মৰাণঃ মৰাণৰ এগৰাকী ব্যতিক্ৰমী শিপিনী। নাম হেমপ্ৰভা চুতীয়া। তাঁতশালত “গুণমালা” আৰু “নামঘোষা” বৈ উলিওৱাৰ পিছত এইবাৰ শিপিনী গৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে আন এখন ধৰ্মগ্ৰন্থ ” শ্ৰীমদ্ভাগৱত গীতা” । ২০১৬ চনৰ ৪ ডিচেম্বৰৰ পৰা আৰম্ভ কৰা এই ধৰ্ম গ্ৰন্থখনি সংস্কৃত ভাষাত বৈ উলিয়াইছে মৰাণ ফটিকাচোৱাৰ হেমপ্ৰভা চুতীয়াই । দেওবাৰে জোনাকী মেল : মৰাণৰ উদ্যোগত বস্ত্ৰশিল্পৰ অনুপম সৃষ্টি গীতাশাস্ত্ৰখনি শিল্পী গৰাকীৰ বাসগৃহত বিশেষ ভাৱে উম্নোচন কৰা হয়। উম্নোচনী সভাত মৰাণ অঞ্চলৰ ভালে সংখ্যক লোক উপস্থিত থকাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । আধ্যাত্মিক চিন্তাৰে উদ্বুদ্ধ তাঁতশালৰ শিল্পী হেমপ্ৰভা চুতীয়াৰ মনতো আছে অলেখ সপোন। ৰাইজৰ মৰম আৰু আৰ্শীবাদত শিল্পীগৰাকীৰ সপোনে বাস্তৱ ৰূপ পাব বুলিও তেওঁ আশাবাদী । আনহাতে সপোনৰ সমান্তৰালকৈ শিল্পীগৰাকীৰ চৰকাৰৰ বিৰুদ্ধেও আছে কিছু ক্ষোভ । চৰকাৰে শিল্পী গৰাকীক যেনে ধৰণে গুৰুত্ব দিব লাগিছিল সেয়া কিন্তু দিয়া হোৱা নাই । শিল্পী গৰাকীৰ এই অনুপম সৃষ্টি সমূহ সংৰক্ষণ কৰিবৰ বাবে অসম চৰকাৰক আবেদন কৰিছিল যদিও আজি পৰ্যন্ত কোনো সুদত্তৰ নাপালে শিল্পীগৰাকীয়ে । উপায়ন্তৰ হৈ তেওঁ ৰাইজৰ সহযোগ বিচাৰিছে । ৰাইজে তেওঁৰ এই অনুপম সৃষ্টি কেইপদ সংৰক্ষণৰ ব্যৱস্থা কৰি দিলে শিল্পী গৰাকীৰ এই মধুৰ সপোন বিলাক বাস্তৱ ৰূপ পাব ।