Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 9:35 am

Home » আঞ্চলিক » জন্মৰ পাছতে জ্যোতিষীয়ে কৰিছিল ভৱিষ্যৎ বাণী অসাধ্য সাধন কৰি দেশ-জাতিৰ নাম উজলাব হিমা দাসে

জন্মৰ পাছতে জ্যোতিষীয়ে কৰিছিল ভৱিষ্যৎ বাণী অসাধ্য সাধন কৰি দেশ-জাতিৰ নাম উজলাব হিমা দাসে


গুৱাহাটী : ইণ্ডোনেছিয়াৰ জাকাৰ্তাত অনুষ্ঠিত এছিয়ান গেমছত উজলি উঠা হিমাৰ সফলতাক লৈ নগাঁও জিলাত দেওবাৰে সন্ধ্যা উছাহৰ ধল বয়৷ হিমাৰ ধিঙৰ কান্ধুলিমাৰী গাঁৱৰ বাসভৱনত পুৱাৰে পৰা অগণন লোকৰ আগমন ঘটে৷ হিমাৰ বাসগৃহৰ সন্মুখত মহিলাসকলে নিৰৱচিছন্নভাৱে নাম-কীর্তন কৰি হিমাৰ সফলতাৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনায়৷ বিয়লি হিমাৰ খেল উপভোগ কৰিবৰ বাবে তেওঁৰ ঘৰৰ চোতালত প্রজেক্টৰৰ ব্যৱস্থাও কৰা হয়৷
বিশাল প্রজেক্টৰত হিমাৰ খেল উপভোগ কৰিবলৈ তেওঁলোকৰ চোতালত হাজাৰ হাজাৰ লোকে ভিৰ কৰে৷ প্রত্যাশা অনুসৰি হিমাই এছিয়ান গেমছত সোণৰ পদক বুটলিবলৈ সক্ষম নহ’লেও ৰূপৰ পদক জয় কৰাক লৈয়ে সুখী তেওঁৰ পিতৃ-মাতৃ আৰু ধিংবাসী ৰাইজ৷ এছিয়াডত ৰূপৰ পদক বিজয়ী হিমা দাসৰ পিতৃ ৰঞ্জিত দাসে জীয়ৰীৰ সফলতাত উল্লসিত হৈ কয়, ‘যদিও তাই গ’ল্ড পোৱা নাই, ছিলভাৰতেই আমি সুখী৷ তাত আমাৰ কোনো আক্ষেপ নাই৷ তাই আগন্তুক অলিম্পিকত ভাল ফল দেখুৱাব বুলি আমি আশাবাদী৷ কাৰণ তাই নিজৰ ৰেকর্ড নিজেই ভাঙি গৈ আছে৷ দিনক দিনে নিজৰ টাইমিং উন্নত কৰি গৈছে৷ মাত্র দুটা বছৰতে তাইৰ খেলৰ বহুত উন্নতি ঘটিছে৷’ হিমাৰ মাতৃ জোনালী দাসে জীয়ৰীৰ সফলতাত সুখী বুলি মন্তব্য কৰি কয়, ‘আমি সুখী৷
তাই সোণৰ পদক নাপালেও উন্নত প্রদর্শনত আমি সুখী৷ তাই আগুৱাই গৈ থাকক৷ আশা কৰিছোঁ তাই অলিম্পিকত সোণৰ পদক কাঢ়ি আনিবলৈ সক্ষম হ’ব৷’ ইপিনে, আজি এছিয়ান গেমছৰ ৪০০ মিটাৰ দৌৰত হিমা দাসে ৰূপৰ পদক অর্জন কৰাৰ পাছত ধিংবাসী ৰাইজ উৎফুল্ল হৈ পৰে৷ ফটকা ফুটাই আবতৰীয়া দেৱালীসদৃশ পৰিৱেশৰ সৃষ্টি কৰে ৰাইজে৷ ‘হিমা দাস জিন্দাবাদ’ ধবনিৰে মুখৰিত কৰা হয় ধিং অঞ্চল৷ আনহাতে, আজি খেলৰ পূর্বে হিমাই পুৱা মাক জোনালী দাস আৰু দেউতাক ৰঞ্জিত দাসলৈ ফ’ন কৰি দৃঢ় প্রত্যয়েৰে কৈছিল আজি মই বৰদৈচিলাৰ দৰে উৰিম, চিতাবাঘৰ দৰে দৌৰিম৷ তোমালোকে নিশ্চিত থাকা, এশ শতাংশ নিশ্চিত থাকা, মই দেশলৈ দেশবাসীৰ প্রত্যাশা মতেই পদক আনিম৷’ লগতে হিমাই পিতৃ-মাতৃক ফ’নযোগে কয় যে তেওঁ ভাৰতবর্ষক জিলিকাই তুলিব৷ এল পি স্কুলত পঢ়ি থাকোঁতেই টাটা ছুম’ক পিছ পেলাইছিল ঃ দৌৰৰাণী হিমা দাসে ধিঙৰ তিনি নম্বৰ কান্ধুলিমাৰী গাঁৱৰ প্রাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতেই এদিন জেদ ধৰি দৌৰি এখন চলন্ত টাটা ছুম’ গাড়ীক পিছ পেলাই সকলোৰে চকু কপালত তুলিছিল৷
এই কথা সদৰী কৰি হিমাৰ মাতৃ জোনালী দাসে কয় যে হিমা এল পি স্কুলত পঢ়ি থাকোঁতে এদিন তেওঁলোকৰ গাঁৱলৈ এখন টাটা ছুম’ গাড়ী আহিছিল৷ গাড়ীখনত তাইৰ সতীর্থসকলক উঠাই কিছু পথ টহল দিয়ে যদিও হিমাক গাড়ীত কিবা কাৰণত উঠোৱা নাছিল৷ ইয়াতেই তীব্র জেদী হিমাৰ স্বাভিমানত আঘাত লাগে৷ টাটা ছুম’খন তীব্র বেগেৰে চলি যোৱাৰ পাছতেই জেদতে হিমাই ছুম’খনৰ পিছে পিছে দৌৰিবলৈ আৰম্ভ কৰে৷ এনেকৈয়ে দৌৰি দৌৰি তাই এটা সময়ত চলন্ত টাটা ছুম’খনক পিছ পেলায় আৰু বিজয়ৰ এমোকোৰা হাঁহিৰে ঘৰলৈ উভতি যায়৷ এই সমগ্র ঘটনাৰ বিষয়ে তাই মাকক অৱগত কৰাত মাকে খঙতে হিমাক সিদিনা পিটিছিল৷
ধিং জৱাহৰ নৱোদয় বিদ্যালয়ৰ শিক্ষক চামছুল হকেই সঠিক পথৰ সন্ধান দিছিল হিমাক ; ধিং পাব্লিক হাইস্কুলত পঢ়ি থকাৰ সময়তে হিমাই ধিঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত অনুষ্ঠিত এক ক্রীড়া প্রতিযোগিতাত অংশগ্রহণ কৰিছিল৷ খেলৰ বিভিন্ন বিভাগত অংশগ্রহণ কৰা কিশোৰী হিমাৰ খেল অতি সূক্ষ্মভাৱে প্রত্যক্ষ কৰিছিল বিদ্যালয়খনৰ ক্রীড়া বিভাগৰ তত্ত্বাৱধায়ক শিক্ষক চামছুল হকে৷ হিমাৰ দৌৰ দেখি সেইদিনাই জৱাহৰ নৱোদয় বিদ্যালয়ৰ শিক্ষক হকে হিমাক দৌৰ খেলবিধত মনোনিৱেশ কৰিবলৈ পৰামর্শ দি কৈছিল– ‘তুমি দৌৰিবলৈ আৰম্ভ কৰা৷ তোমাৰ দুভৰিত যাদু আছে৷ তুমি সকলোকে পিছ পেলাব পাৰিবা৷’ চামছুল হক নামৰ শিক্ষকজনক লগ পোৱাৰ দিনটোৱেই হিমা দাসৰ বাবে টার্নিং পইণ্ট আছিল৷
খৰি ফালি, বৰশী বাই, মাছ ধৰি, গছত বগাই ভাল পায় হিমাই : অন্য দহজনী ছোৱালীতকৈ হিমা সৰুৰে পৰাই কিছু ব্যতিক্রম আছিল৷ এই কথা সদৰী কৰি তেওঁৰ পৰিয়ালৰ লোকে কয় যে হিমাই খৰি ফালি, মাছ মাৰি, বৰশী বাই, গছত বগাই, ফুটবল খেলি ভাল পাইছিল৷ সৰুৰে পৰা তেওঁ কান্ধুলিমাৰী গাঁৱৰ খেলপথাৰত গাঁৱৰ বিভিন্ন বয়সৰ ল’ৰাৰ লগত ফুটবল খেলিছিল৷ তেওঁ আছিল অতি দৃঢ়মনা৷ যিটো কৰিম বুলি মনতে এবাৰ সংকল্প লয় সেইটো কাম সম্পূর্ণ নকৰাপর্যন্ত শান্তি পোৱা নাছিল৷ জন্মৰ পাছতে জ্যোতিষীয়ে কৰিছিল ভৱিষ্যৎ বাণী : ৰঞ্জিত দাস আৰু জোনালী দাসৰ কন্যা হিমাৰ জন্মৰ পাছতেই হিমাৰ বৰদেউতাক সোণাৰাম দাসে তাইৰ নামকৰণৰ বাবে এজন জ্যোতিষীৰ ওচৰলৈ গৈছিল৷ গণনাৰ অন্তত জ্যোতিষীয়ে সিদিনা কন্যাটিৰ নামকৰণ কৰি কৈছিল– ‘ৰঞ্জিতৰ এই ছোৱালীয়ে অসাধ্য সাধন কৰিব৷ দেশ-জাতিৰ নাম উজলাব৷’

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি