নগাওঁ : সাধাৰণ ৰাইজৰ ক্ষেত্রত নগাঁও আৰক্ষীৰ আইন অতি কঠোৰ হ’লেও ধনৱান, ক্ষমতাশালী ৰাজনৈতিক নেতা, মন্ত্রীৰ ক্ষেত্রত নগাঁও আৰক্ষীৰ আইন শিথিল হৈ পৰা পৰিলক্ষিত হৈছে৷
নগাঁও জিলা বিজেপিৰ যুৱ মর্ৰ এজন সক্রিয় সদস্যৰ পত্নীয়ে কেন্দ্রীয় ৰে’ল ৰাজ্যমন্ত্রী, নগাঁৱৰ সাংসদ ৰাজেন গোঁহাইৰ বিৰুদ্ধে তেওঁৰ লগতে তেওঁৰ স্বামীৰ ভগ্নীক চৰকাৰী চাকৰি দিয়াৰ নামত তেওঁলোকৰ লগত শাৰীৰিক সম্পর্ক স্থাপন কৰা, তেওঁলোকৰ অশ্লীল ফটো তেওঁৰ হাতত থকা বুলি ব্লেকমেইলিং কৰা, মহিলাগৰাকীৰ স্বামীক মৃত্যুৰ ভাবুকি প্রদান কৰা আদি অতি গুৰুতৰ অভিযোগেৰে নগাঁও সদৰ আৰক্ষী থানা আৰু নগাঁৱৰ আৰক্ষী অধীক্ষকৰ হাতত যোৱা ২৮ জুলাই আৰু ১ আগষ্টত পৃথকে দুখন এজাহাৰ দাখিল কৰিছিল৷
নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াই এজাহাৰ গ্রহণ কৰিও কোনো গোচৰ পঞ্জীভুক্ত নকৰি ভুক্তভোগী মহিলাগৰাকীক আদালতৰ কাষ চপাৰহে পৰামর্শ দিছিল যদিও পহিলা আগষ্টত মহিলাগৰাকীয়ে ন্যায় বিচাৰি নগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাষ চাপি তেওঁৰ হাততো এখন এজাহাৰ দাখিল কৰাত আৰক্ষী অধীক্ষকে সেইদিনাই এটা গোচৰ পঞ্জীভুক্ত কৰিবলৈ নগাঁও সদৰ আৰক্ষীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়ালৈ এটি টোকা লিখি নির্দেশ দিয়ে৷
আৰক্ষী অধীক্ষকৰ নির্দেশৰ পাছতো নগাঁও সদৰ আৰক্ষী থানাই মহিলাগৰাকীয়ে দাখিল কৰা এজাহাৰ মর্মে গোচৰটো ২ আগষ্টতহে পঞ্জীভুক্ত কৰে৷ ভুক্তভোগী মহিলাগৰাকীয়ে কেন্দ্রীয় ৰে’ল ৰাজ্যমন্ত্রী ৰাজেন গোহঁাইৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা দিনটোৰ পৰাই নগাঁও আৰক্ষীয়ে ভুক্তভোগীক ন্যায় প্রদানৰ বিপৰীতে অভিযুক্তকহে ৰক্ষণাবেক্ষণত বিশেষ গুৰুত্ব আৰোপ কৰি অহা পৰিলক্ষিত হৈছে৷
ভুক্তভোগী মহিলাগৰাকীৰ গোচৰটো গ্রহণত থেৰো-গেঁৰো কৰা নগাঁও আৰক্ষীয়ে ৰাজেন গোহঁাইৰ পুত্র নৱাৰুণ গোহঁায়ে ২ আগষ্টত ভুক্তভোগী মহিলাগৰাকীৰ স্বামীৰ বিৰুদ্ধে ব্লেকমেইলিঙৰ অভিযোগ তুলি দাখিল কৰা এজাহাৰখন হাতত লৈয়েই গোচৰ পঞ্জীভুক্ত কৰাত বিশেষভাৱে তৎপৰ হৈ পৰা পৰিলক্ষিত হয়৷ কেন্দ্রীয় ৰে’ল ৰাজ্যমন্ত্রী ৰাজেন গোহঁাইৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত যোৱা ২ আগষ্টতে ২৫৯২২০১৮ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধিৰ ৪১৭৩৭৬৫০৬ ধাৰাৰ অধীনত গোচৰ পঞ্জীভুক্ত হৈছিল যদিও সেই গোচৰ পঞ্জীভুক্ত হোৱাৰ আজি ১৮ দিন উকলি যোৱাৰ পাছতো নগাঁও আৰক্ষীয়ে গোঁহাইক সোধা-পোছা কৰিবলৈ সাহস গোটাব পৰা নাই৷
আৰক্ষীৰ পক্ষপাতদুষ্ট ভূমিকাৰ বাবেই ন্যায় প্রাপ্তিৰ ক্ষেত্রত চৰম অনিশ্চয়তাত ভুগিব লগীয়া হৈছে ভুক্তভোগীৰ পৰিয়াল৷ ইপিনে, এই এজাহাৰ দাখিলৰ পাছতেই কেন্দ্রীয় ৰে’ল ৰাজ্যমন্ত্রী ৰাজেন গোঁহাই টেলিফ’ন যোগে ভুক্তভোগীৰ স্বামীক বিভিন্ন ভাবুকি দিয়াৰ পাছতেই চৰম নিৰাপত্তাহীনতাত ভোগে ভুক্তভোগীৰ পৰিয়ালটো৷ গোহঁাইৰ লগতে তেওঁৰ স্তাৱক বাহিনীৰ পৰা সঘনাই বিভিন্ন ভাবুকি পাবলৈ ধৰাত ত্রস্তমান হৈ পৰা ভুক্তভোগীৰ স্বামীয়ে পত্নীক লগত লৈ যোৱা ৪ আগষ্টত সদৰ আৰক্ষী থানাত গোচৰটো প্রত্যাহাৰৰ বাবে এখন লিখিত আৱেদন দাখিল কৰে৷
কিন্তু যিহেতু ৰাজেন গোঁহাইৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগত জামিনবিহীন ধাৰাত গোচৰটো পঞ্জীভুক্ত হয় আৰু ইতিমধ্যেই এজাহাৰকাৰী মহিলাগৰাকীৰ জবানবন্দী ফৌজদাৰী বিধিৰ ১৬১ ধাৰাৰ অধীনত দণ্ডাধীশৰ ওচৰত লিপিবদ্ধ কৰোৱা হয়, সেইবাবে সমগ্র গোচৰটো আইনী প্রক্রিয়াৰ মাজেৰে গতি কৰাত গোচৰটো প্রত্যাহাৰ কৰিব পৰা নগ’ল৷ নগাঁও আৰক্ষীয়ে মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষা পর্যন্ত সম্পাদন নকৰিলে৷
তদুপৰি এজাহাৰকাৰী পৰিয়ালটোক কোনোধৰণৰ নিৰাপত্তা প্রদান নকৰাত চৰম নিৰাপত্তাহীনতাত ভুগি তেওঁলোকে আত্মগোপন পর্যন্ত কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ গোচৰটোৰ সত্যতা-অসত্যতা নিৰূপণৰ বাবে হ’লেও আৰক্ষীয়ে তদন্ত আগবঢ়াই নিব লাগিছিল যদিও ২ আগষ্টৰ পৰাই গোচৰটো গেঁঠেলা মাৰে৷ প্রতাপী কেন্দ্রীয় মন্ত্রী, সুদীর্ঘ বছৰৰ নগাঁৱৰ সাংসদ ৰাজেন গোহঁাইক নগাঁও আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দি অহাৰ পৰিপ্রেক্ষিতত জিলাখনৰ বিভিন্ন দল, সংগঠনে সবল প্রতিবাদ অব্যাহত ৰাখিছে৷
কেন্দ্রীয় ৰে’ল ৰাজ্যমন্ত্রী ৰাজেন গোহঁাইক সাংসদ পদ আৰু মন্ত্রী পদৰ পৰা অপসাৰণ কৰা, অতি শীঘ্রে তেওঁক গ্রেপ্তাৰ কৰাৰ দাবীত জাতীয়তাবাদী যুৱ- ছাত্র পৰিষদ, কৃষক মুক্তি সংগ্রাম সমিতিৰ লগতে বিভিন্ন মহিলা সংগঠনেও নগাঁও জিলাৰ বিভিন্ন ঠাইত প্রতিবাদ অব্যাহত ৰাখিছে৷ আনকি ৰাষ্ট্রীয় মহিলা আয়োগৰ অধ্যক্ষা, লোক সভাৰ অধ্যক্ষালৈকো স্মাৰক-পত্র প্রেৰণ কৰিছে একাধিক মহিলা সংগঠনে৷ চৌদিশে জ্বলিছে ৰাজেন গোঁহাইৰ পুত্তলিকা, ৰাজেন গোহঁাই মুর্বাদ ধবনিত মুখৰিত হৈছে নগাঁও৷
ইমানৰ পাছতো নগাঁও আৰক্ষীয়ে ৰাজেন গোহঁাইক ৰক্ষণাবেক্ষণ দিয়াটোকেই প্রাধান্য দি অহাত ৰাইজৰ ক্ষোভ দুগুণে বৃদ্ধি পাইছে৷ ইপিনে আজি দুপৰীয়া নগাঁও প্রেছ ক্লাবত এক সংবাদমেল আয়োজন কৰি কেন্দ্রীয় ৰে’ল ৰাজ্যমন্ত্রী ৰাজেন গোহঁাইৰ লগতে নগাঁও আৰক্ষীৰ বিৰুদ্ধে সৰৱ হৈ পৰে কৃষক শ্রমিক উন্নয়ন পৰিষদ, অসমৰ কেন্দ্রীয় সমিতিৰ সভাপতি প্রদীপ কলিতা আৰু সংগঠনটোৰ অন্য বিষয়ববীয়া৷
সংবাদমেলত কেন্দ্রীয় ৰে’ল ৰাজ্যমন্ত্রী ৰাজেন গোহঁাইক অসমৰ ৰাজনৈতিক জগতৰ সর্বকালৰ নিকৃষ্ট আৰু কলংকিত ব্যক্তি আখ্যা দি কৃষক শ্রমিক উন্নয়ন পৰিষদ অসমৰ সভাপতি প্রদীপ কলিতাই কয়, ‘এইগৰাকী ৰাজেন গোঁহাইৰ বিৰুদ্ধে জিলাখনৰ এগৰাকী মহিলাই যৌন নির্যাতনৰ অভিযোগ তুলি নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল৷ এজাহাৰ দাখিল কৰাৰ পাছত গোহঁাইৰ বিৰুদ্ধে গোচৰ পঞ্জীভুক্ত হোৱাৰ পাছতো নগাঁও আৰক্ষীয়ে তেওঁক গ্রেপ্তাৰ কৰাটো দূৰৈৰ কথা, সামান্যতম সোধা- পোছা কৰিবলৈকো সাহস গোটাব পৰা নাই৷ যিটো অতি দুর্ভাগ্যজনক বিষয়৷’
সংবাদমেলত কলিতাই ৰাজেন গোহঁাইৰ নবৈব দশকৰ কেতবোৰ নাৰী কেলেংকাৰিৰ কথাও উল্লেখ কৰে৷ কলিতাই কয়, ‘যদিহে অহা বৃহস্পতিবাৰৰ ভিতৰত ৩৭৬ ধাৰা মর্মে আৰক্ষীয়ে ৰাজেন গোহঁাইক গ্রেপ্তাৰ নকৰে, তেন্তে শনিবাৰৰ পৰা পৰিষদে নগাঁৱত বিভিন্ন আন্দোলনৰ কার্যসূচী গ্রহণ কৰিব৷ আৰক্ষীয়ে গোহঁাইক গ্রেপ্তাৰ নকৰা পর্যন্ত সংগঠনটোৱে নগাঁৱত এই আন্দোলনৰ কার্যসূচী অব্যাহত ৰাখিব বুলিও কলিতাই সংবাদমেলত হুংকাৰ দিয়ে৷ সংবাদমেলত পৰিষদৰ সাধাৰণ সম্পাদক অম্লানজ্যোতি মহন্ত, যুটীয়া সম্পাদক উৎপল বৰুৱাও উপস্থিত থাকে৷
আনহাতে, কালি সন্ধিয়া অবিভক্ত নগাঁও জিলাৰ ডবকাতো কৃষক মুক্তি সংগ্রাম সমিতিয়ে কেন্দ্রীয় ৰে’ল ৰাজ্যমন্ত্রী ৰাজেন গোহঁাইক গ্রেপ্তাৰৰ দাবীত প্রতিবাদ সাব্যস্ত কৰাৰ লগতে গোঁহাই পুত্তলিকাও দাহ কৰে৷ কেন্দ্রীয় ৰে’ল ৰাজ্যমন্ত্রী ৰাজেন গোহঁাইৰ বিৰুদ্ধে বিজেপিৰ ভাতৃ সংগঠন বিজেপি যুৱ মর্ৰ নগাঁও জিলা সমিতিৰ এজন সক্রিয় সদস্যৰ ২০২২ বছৰীয়া পত্নীয়ে বলাৎকাৰৰ অভিযোগ তুলি নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ দিনৰে পৰা নগাঁৱলৈ অহা নাই কেন্দ্রীয় মন্ত্রীজন৷
তেওঁৰ নগাঁও আগমনৰ লগে লগেই বিভিন্ন দল, সংগঠনে প্রতিবাদেৰে নগাঁও কঁপাই তোলাৰ শংকাতেই তেওঁ দিল্লীৰ পৰা নগাঁৱলৈ অহা নাই বুলি ৰাইজৰ মাজত চৰ্চা আৰম্ভ হৈছে৷ ইপিনে, গোঁহাইৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগৰ সন্দর্ভত ৰাজ্যিক বিজেপি আৰু দলৰ হাইকমাণ্ডো জ্ঞাত হোৱাৰ পাছতো এই পর্যন্ত কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ নকৰাত ৰাইজৰ মাজত অসন্তুষ্টিৰ জোৱাৰ উঠিছে৷ এই গোচৰটোৰ সন্দর্ভত নগাঁও জিলা বিজেপি, নগাঁও জিলা অগপ, জিলা কংগ্রেছৰ মৌনতাইও ৰহস্যৰ সৃষ্টি কৰিছে৷