Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:43 pm

Home » আঞ্চলিক » আৰক্ষী বিষয়া ভাস্কৰ কলিতাই বুলেট- প্রুফ জেকেট সঠিকভাৱে পিন্ধা নাছিল

আৰক্ষী বিষয়া ভাস্কৰ কলিতাই বুলেট- প্রুফ জেকেট সঠিকভাৱে পিন্ধা নাছিল


তিনিচুকীয়া : তিনিচুকীয়াজিলাৰ বৰডুমছা আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া ভাস্কৰ কলিতাই বুলেটপ্রুফ জেকেট সঠিকভাৱে পৰিধান নকৰাৰ বাবে আৰু শূন্য দূৰত্বৰ পৰা আলফা (স্বা)ৰ সদস্যই গুলীচালনা কৰাৰ বাবেহে অকালতে প্রাণ হেৰুৱাবলগীয়া হয়৷ আলফাৰ গুলীয়ে তেওঁৰ বুলেটপ্রুফ পাৰ হৈ বুকু ভেদি গ’লেও ঘটনাৰ এজনীয়া তদন্ত সমিতিয়ে সন্দেহৰ আঙুলি উঠা বুলেটপ্রুফ জেকেটক ক্লীনশ্বীট দিছে৷ লগতে বিভাগীয় তদন্তত সাহসী আৰক্ষী বিষয়াজনেহে সঠিকভাৱে বুলেটপ্রুফ জেকেটটো পৰিধান কৰা নাছিল বুলি প্রতিবেদন দিয়ে৷
ঘটনা সন্দর্ভত অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ নেতৃত্বত গঠন কৰা এজনীয়া তদন্ত সমিতিয়ে ইতিমধ্যে ৰাজ্যৰ মুখ্য সচিবৰ হাতত চূড়ান্ত প্রতিবেদন দাখিল কৰিছে৷ এই প্রতিবেদনত নিম্ন মানৰ বুলি প্রশ্ন উত্থাপন হোৱা বুলেটপ্রুফ জেকেট সঠিক মানৰ আৰু ত্রুটীমুক্ত বুলি প্রতিবেদন দিয়াৰ তথ্য পোৱা গৈছে৷ উল্লেখযোগ্য যে বিগত ৪ মে’ত আলফা-বিৰোধী অভিযান চলাবলৈ যোৱাৰ সময়ত আলফা (স্বা)ৰ সদস্যৰ গুলীত প্রাণ হেৰুৱাবলগীয়া হয় বৰডুমছা আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া ভাস্কৰ কলিতাই৷ আলফাৰ গুলীয়ে বুলেটপ্রুফ জেকেট ভেদি তেওঁৰ বুকুত আঘাত কৰিছিল৷ তাৰ পাছতে বুলেটপ্রুফ জেকেটৰ মানক লৈ প্রশ্ন উত্থাপন হৈছিল৷
ঘটনাৰ পাছত বিভাগীয় তদন্তৰ লগতে ৰাজ্য চৰকাৰে অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ নেতৃত্বত এজনীয়া তদন্ত সমিতি গঠন কৰি দিছিল বুলেটপ্রুফ জেকেটৰ মান পৰীক্ষা কৰিবৰ বাবে৷ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই তেজপুৰ আৰু যোৰহাটৰ বিভিন্ন স্থানত ব্যৱহাৰ হৈ থকা একে ধৰণৰ ৫টা বুলেটপ্রুফ জেকেট সংগ্রহ কৰি বাংগালুৰুৰ কেন্দ্রীয় ফৰেনছিক বিজ্ঞানাগাৰলৈ পৰীক্ষাৰ বাবে প্রেৰণ কৰে৷ ফৰেনছিক বিজ্ঞানাগাৰে সেই বুলেটপ্রুফ জেকেট সঠিক মানৰ আছিল বুলি প্রতিবেদন দিয়া বুলি তদন্ত সমিতিয়ে দাখিল কৰা চূড়ান্ত প্রতিবেদনত প্রকাশ কৰে বুলি জানিব পৰা গৈছে৷
উল্লেখযোগ্য যে ফৰেনছিক বিজ্ঞানাগাৰে কৰা পৰীক্ষাত বুলেটপ্রুফ জেকেটটোৰ গুলী প্রতিৰোধ ক্ষমতা সঠিক আছিল আৰু অতি উন্নত মানৰ বুলি প্রতিবেদন দিয়ে৷ লক্ষণীয় যে এইখিনি বুলেটপ্রুফ জেকেট ২০১০ চনৰ জুন মাহৰ পৰা নিবিদা প্রক্রিয়া চলি অসম আৰক্ষীৰ হাতত ২০১৩ চনৰ জানুৱাৰী মাহত পৰিছিল৷ সেইবাৰ মুঠ ১৫৬০টা বুলেটপ্রুফ জেকেট ক্রয় কৰিছিল অসম আৰক্ষীয়ে৷ এই সামগ্রীখিনি যোগান ধৰিবৰ বাবে তেতিয়াৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান (এম পি চি) অনিল কুমাৰ ঝাই নির্দেশ (ছাপ্লাই অর্ৰ) দিছিল৷ সেই সামগ্রী ক্রয়ৰ বাবে গঠন হোৱা টেকনিকেল কমিটীৰ মুৰব্বী আছিল তেতিয়াৰ আৰক্ষী মহাপৰিদর্শক (শ্বউ) এন আই হুছেইন৷ লগতে পার্চেজ কমিটীৰ মুৰব্বী আছিল তেতিয়াৰ আৰক্ষীৰ সঞ্চালক প্রধান শংকৰ বৰুৱা৷ ইফালে, বিভাগীয় তদন্তত নিহত আৰক্ষী বিষয়াজনে সঠিকভাৱে বুলেটপ্রুফ জেকেট পৰিধান নকৰাৰ বাবেহে অকালতে প্রাণ হেৰুৱাবলগীয়া হোৱা বুলি প্রতিবেদন দাখিল কৰিছে৷ প্রতিবেদনত প্রকাশ কৰা মতে এই বুলেটপ্রুফ জেকেটবিধ দুই তৰপীয়া৷ এটা তৰপ কঠিন আৰু আনটো তৰপ কোমল৷
দুয়োটা তৰপ একেলগে পিন্ধিলেহে ই শ্রেষ্ঠ সুৰক্ষাৰ কাম কৰে৷ কিন্তু নিহত আৰক্ষী বিষয়া ভাস্কৰ কলিতাই কেৱল কঠিন তৰপটোহে পিন্ধি অভিযানত জঁপিয়াই পৰিছিল বুলি প্রতিবেদনত প্রকাশ কৰা হৈছে৷ আনহাতে, এই বুলেটপ্রুফ জেকেট ১০ মিটাৰ দূৰত্বৰ পৰা নিক্ষেপ কৰা গুলী প্রতিৰোধত সক্ষম আছিল৷ কিন্তু ভাস্কৰ কলিতাক আলফাই শূন্য দূৰত্বৰ পৰা গুলীয়াইছিল বাবে সেই গুলী প্রতিৰোধ কৰাত বুলেটপ্রুফ জেকেট ব্যর্থ হয় বুলি প্রতিবেদনত প্রকাশ পাইছে৷ এক কথাত শূন্য দূৰত্বৰ পৰা নিক্ষেপ কৰা গুলী প্রতিৰোধ কৰাত বুলেটপ্রুফ জেকেটটোৰ কেৱল কঠিন তৰপ সক্ষম নাছিল৷ লক্ষণীয় যে এই জেকেট ক্রয়ৰ সময়ৰ পৰাই বিতর্কৰ আৱর্তত সোমাই পৰিছিল৷
এই জেকেট যোগান ধৰিবৰ বাবে বাংগালুৰুৰ টাটা এডভান্সড মেটেৰিয়েলছ আৰু নতুন দিল্লীৰ এছ এম পাল্প পেকেজিং নামৰ দুটা প্রতিষ্ঠানে নিবিদা দাখিল কৰিছিল৷ অসম আৰক্ষীৰ টেকনিকেল কমিটীয়ে টাটা এডভান্সড মেটেৰিয়েলৰ পৰা প্রতিটো জেকেটত ৩৭,৬৬৮.৫৭ (সকলো কৰসহ) টকা মূল্যত ক্রয় কৰিছিল৷ তেতিয়াই কানপুৰৰ এটা প্রতিষ্ঠানে ঠিকা প্রদানত অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছিল৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি