Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:41 am

Home » আঞ্চলিক » আজৰি পৰৰ ইতিবাচক চিন্তাৰ প্ৰশংসনীয় পদক্ষেপ : গােলাঘাটত বানাক্ৰান্ত ছাত্র-ছাত্ৰীসকলৰ মাজত বিনামূলীয়াকৈ স্কুলীয়া সামগ্রী বিতৰণ

আজৰি পৰৰ ইতিবাচক চিন্তাৰ প্ৰশংসনীয় পদক্ষেপ : গােলাঘাটত বানাক্ৰান্ত ছাত্র-ছাত্ৰীসকলৰ মাজত বিনামূলীয়াকৈ স্কুলীয়া সামগ্রী বিতৰণ


গুৱাহাটী : জনপ্রিয় সামাজিক মাধ্যম ফেচবুক গােটৰ পৰা পৰৱৰ্তী সময়ত বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা হিচাপে প্রতিষ্ঠিত হােৱা “আজৰি পৰৰ ইতিবাচক চিন্তা ” চমুকৈ এপিআইচিয়ে গােলাঘাট জিলাত বানাক্ৰান্ত ছাত্র-ছাত্রীসকলৰ মাজত বিনামূলীয়াকৈ স্কুলীয়া সা-সামগ্রী বিতৰণ কৰে। শেহতীয়াকৈ গােলাঘাট জিলাত হােৱা কালৰূপী বানে জিলাখনৰ ভিন্ন প্রান্তত ব্যাপক ক্ষতিসাধন কৰে। ফলত বানাক্ৰান্ত ছাত্র-ছাত্রীসকলৰ ভৱিষ্যৎ দিশৰ কথা চিন্তা কৰি বন্যার্তসকলক যৎকিঞ্চিত সহায় আগবঢ়োৱাৰ স্বাৰ্থত সহায়-সহযােগ কৰিবলৈ সংস্থাটোৱে নিজৰ ফেচবুক গােটৰ জৰিয়তে এক মুকলি আহ্বান জনায়। উক্ত আহ্বানত সুহৃদয়বান লােকে পূর্ণ সমর্থন জনাই মুক্তভাৱে আগবঢ়োৱা দানবৰঙণিৰ ফলত সংস্থাটোৱে আজিৰ এই বিশেষ কার্যসূচী হাতত লয়। 
পূর্ব পৰিকল্পিত কাৰ্যসূচীৰ অংশ হিচাপে ২০ আগষ্টত সংস্থাটোৰ সম্পাদক আব্দুল ৰেকিবৰ নেতৃত্বত যােৱা দলটোৱে গােলাঘাট শিক্ষখণ্ডৰ অন্তৰ্গত বৰবিল প্রাথমিক বিদ্যালয়, লেতেকু চাপৰি প্রাথমিক বিদ্যালয়, গান্ধীগাঁও প্রাথমিক বিদ্যালয়, খুমতাই আদর্শ প্রাথমিক বিদ্যালয়, চুঙীহুলা প্রাথমিক বিদ্যালয়, বগৰিণী প্রাথমিক বিদ্যালয়ৰ মুঠ ২৫০ ছাত্র-ছাত্রীক এটাকৈ স্কুলবেগ, তিনিডালকৈ কাঠপেঞ্চিল, এডােখৰকৈ ৰবৰ, চাৰিখনকৈ বহী, এডােখৰকৈ ডেটল চাবােন, এপাতকৈ স্কেল আৰু একোখনকৈ পেঞ্চিল কটা মেচিন বিনামূলীযা়কৈ বিতৰণ কৰে। “সৃষ্টি লুইত টু থেমচ” নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাৰ বিমান বৰকটকী আৰু নীলাক্ষী বৰকটকীৰ সক্রিয় সহযােগত হাতত লােৱা সংস্থাটোৰ এনে ব্যতিক্রমী কাৰ্যসূচীৰ বাবে বিভিন্ন মহলে ভূয়সী প্রশংসা কৰে। 
ইপিনে এই কাৰ্যসূচী সন্দৰ্ভত সংস্থাটোৰ প্রতিষ্ঠাপক সভাপতি আছফিয়া আহমেদে কয় যে— আজিৰ দিনটো ‘আজৰি পৰৰ ইতিবাচক চিন্তা’ৰ বাবে সঁচাকৈয়ে অতি আনন্দৰ দিন। “মানুহে মানুহৰ বাবে” শীর্ষক নীতিত বিশ্বাসী সংস্থাটোৱে সদায়েই দুর্গতজনৰ বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াই আহিছে আৰু ভৱিষ্যতেও এনেদৰে সহায়ৰ হাত আগবঢ়াই যােৱা বাবে প্রতিজ্ঞাৱদ্ধ। আজিৰ এই বিশেষ কার্যসূচীৰ সফল ৰূপায়নৰ ক্ষেত্রত বিভিন্ন দিশত সহায়-সহাযােগিতা আগবঢ়োৱা সদৌটিকে সংস্থাটোৰ হৈ প্ৰতিষ্ঠাপক সভাপতিগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি