গুৱাহাটী : সমাধান নহ’ল গুৱাহাটীৰ কৃত্রিম বানৰ সমস্যা৷ প্রতিবছৰেই বাৰিষা এজাক বৰষুণৰ পাছতেই সৃষ্টি হোৱা কৃত্রিম বানত যন্ত্রণা ভুগিবলগীয়া হয় মহানগৰবাসীয়ে৷ কালি নিশাৰে পৰা দিয়া মুষলধাৰ বৰষুণৰ পাছতেই জলমগ্ন হৈ পৰে মহানগৰৰ প্রতিটো পথ৷ আনহাতে, বানৰ সময়তে বিভিন্ন ঠাইত সৃষ্টি হোৱা ভূমিস্খলনত চাৰিগৰাকী লোকৰ মৃত্যু হয়৷ ইয়াৰে প্রথমটো ভূমিস্খলনৰ ঘটনা সংঘটিত হয় যোৰাবাটৰ শংকৰদেৱ নগৰত৷ মুষলধাৰ বৰষুণৰ সময়তেই ঘৰৰ চাৰিসীমাত থকা এটা কোম্পানীৰ এখন দেৱাল বাগৰি পৰাত নিশা আহাৰ গ্রহণ কৰি থকা অৱস্থাতেই দেৱালে হেঁচা মাৰি ধৰে এগৰাকী মহিলাক৷
পাছত ঘটনাস্থলীত আৰক্ষী আৰু স্থানীয় লোক উপস্থিত হৈ ইন্দিৰা দর্জী নামৰ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে৷ ইফালে, হস্তিনাপুৰতো সংঘটিত হোৱা আন এটা ভূমিস্খলনৰ ঘটনাত মাতৃ-পুত্রৰ মত্যু হয়৷ পাহাৰৰ মাটি ঘৰৰ ওপৰত বাগৰি পৰাত গুৰুতৰভাৱে আহত ৰাখী চুৱেদী আৰু আয়ুস চুৱেদীক ৰাইজে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি জি এম চি এইচলৈ প্রেৰণ কৰিছিল যদিও পথতে মৃত্যু হয়৷ ইফালে, তেৰ মাইলতো সংঘটিত ভূমিস্খলনৰ ঘটনাত পিনাক দৈমাৰী নামৰ এজন যুৱকৰ মৃত্যু হয়৷ এতিয়ালৈকে ভূমিস্খলনত ৪গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷
উল্লেখযোগ্য যে আজি জি এছ ৰ’ড, জু-ৰ’ড, চানমাৰি, বেলতলা, অনিল নগৰ, নবীন নগৰ, আমবাৰী, ছয়মাইল, পাঞ্জাবাৰী, নাৰেংগী, গণেশগুৰি, উলুবাৰী, ডাউন-টাউন আদি বিভিন্ন পথ-উপপথ কৃত্রিম বানত ডুব যোৱাত বহু সময়ৰ বাবে বন্ধ হৈ পৰিল যান-বাহনৰ চলাচল৷ পথতে আবদ্ধ হৈ থাকে কণ-কণ শিক্ষার্থী কঢ়িওৱা একাংশ স্কুল বাছ৷ কার্যালয়লৈ যাবলৈ আহিও অধিকাংশ কর্মচাৰী ঘৰলৈ ঘূৰি যাবলগীয়া অৱস্থাৰ সৃষ্টি হয়৷ বিভিন্ন ঠাইত বাসগৃহৰ ভিতৰতো পানী সোমোৱাৰ লগতে দিছপুৰৰ বিধায়ক আৱাসৰ চৌহদো পানীৰ তলত বুৰ যোৱা দেখিবলৈ পোৱা গ’ল৷
কৃত্রিম বানৰ বাবে আজি মহানগৰবাসী ভয়ানক অসুবিধাৰ সন্মুখীন হ’বলগীয়াত পৰে৷ কালি নিশাও যোৰাবাটত সৃষ্টি হোৱা কৃত্রিম বানত শ-শ বাহনৰ লগতে পানীৰ মাজত আবদ্ধ হৈ পৰে এখন নৈশ বাছ৷ আৰক্ষীয়ে বহু চেষ্টাৰ অন্তত বাছখনত থকা প্রায় ৫০গৰাকী যাত্রীক উদ্ধাৰ কৰে৷ ইফালে, কৃত্রিম বানক লৈ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই সদৰী কৰা অনুসৰি, আজিৰ তাৰিখত এবুকু পানী ক’তো হোৱা নাই৷ আগতে দুই-তিনি দিন পানী জমা হৈ আছিল৷
এতিয়া ১-২ ঘণ্টাৰ ভিতৰতে পানী নিষ্কাশন হৈ যায়৷ প্রণিধানযোগ্য যে বছৰ বছৰ ধৰি কৃত্রিম বানত ডুবি থকা মহানগৰৰ কৃত্রিম বানৰ সমস্যা চৰকাৰে কেতিয়া সমাধান কৰিব সেই ক্ষেত্রত প্রশ্নৰ সৃষ্টি হৈছে৷ গুৱাহাটী স্মার্ট চিটিৰ তালিকাত অন্তর্ুক্ত হোৱাৰ পাছত চৰকাৰে কৃত্রিম বানৰ সমস্যা সমাধানৰ বাবে উচিত ব্যৱস্থা গ্রহণ কৰাৰ আশ্বাস দিছিল৷ সেই অনুসৰি ভৰলু নদীৰ উন্নয়নৰ বাবে ২৯৬ কোটি টকা, মৰাভৰলু আৰু পামহী নদীৰ উন্নয়নৰ বাবে ৪২১ কোটি টকা, বৰচলা বিলৰ উন্নয়নৰ বাবে ৮০ কোটি টকা আৰু দিপৰ বিলৰ উন্নয়নৰ বাবে ২৬০ কোটি টকা নির্ধাৰণ কৰা হৈছিল৷ কিন্তু এই কোটি-কোটি টকা প্রকৃততে ক’ত আৰু কেনেকৈ খৰচ হ’ল সেই ক্ষেত্রত সন্দেহৰ সৃষ্টি হৈছে৷ ইফালে, গুৱাহাটীত থকা নলা-নর্দমা চাফা কৰিবৰ বাবে বিভিন্ন ধৰণৰ মেচিন, সা-সঁজুলি আৰু যান-বাহন ক্রয় কৰিবৰ বাবে এতিয়াও চলিয়েই আছে নিবিদা আমন্ত্রণ৷ পুনৰ অনুবিভাগ, প্রণালী আৰু উপনৈ, পানী সুৰক্ষা গাঁথনি, গুৱাহাটীৰ জলচেছদৰ সৌন্দর্য বৃদ্ধি, ভৰলুমুখত ড্রেনেজ পাম্পিং ষ্টেছন আৰু শ্লুইচ গেট বৃদ্ধিকৰণৰ বাবে এতিয়াও ডি পি আৰ প্রস্তুতি চলি আছে৷
গুৱাহাটীৰ চাৰিওফালে থকা জলাশয়, বিল, নলাসমূহৰ খনন পৰিষ্কাৰৰ বাবেও একমাত্র আঁচনি গ্রহণ কৰিয়েই পালন কৰিছে দায়িত্ব৷ তেনেদৰে বৰচলা বিল, মৰা ভৰলু আৰু ভৰলু নদীৰ উন্নয়নৰ বাবেও কোনো ধৰণৰ কাম আৰম্ভ হোৱা নাই৷ বর্তমান এই অৱস্থাৰ বিপৰীতে ২০১৬ বর্ষৰ জুলাই মাহতেই অসম বিধানসভাত গুৱাহাটীৰ কৃত্রিম বান সন্দর্ভত তেতিয়াৰ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ১৩টা নতুন পদক্ষেপৰ কথা সদৰী কৰিছিল৷
সেই অনুসৰি বাহিনী নদীৰ গতিপথ আংশিকভাৱে সলনি কৰাৰ বাবে ৰুক্মিণীগাঁৱৰ পিবকো পইণ্টৰ পৰা শিলাসাঁকোলৈ পথসহ নলা নির্মাণ, ছয়মাইলৰ পৰা চন্দন নগৰলৈ ভি আই পি ৰ’ডৰ কাষত পকী নলা নির্মাণ, পাঞ্জাবাৰীস্থিত পঞ্চায়ত আৰু গ্রামোন্নয়ন সঞ্চালকালয়ৰ পিছফালৰ পৰা শিলসাঁকোলৈ পকী নলা নির্মাণ, খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ পৰা বশিষ্ঠৰ দিছপুৰ চক্র বিষয়াৰ কার্যালয়ৰ সমীপৰ বশিষ্ঠ নদীলৈ নলা নির্মাণ, ওদালবাক্রাৰ পৰা ভৰলুলৈ পকী নলা নির্মাণ, বোন্দাৰ মাৰিয়া পাব্লিক স্কুলৰ সন্মুখত অৱস্থিত আৰু সাতগাঁও পথত অৱস্থিত দলঙৰ বহলকৰণৰ বাবে ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰিছিল৷ ইয়াৰ উপৰি, বোন্দা, ভৰলুমুখ আৰু লাচিত নগৰৰ বি টি কলেজ পথত নতুন পাম্পিং ষ্টেছন নির্মাণ কৰা, গুৱাহাটী চাহ নিলাম কেন্দ্রৰ সমীপত পাম্পিং ষ্টেছন নির্মাণ কৰা, গুৱাহাটীৰ নদীসমূহৰ পৰিষ্কাৰকৰণ, পুনৰ খনন, পাহাৰসমূহৰ পৰা নামি অহা মাটি আৰু আৱর্জনা সু-সংগতভাৱে জমা কৰি বর্ধিত পানীভাগ নলাসমূহলৈ বোৱাই অনাৰ ব্যৱস্থা কৰা আৰু সৰুচলা, বৰচলা, শিলাসাঁকো, পামহী আৰু দিপৰ বিলৰ পানীৰ বহন ক্ষমতা বর্ধিতকৰণ কৰাবৰ বাবেও পদক্ষেপ গ্রহণ কৰা হৈছিল৷
কৃত্রিম বানৰ সমাধানৰ বাবে মহানগৰৰ প্রতিটো সমষ্টিৰ ৱার্ডে ৱার্ডে গৈ স্থানীয় লোকৰ পৰামর্শ অনুসৰি ব্যৱস্থা গ্রহণ কৰাৰ কথা কোৱা হৈছিল৷ কিন্তু আশ্চর্যজনক কথাটো হ’ল যে ঘোষণাতেই সীমাবদ্ধ থাকিল কামৰ অগ্রগতি৷ সেইবাবে এইবাৰো যে বাৰিষা পুনৰ মহানগৰ বুৰিব সেইটো ইতিমধ্যে আগতেই স্পষ্ট হৈ পৰিছিল৷ ইফালে ভূমিস্খলনত নিহতসকলৰ নিকটতম আত্মীয়লৈ গায়পতি ৪ লাখ টকাকৈ সাহায্য প্রদানৰ বাবে জিলা প্রশাসনৰ তৰফৰ পৰা ব্যৱস্থা গ্রহণ কৰা হৈছে৷