গুৱাহাটী : গুৱাহাটী উচ্চ ন্যায়ালয়ে ১৫ ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ নির্দেশ দিছিল যদিও এই সময়ছোৱাৰ ভিতৰত পঞ্চায়ত নির্বাচন অনুষ্ঠিত নহয়৷ উল্লেখযোগ্য যে ৰাজ্যত থকা পঞ্চায়তীৰাজ ব্যৱস্থাৰ পঞ্চায়তসমূহৰ কার্যকাল ক্রমানুসৰি অন্ত হ’বলৈ আৰম্ভ কৰাত উচচ ন্যায়ালয়ে ৰাজ্যিক নির্বাচন আয়োগক তথা ৰাজ্য চৰকাৰক পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰাৰ নির্দেশ দিছিল৷
উচচ ন্যায়ালয়ৰ নির্দেশ থকাৰ পাছতো উক্ত সময়ৰ ভিতৰত নির্বাচন অনুষ্ঠিত কৰাত অপাৰগতা প্রকাশ কৰি আয়োগে ন্যায়ালয়ত আৱেদন জনাব৷ ন্যায়ালয়ৰ নির্ধাৰিত সময়ত নির্বাচন পাতিব নোৱাৰি সময় বিচাৰি আৱেদন জনোৱা হ’ব বুলি আজি জানিবলৈ দিয়ে নির্বাচন আয়ুক্ত এইচ এন বৰাই৷ পঞ্চায়ত নির্বাচনৰ বাবে সময়সীমা ন্যায়ালয়ে নির্ধাৰণ কৰি দিয়াৰ পাছতো ৰাজনৈতিক দলসমূহে নির্বাচনৰ বাবে সাজু হৈছিল৷
ৰাজ্যিক নির্বাচন আয়োগে অধিক সময় বিচাৰি ন্যায়ালয়ত আৱেদন জনাবলৈ সাজু হোৱাত কেতিয়াকৈ পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ’ব সেই কথা অনিশ্চিত হৈ পৰিল৷ ন্যায়ালয়ে নির্ধাৰণ কৰি দিয়া সময়মতে নির্বাচন অনুষ্ঠিত কৰিব নোৱৰা সম্পর্কত ৰাজ্যিক নির্বাচন আয়ুক্ত বৰাই কয় যে প্রথম অৱস্থাত উচচতম ন্যায়ালয়ে এন আৰ চিৰ সম্পূর্ণ খচৰা প্রকাশৰ সময় ৩০ জুন নির্ধাৰণ কৰি দিছিল৷
৩০ জুনৰ পৰিৱর্তে ৩০ জুলাইলৈ খচৰা প্রকাশৰ সময় বৃদ্ধি কৰাৰ ফলত পঞ্চায়ত নির্বাচনৰ বাবে সাজু হোৱাৰ সময় কমি আহিল৷ সেয়েহে, ন্যায়ালয়ত অধিক সময় বিচাৰি প্রার্থনা জনোৱা হ’ব৷ ৰাজ্যিক নির্বাচন আয়ুক্তজনে আৰু কয় যে পঞ্চায়তে নহয় গুৱাহাটী পৌৰ নিগমৰ নির্বাচনো অনুষ্ঠিত হ’বলগীয়া হৈ আছে৷
উত্তৰ কাছাৰ পার্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ লগতে ৰাভা হাছং স্বায়ত্ত পৰিষদৰ কার্যকালো অহা ডিচেম্বৰত অন্ত পৰিব৷ বৰাই কয় যে এন আৰ চিৰ কাম চলি থকাৰ বাবে স্বায়ত্ত পৰিষদৰ লগতে স্থানীয় প্রশাসনৰ বাবে অনুষ্ঠিত হ’বলগীয়া নির্বাচন পাতিব পৰা নাই৷