Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 9:54 am

Home » আঞ্চলিক » দুধনৈত আকাশৰ পৰা সৰি পৰা যন্ত্ৰসদৃশ সামগ্ৰীক লৈ চাঞ্চল্য-আতংক

দুধনৈত আকাশৰ পৰা সৰি পৰা যন্ত্ৰসদৃশ সামগ্ৰীক লৈ চাঞ্চল্য-আতংক


দুধনৈ : দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ নিকটৱৰ্তী হাবাংগিৰী গাঁৱত যোৱা নিশা এঘৰ মানুহৰ চোতালত আকাশৰ পৰা এক যন্ত্ৰসদৃশ সামগ্ৰী সৰি পৰা ঘটনা সংঘটিত হোৱাৰ পাছত বহু সময় ধৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে এক চেপা আতংকময় পৰিস্থিতিৰো সৃষ্টি হয়। উল্লেখযোগ্য যে, যোৱা নিশা হাবাংগিৰি গাঁৱৰ জ্ঞানেন্দ্ৰ ৰাভা নামৰ লোকজনৰ ঘৰৰ চোতালত হঠাত্‍ যন্ত্ৰসদৃশ সামগ্ৰী আকাশৰ পৰা সৰি পৰে। খবৰটো গাঁওখনত বিয়পি পৰাৰ লগে লগে শ শ লোকে সামগ্ৰীবিধ চাবলৈ ৰাভাৰ ঘৰত ভিৰ কৰে।
অৱশেষত স্থানীয় লোকে দামৰা আৰক্ষী চকীত বিষয়টো তাত্ক্ষণিকভাৱে অৱগত কৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে যদিও সামগ্ৰীবিধ কি তাক নিশ্চিত কৰিব নোৱাৰিলে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটুকুৰা ৰছী, ৰবৰ জাতীয় কিছু সামগ্ৰী আৰু বেটাৰীও উদ্ধাৰ কৰে। আৰক্ষীয়ে উদ্ধাৰ কৰা সামগ্ৰীখিনি অধিক পৰীক্ষা-নিৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতহে গাঁওবাসী ৰাইজৰ মাজত আতংক তথা চাঞ্চল্যৰ পৰিৱেশৰ কিছু শাম কাটে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি