বৰপেটাৰোড : বৰপেটাৰোডৰ শ্মশান ৰ’ড আনন্দ নগৰ নিবাসী তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা নৱকমল দাসৰ একমাত্ৰ পুত্ৰ অভিযন্তা ৰাহুল দাস (২৪)ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা বেঁকী নৈত গা ধুবলৈ গৈ কালি অকাল মৃত্যু হয় ৷ বৰপেটা চহৰৰ জিঅ’ত কৰ্মৰত ৰাহুলে তেওঁৰ সহকৰ্মীসকলৰ লগত কালি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰিলৈ প্ৰীতিভোজ খাবলৈ গৈছিল৷ দিনৰ ২ মান বজাত তাত থকা বেঁকী নৈত বন্ধুসকলৰ লগত গা ধুই থাকোঁতে নৈৰ প্ৰবল সোঁতে ৰাহুলক উটুৱাই নিয়ে৷ ফলত থিতাতে মৃত্যু হয় ৰাহুলৰ৷ পাছত আবেলি ৫ মান বজাত ৰাহুলৰ মৃতদেহ কিছু দূৰৈত উদ্ধাৰ হয় ৷ ৰাহুলৰ এই আকস্মিক মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰ লোকে৷ সেয়ে কালি নিশা মোমায়েক শুভাংকৰ চৌধুৰীয়ে ৰাহলৰ মৃত্যুক ষড়যন্ত্ৰমূলক আখ্যা দি গোৱৰ্দ্ধনা থানাত এজাহাৰ দাখিল কৰি উপযুক্ত তদন্ত কৰিবলৈ দাবী জনায়৷ সেই মৰ্মে গোৱৰ্দ্ধনা আৰক্ষীয়ে ৰাহুলৰ লগত ঘটনাস্থলীত উপস্থিত থকা ৰাহুল কলিতা (গুৱাহাটী), জিতুল ভূঞা (বৰপেটা), জিন্টমনি নাথ (সৰভোগ), ধনজিত্ চৌধুৰী (নলবাৰী), ৰবীন্দ্ৰনাথ ব্ৰহ্ম (ঢালিগাঁও), পিংকু শইকীয়া (সুন্দৰীদিয়া), ৰণজিত্ দাস (জালুকবাৰী), ছাহিদুল ৰহমান (হাউলী), হাবিবুৰ ৰহমান (বৰপেটা), ইক্ৰাম হুছেইন (বৰপেটা) আৰু ত্ৰিদীপ সুত্ৰধৰ (সুন্দৰীদিয়া)ক আটক কৰি ২৬৫/২০১৮ নম্বৰত এক গোচৰ ৰুজু কৰে৷ আজি তেওঁলোকক মছলপুৰ আদালতত হাজিৰ কৰা হয়৷ পাছত আদালতে ৭ জনক নলবাৰী জে’ললৈ প্ৰেৰণ কৰে৷ আনহাতে, ৰাহুল কলিতা, জিতুল ভূঞা, জিন্টমনি নাথ, ধনজিত্ চৌধুৰীক পুনৰ আৰক্ষীৰ জিম্মাত লোৱা হয় ৷
প্ৰত্যক্ষদৰ্শী স্থানীয় ৰাইজে ঘটনা সম্পৰ্কত কি কয় ?
ঘটনাটোৰ বিষয়ে এক চৰজমিন তদন্ত কৰাৰ বাবে কালি আবেলি উপস্থিত হৈছিলোঁ ঘটনা সংঘটিত বেঁকী নদীৰ পাৰৰ নাৰায়ণগুৰিত৷ তাত উপস্থিত হৈয়ে দেখিলোঁ খৰস্ৰোতা বেঁকী নৈৰ পানী তীব্ৰ বেগত বৈ আছে৷ একাংশ স্থানীয় ৰাইজে আমাক ঘটনা সংঘটিত হোৱা বেঁকী নৈৰ পাৰৰ বগৰী গছডাল দেখুৱাই দিলে৷ একাংশ প্ৰত্যক্ষদৰ্শী ৰাইজে আমাক জনোৱা মতে, দিনৰ এক বাজি যোৱাৰ পাছত ৬খনমান বাইকত ১২জন যুৱক তালৈ আহে৷ তাৰপাছত তেওঁলোকৰ বেছিভাগেই গা ধুবলৈ বগৰী গছডালৰ কাষৰ বেঁকী নৈত নামি পৰে৷ দীৰ্ঘ সময় ধৰি তেওঁলোকে অত্যাধিক হাঁহি, তামাচা-ফূৰ্তি কৰি তাতে জলকেলি কৰি থাকে৷ এটা সময়ত তেওঁলোকৰ কেইজনমানৰ তামাচা-ফূৰ্তিৰ পৰিমাণ বেছি হোৱাত তেওঁলোকক তেনে নকৰিবলৈ স্থানীয় লোকে কোৱাৰ লগতে খৰস্ৰোতা বেঁকী নৈত তেনেকৈ খেলি নাথাকিবলৈ সকীয়াই দিয়ে৷ কিন্তু তেওঁলোকে সেইবোৰলৈ গুৰুত্ব নিদি হাঁহি-ধেমালি কৰিয়ে থাকে৷ তেনে কৰি থাকোঁতেই গভীৰ পানীৰ সোঁতত হঠাতে সোমাই পৰে ৰাহুল৷ লগে লগে তেওঁলোকৰ মাজত হুৱা-দুৱা লাগে৷ স্থানীয় ৰাইজেও ঘটনাটো গম পাই উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও ইতিমধ্যে পানীৰ প্ৰবল সোঁতে ৰাহুলক ভালেখিনি উটুৱাই লৈ যায়৷ কিছু সময় পাছত ৰাইজে আপ্ৰাণ চেষ্টা কৰি ৰাহুলক উদ্ধাৰ কৰে যদিও ইতিমধ্যে তেওঁৰ প্ৰাণ বায়ু উৰি যায়৷ অৱশ্যে আৰক্ষীৰ তদন্ততহে ঘটনাটো প্ৰকৃতকে কেনেকৈ সংঘটিত হৈছিল সেয়া সময়ত ওলাই পৰিব৷