Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 9:54 am

Home » আঞ্চলিক » পল্লৱী শর্মাক আত্মসমর্পণ কৰিবলৈ ন্যায়ালয়ৰ নির্দেশ

পল্লৱী শর্মাক আত্মসমর্পণ কৰিবলৈ ন্যায়ালয়ৰ নির্দেশ


গুৱাহাটী : কলকাতাত চিকিৎসাধীন হৈ থকা অসমৰ সাংসদ আৰ পি শর্মাৰ বৃক্ক সংৰোপণ সুকলমে সম্পন্ন হৈ গ’ল যদিও এইবাৰ দুটা নতুন ৰোগত আক্রান্ত হৈছে৷ তেওঁ সম্প্রতি হেপাটাইটিছ আৰু যক্ষ্মা ৰোগত আক্রান্ত হৈছে৷
অৱশ্যে তাৰ পাছতো তেওঁক শুশ্রূষা কৰিবৰ বাবে এ পি এছ চি কেলেংকাৰিত জড়িত হৈ গ্রেপ্তাৰ হোৱা সাংসদজনৰ কন্যা পল্লৱী শর্মাৰ অন্তৱর্র্তীকালীন জামিন বৃদ্ধি নকৰি আত্মসমর্পণ কৰিবৰ বাবে নির্দেশ দিছে আদালতে৷ এ পি এছ চিৰ চাকৰি কেলেংকাৰিত ৰাকেশ পাল বাহিনীক বৃহৎ ধন দি বক্র পথেৰে চাকৰি লোৱাৰ অভিযোগত শেহতীয়াকৈ গ্রেপ্তাৰ হোৱা পল্লৱী শর্মাক বিগত ১ আগষ্টত চিকিৎসাধীন পিতৃৰ শুশ্রূষাৰ বাবে মানৱীয়তাৰ খাতিৰত আদালতে অন্তৱর্র্তীকালীন জামিন প্রদান কৰিছিল৷
৩০ আগষ্টত কলকাতাত তেওঁৰ বৃক্ক সংৰোপণ কৰাৰ পাছত শাৰীৰিক অৱস্থাৰ অৱনতি ঘটা বুলি খবৰ ওলোৱাৰ পাছতে মানৱীয়তাৰ খাতিৰত পল্লৱীক জামিন প্রদান কৰা হৈছিল৷ ১৪ আগষ্টলৈ তেওঁক এই জামিন প্রদান কৰা হৈছিল৷ কিন্তু পিতৃ অসুস্থ হৈ থকাৰ বাবে তেওঁৰ আৱেদনৰ ভিত্তিত পৰৱর্তী সময়ত জামিন ২০ আগষ্টলৈ বৃদ্ধি কৰে আদালতে৷ ইফালে আদালতৰ নির্দেশত আজি মুখ্য তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছাৰে কলকাতালৈ গৈ ৰবীন্দ্রনাথ ঠাকুৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা আৰ পি শর্মাৰ স্বাস্থ্যৰ বুজ লয়৷
কলকাতাৰ চিকিৎসালয়ৰ চিকিৎসকে সম্প্রতি ৰোগী সাংসদ শর্মাৰ স্বাস্থ্য সুস্থিৰ বুলি প্রতিবেদন প্রদান কৰে যদিও তেওঁ সম্প্রতি হেপাটাইটিছ আৰু যক্ষ্মা ৰোগত আক্রান্ত হোৱা বুলি প্রকাশ কৰে৷ পূর্বেই তেওঁৰ বৃক্ক সংৰোপণ সম্পন্ন হৈ গৈছে আৰু সেই সমস্যাত সম্প্রতি তেওঁ জটিলতাৰ পৰা মুক্ত হৈছে৷ বাকী দুটা ৰোগত তেওঁ নতুনকৈ আক্রান্ত হৈছে যদিও চিকিৎসা চলি আছে৷
কিন্তু তাৰ পাছতো তেওঁৰ শাৰীৰিক পৰিস্থিতিৰ উন্নতি ঘটা বুলি চিকিৎসকে প্রতিবেদন দিয়ে৷ এই প্রতিবেদন আজিয়েই আদালতত দাখিল কৰে আৰক্ষীয়ে৷ ইয়াৰ পাছতে আজি গুৱাহাটী উচচ ন্যায়ালয়ে বিষয়টোৰ শুনানি গ্রহণ কৰি তেওঁৰ অন্তৱর্র্তীকালীন জামিন বৃদ্ধি নকৰি আত্মসমর্পণ কৰিবৰ বাবে নির্দেশ দিয়ে৷ পল্লৱী শর্মাক আদালতে অহা ২৪ আগষ্টৰ ভিতৰত ৰাজ্যৰ বিশেষ আদালতত আত্মসমর্পণ কৰিবলৈ নির্দেশ দিয়ে৷ ফলত তেওঁৰ পুনৰ কাৰাগাৰ যাত্রা নিশ্চিত হৈ পৰিছে৷
পূর্বৰ নির্দেশ অনুসৰি পল্লৱী শর্মাৰ আজিলৈকে জামিন মঞ্জুৰ হৈছিল৷ প্রণিধানযোগ্য যে তেওঁক পিতৃৰ শুশ্রূষাৰ বাবে অন্তৱর্র্তীকালীন জামিন প্রদান কৰি আদালতে পিতৃৰ শুশ্রূষাৰ বাহিৰে অন্য কাম কৰাত বাধা প্রদান কৰাৰ লগতে লগত সকলো সময়তে এগৰাকী মহিলা আৰক্ষী নিয়োগ কৰিছিল৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি