দুধনৈত আকাশৰ পৰা সৰি পৰা যন্ত্ৰসদৃশ সামগ্ৰীক লৈ চাঞ্চল্য-আতংক

দুধনৈ : দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ নিকটৱৰ্তী হাবাংগিৰী গাঁৱত যোৱা নিশা এঘৰ মানুহৰ চোতালত আকাশৰ পৰা এক যন্ত্ৰসদৃশ সামগ্ৰী সৰি পৰা ঘটনা সংঘটিত হোৱাৰ পাছত বহু সময় ধৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে এক চেপা আতংকময় পৰিস্থিতিৰো সৃষ্টি হয়। উল্লেখযোগ্য যে, যোৱা নিশা হাবাংগিৰি গাঁৱৰ জ্ঞানেন্দ্ৰ ৰাভা নামৰ লোকজনৰ ঘৰৰ চোতালত হঠাত্‍ যন্ত্ৰসদৃশ সামগ্ৰী আকাশৰ পৰা সৰি পৰে। খবৰটো গাঁওখনত বিয়পি পৰাৰ লগে লগে শ শ লোকে সামগ্ৰীবিধ চাবলৈ ৰাভাৰ ঘৰত ভিৰ কৰে। অৱশেষত স্থানীয় লোকে দামৰা আৰক্ষী চকীত বিষয়টো তাত্ক্ষণিকভাৱে অৱগত কৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে যদিও সামগ্ৰীবিধ কি তাক নিশ্চিত কৰিব নোৱাৰিলে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটুকুৰা ৰছী, ৰবৰ জাতীয় কিছু সামগ্ৰী

ভূমিস্খলনত চাৰিজন লোকৰ মৃত্যু

গুৱাহাটী : সমাধান নহ’ল গুৱাহাটীৰ কৃত্রিম বানৰ সমস্যা৷ প্রতিবছৰেই বাৰিষা এজাক বৰষুণৰ পাছতেই সৃষ্টি হোৱা কৃত্রিম বানত যন্ত্রণা ভুগিবলগীয়া হয় মহানগৰবাসীয়ে৷ কালি নিশাৰে পৰা দিয়া মুষলধাৰ বৰষুণৰ পাছতেই জলমগ্ন হৈ পৰে মহানগৰৰ প্রতিটো পথ৷ আনহাতে, বানৰ সময়তে বিভিন্ন ঠাইত সৃষ্টি হোৱা ভূমিস্খলনত চাৰিগৰাকী লোকৰ মৃত্যু হয়৷ ইয়াৰে প্রথমটো ভূমিস্খলনৰ ঘটনা সংঘটিত হয় যোৰাবাটৰ শংকৰদেৱ নগৰত৷ মুষলধাৰ বৰষুণৰ সময়তেই ঘৰৰ চাৰিসীমাত থকা এটা কোম্পানীৰ এখন দেৱাল বাগৰি পৰাত নিশা আহাৰ গ্রহণ কৰি থকা অৱস্থাতেই দেৱালে হেঁচা মাৰি ধৰে এগৰাকী মহিলাক৷ পাছত ঘটনাস্থলীত আৰক্ষী আৰু স্থানীয় লোক উপস্থিত হৈ ইন্দিৰা দর্জী নামৰ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে৷ ইফালে, হস্তিনাপুৰতো সংঘটিত হোৱা আন এটা ভূমিস্খলনৰ ঘটনাত মাতৃ-পুত্রৰ মত্যু হয়৷ পাহাৰৰ মাটি ঘৰৰ ওপৰত বাগৰি

তিতাবৰত ভয়ংকৰ পথ দুৰ্ঘটনা

তিতাবৰ : মৰিয়নী সংযোগী ধোদৰ আলিৰ লেটেকুজান অঞ্চলত AS-09-C-0151 নম্বৰৰ এখন মালবাহী 407 গাড়ীয়ে পথৰ দাঁতিতে এজন চাইকেল অৰোহীক মহতিয়াই AS-03-M-2309 নম্বৰৰ এখন বগা ৰঙৰ swift ৰ লগত সংঘৰ্ষ কৰি চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এজোপা গছত খুন্দা মাৰে । দুর্ঘটনাটো সংঘটিত হোৱাৰ পিছত স্থানীয় ৰাইজে ওলাই আহি বুবু দাস নামৰ সুৰামত্ত চালক জনক আঘাত প্ৰাপ্ত অৱস্থাত 407 খনৰ ভিতৰত উদ্ধাৰ কৰে । আনহাতে দুৰ্ঘটনা সংঘটিত কৰা মালবাহী 407 খন তিতাবৰৰ এজন মোদী উপাধিৰ ব্যৱসায়ীৰ বুলি জানিব পৰা গৈছে। গুৰুতৰ ভাবে আহত চাইকেল আৰোহি আলটাফ হুছেইন আৰু 407খনৰ চলক বুবু দাসক চিকিত্সাৰ বাবে তিতাবৰৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘটনা স্থলীত তিতাবৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।