নলবাৰী : নলবাৰীৰ পানীগাঁৱত অৱস্থিত ছেইণ্ট মেৰিজ স্কুলৰ মুৰব্বী ফিলিপছ ফাদাৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ ৰান্ধনী যুৱতীগৰাকীয়ে৷ অভিযোগমতে, ফাদাৰজনে বিদ্যালয়খনত থকা ৰান্ধনীগৰাকীৰ কোঠাত সোমাই বলাত্কাৰৰ চেষ্টা চলাইছিল৷ যুৱতীগৰাকীয়ে নিজকে ৰক্ষা কৰিবলৈ সফল হোৱাত ফাদাৰজনে লাঠী লৈ আক্ৰমণৰ চেষ্টা চলায়৷
যুৱতীগৰাকীয়ে ফিলিপছ ফাদাৰৰ বিৰুদ্ধে ইতিমধ্যে বেলশৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷ অভিযোগ মতে, লম্পট ফাদাৰজনে বিদ্যালয়খনত পূৰ্বেও এনে কাৰ্য আন মহিলা কৰ্মচাৰীৰ সৈতে সংঘটিত কৰিছে, যাৰ বাবে বহু কৰ্মচাৰী বিদ্যালয়খনৰ পৰা আঁতৰি যাব লগা হৈছে৷ বিভিন্ন বিতৰ্কৰে বাতৰিৰ শিৰোনাম দখল কৰা কেথলিক মিছনৰ ছেইণ্ট মেৰিজ স্কুলখনৰ অভিযুক্ত ফিলিপছ ফাদাৰ আৰু তেওঁৰ সহযোগীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজে।