Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 9:19 am

Home » আঞ্চলিক » ছাত্র-ছাত্রী নথকাত বন্ধ ২১৭ খন শিক্ষানুষ্ঠান

ছাত্র-ছাত্রী নথকাত বন্ধ ২১৭ খন শিক্ষানুষ্ঠান


গুৱাহাটী : যি সময়ত ৰাজ্যৰ শিক্ষা বিভাগে প্রাথমিক আৰু মাধ্যমিক শিক্ষা বিকাশৰ বাবে শিক্ষক নিযুক্তিকে ধৰি কেতবোৰ ব্যৱস্থা গ্রহণ কৰি শিক্ষাৰ মান উন্নীতকৰণৰ চেষ্টা কৰিছে সেই সময়তে কিন্তু শিক্ষানুষ্ঠানসমূহত শিক্ষক ভাগ বটোৱাৰ প্রয়োজনীয় নীতি-নিয়ম উলংঘা কৰাৰ ফলত শিক্ষক নাটনিৰ বাবে শিক্ষা ব্যৱস্থাটোকে কলুষিত কৰিছে৷
একেদৰে চৰকাৰী শিক্ষানুষ্ঠানসমূহত দ্রুতহাৰত শিক্ষার্থীৰ সংখ্যা হ্রাস হোৱাৰ ফলত ৰাজ্যখনত হেজাৰোধিক শিক্ষানুষ্ঠান বন্ধ হৈ গৈছে৷ ৰাজ্য চৰকাৰে প্রাথমিকৰ পৰা মাধ্যমিক পর্যায়ৰ শিক্ষানুষ্ঠানসমূহ একত্রিকৰণ কৰি ছাত্র-ছাত্রীৰ অনুপাতে শিক্ষক নিয়োগ কৰাৰ ব্যৱস্থা কৰিছে যদিও বর্তমান একাংশ শিক্ষা বিষয়াৰ অৱহেলাৰ বাবেই আঁচনিখন সফলভাৱে ৰূপায়ণ হোৱা নাই৷
উল্লেখনীয় যে ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠানসমূহত ছাত্র-ছাত্রীৰ অনুপাত হ্রাস হোৱাৰ বাবে কৰা একত্রিকৰণৰ ব্যৱস্থাৰ ফলত যোৰহাট আৰু মাজুলী জিলাত বর্তমানলৈকে মুঠ ২৮৮ খন শিক্ষানুষ্ঠান বন্ধ হৈ গৈছে৷ শিক্ষা বিভাগৰ পৰা পোৱা তথ্য মতে যোৰহাট আৰু মাজুলীত প্রথম পর্যায়ত ৩৫ খন প্রাথমিক বিদ্যালয় আৰু ১৪১ খন এম ই স্কুল ১৪৩ খন হাইস্কুলৰ লগত একত্রিকৰণ কৰে৷ দ্বিতীয় পর্যায়ত ৪৮ খন এম ই স্কুলৰ লগত ৪৯ খন প্রাথমিক বিদ্যালয় মার্চ কৰে৷
আনহাতে, তৃতীয় পর্যায়ত ১২৯ খন প্রাথমিক বিদ্যালয়ৰ লগত ১৪৪ খন প্রাথমিক বিদ্যালয় সংলগ্ন কৰি দিয়ে৷ এনেদৰে যোৰহাট আৰু মাজুলীত বিদ্যালয়সমূহ একত্রিকৰণ আৰু সংলগ্ন কৰাৰ ফলত মুঠ ২৮৮ খন বিদ্যালয় বন্ধ হৈ পৰে৷ শিক্ষা বিভাগৰ সূত্রে জানিব পৰা মতে যিসমূহ বিদ্যালয় বন্ধ হৈ গৈছে সেইসমূহৰ আচবাব, গৃহ আদি সংলগ্ন হোৱা বিদ্যালয়খনে ব্যৱহাৰ কৰাৰ কর্তৃত্ব প্রদান কৰিছে৷
প্রাথমিক সন্মিলনীৰ এক সূত্র মতে সমগ্র অসমত মুঠ ২৬০০ খন শিক্ষানুষ্ঠান একত্রিকৰণ হৈছে৷ ইয়াৰউপৰি ছাত্র-ছাত্রীৰ অভাৱত ৰাজ্যখনত ২১৭ খন বিদ্যালয় সম্পূর্ণৰূপে বন্ধ হৈ পৰে৷ উল্লেখ কৰিব লগীয়া যে ৰাজ্যখনৰ ২৬০০ খন শিক্ষানুষ্ঠান একত্রিকৰণৰ পাছতো শিক্ষকসকলক ছাত্র-ছাত্রী অনুপাতে বিদ্যালয়সমূহত নিয়োগ নকৰাত বহু বিদ্যালয় এতিয়াও এজনীয়া শিক্ষকেৰে চলাব লগা হৈছে৷ অকল যোৰহাট জিলাতে বর্তমান ১১৫ খন শিক্ষানুষ্ঠান এজনীয়া শিক্ষকে চলাই আহিছে৷
জানিব পৰা মতে, যোৰহাটৰ উত্তৰ পশ্চিম শিক্ষাখণ্ডত ২০ খন, পূব যোৰহাট শিক্ষাখণ্ডত ২৬ খন, মধ্য যোৰহাট শিক্ষাখণ্ডত ২৭ খন, বাঘচোং শিক্ষাখণ্ডত ২৫ খন আৰু তিতাবৰ শিক্ষাখণ্ডৰ অন্তর্গত ২৩ খন বিদ্যালয়ত এজনীয়া শিক্ষকেৰে চলাই আহিছে৷ অতি পৰিতাপৰ বিষয় যে চিপাহীখোলা শিক্ষাখণ্ডৰ অন্তর্গত ৯৫ নং কলিয়াপানী বাগান প্রাথমিক বিদ্যাললয়ত ২০২ জন ছাত্র-ছাত্রীৰ অনুপাতে মাত্র এজন শিক্ষকে পাঠদান কৰিব লগীয়া হোৱাটোৱে শিক্ষাৰ মান কোন দিশে ধাৱমান হৈছে তাকে সূচাইছে৷
উল্লেখ কৰিব লগীয়া যে যোৰহাটত বিদ্যালয় একত্রিকৰণৰ ফলত মুঠ ২৮৮ খন বিদ্যালয় বন্ধ হৈ পৰিছে৷ এই বিদ্যালয়সমূহত থকা শিক্ষকসকল একত্রিকৰণ হোৱা বিদ্যালয়সমূহত চামিল হৈছে৷ কিন্তু কার্যক্ষেত্রত দেখা গৈছে যে একত্রিকৰণৰ ফলত কিছুসংখ্যক বিদ্যালয়ত কমসংখ্যক শিক্ষার্থীৰ বিপৰীতে গৰিষ্ঠসংখ্যক শিক্ষক-শিক্ষয়িত্রী চামিল হোৱা দেখা গৈছে৷ যি সময়ত জিলাখনত ১১৫ খন বিদ্যালয়ত এজনীয়া শিক্ষকে পাঠদান চলাই আহিছে, সেই সময়ত অন্য একাংশ বিদ্যালয়ত বেছি শিক্ষক নিযুক্ত হোৱাটোৱে যোৰহাটৰ শিক্ষা বিভাগত হোৱা নৈৰাজ্যতা ওলাই পৰিছে৷
যি সময়ত ৰাজ্যখনত অক্টোবৰ মাহত শিক্ষা বিভাগে গুণোৎসৱ পাতিছে সেই সময়তে ৰাজ্যখনত এজনীয়া শিক্ষকে পাঠদান কৰা বিদ্যালয়সমূহত কেনে মূল্যায়ন হ’ব সেয়া সহজে অনুমেয়৷ বিদ্যালয়সমূহত অতিৰিক্তভাৱে নিয়োজিত হৈ থকা শিক্ষকসকলক চৰকাৰে শিক্ষক নথকা বিদ্যালয়লৈ নপঠোৱাত শিক্ষানুষ্ঠানসমূহত পাঠদানত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে৷
গুণোৎসৱ পাতি শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ মান উন্নীত কৰিব বিচৰা শিক্ষা বিভাগে শিক্ষক নাটনিৰ ব্যৱস্থাটোত গুৰুত্ব দিয়াৰ প্রয়োজনীয়তা আহি পৰিছে৷ আজি যোৰহাট জিলা ছাত্র সন্থাই ৰাজ্যৰ মুখ্যমন্ত্রীলৈ এজনীয়া শিক্ষকৰ সমস্যা নির্মূল কৰিবলৈ স্মাৰক পত্রও প্রেৰণ কৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি