তাৰৰ বাবে কালি নিশা ধুবুৰী আৰক্ষীয়ে ওজাৰ বৰপেটাৰ সুন্দৰীদিয়াৰ বাসগৃহত অভিযান চলায়৷ উল্লেখযোগ্য যে ইতিমধ্যে গোচৰটোৰ অভিযোগৰাকী আৰিফুল আৰু অভিযুক্ত গৃহৰক্ষী জোৱান কৃষ্ণ নাথক বিশেষ আদালতত হাজিৰ কৰোৱা হৈছে৷ প্রথম অৱস্থাত আৰক্ষীৰ ঊধর্বতন কর্তৃপক্ষই সুৰক্ষা দিব বিচৰা দুর্নীতিত লিপ্ত নিলম্বিত উপ- আৰক্ষী অধীক্ষক ভাস্কৰ ওজাই আত্মগোপন কৰা বুলি সন্দেহ কৰা হৈছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি