মৰিগাঁও : কেঁচু খান্দোতে সাপ ওলাইছে মৰিগাঁৱত৷ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ দলিল স্বৰূপ এন আৰ চিৰ কামত বিদেশী নিয়োজিত হৈ থকাৰ তথ্য মৰিগাঁৱৰ সংবাদ মাধ্যমে পোহৰলৈ অনাৰ পাছত ৰাজ্যজুৰি তুমুল চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে ৰাষ্ট্রীয় পর্যায়তো বিশেষ চৰ্চা লাভ কৰাৰ সময়তে দেশৰ সার্বভৌমিত্বৰ প্রতি ভাবুকি কঢ়িয়াই আনিব পৰা স্পর্শকাতৰ বিষয়টোক লৈ একাংশ আৰক্ষীৰ ভূমিকাই ৰাইজৰ চকু কপালত তুলিছে৷
বিশেষকৈ মৰিগাঁও সীমান্ত শাখাৰ আৰক্ষীয়ে বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰা বিদেশীসমূহক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ উঠাৰ লগতে এই সন্দর্ভত ন-ন তথ্য পোহৰলৈ আহিছে৷ বিশেষকৈ মৰিগাঁও বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ৰায়দান কৰা অর্ধেকসংখ্যক বিদেশীয়ে মৰিগাঁও সীমান্ত শাখা আৰক্ষীৰ কৃপাত বর্তমানে মুক্ত আকাশৰ তলত বিচৰণ কৰি আছে৷ আমাৰ হাতত পৰা অভিযোগ অনুসৰি, মৰিগাঁও জিলাত আছে ৫খন বিদেশী ন্যায়াধিকৰণ আদালত৷
জিলাখনৰ ৫খন বিদেশী ন্যায়াধিকৰণ আদালতে বর্তমানলৈ পাঁচ সহস্রাধিক লোকক বিদেশী বুলি ৰায়দান কৰিছে৷ ইয়াৰে একাংশ গোচৰ গুৱাহাটী উচচ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে৷ বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ৰায়দান কৰা পাঁচ সহস্রাধিকৰ ভিতৰত মৰিগাঁও সীমান্ত শাখাৰ আৰক্ষীয়ে কিমানজনক ডিটেনশ্যন কেম্পলৈ প্রেৰণ কৰিলে বা সীমান্ত পাৰ কৰালে, সেই তথ্যইহে চকু কপালত তুলিছে৷ সীমান্ত শাখাৰ আৰক্ষীৰ এজন বিষয়াৰ পৰা জানিব পৰা মতে, বর্তমানলৈ ১৩০জন বিদেশীক সীমান্ত পাৰ কৰাৰ লগতে ১১৪জনক ডিটেনশ্যন কেম্পলৈ প্রেৰণ কৰা হৈছে৷ বিষয়াজনৰ তথ্য অনুসৰি, জিলাখনৰ মুঠ ২৪৪জন বিদেশীৰ ক্ষেত্রহে সীমান্ত শাখাৰ আৰক্ষীয়ে ব্যৱস্থা গ্রহণ কৰিবলৈ সক্ষম হৈছে৷ বাকী ন্যায়ালয়ে ঘোষণা কৰা বিদেশীসমূহ ক’ত অন্তর্ধান হ’ল সেয়া বর্তমান সময়ত এটা বৃহৎ প্রশ্ন৷
কিয়নো বিদেশী ন্যায়াধিকৰণ আদালতসমূহে বিদেশী বুলি ৰায়দান কৰা লোকসকলৰ তথ্য সম্বলিত কপি পোনপ্রথমে মৰিগাঁও আৰক্ষী অধীক্ষক আৰু সীমান্ত শাখা আৰক্ষীলৈ প্রেৰণ কৰা হয়৷ আৰু এই ক্ষেত্রত মৰিগাঁও আৰক্ষী কিম্বা সীমান্ত শাখা আৰক্ষীয়ে ইয়াৰ যথোচিত ব্যৱস্থা গ্রহণ কৰিব লাগে৷ কিন্তু দুর্ভাগ্যজনক বিষয় যে দেশৰ সার্বভৌমত্বৰ প্রতি প্রচণ্ড ভাবুকি কঢ়িয়াই অনা বিদেশীসমূহৰ প্রতি মৰিগাঁও সীমান্ত শাখাৰ আৰক্ষীয়ে দীর্ঘদিনে গ্রহণ কৰি আহিছে অতি নৰম স্থিতি৷
তদুপৰি সীমান্ত শাখাৰ জনৈক বৰা উপাধিৰ এজন আৰক্ষীৰ ভূমিকাক লৈ মৰিগাঁৱত সৃষ্টি হৈছে ব্যাপক চৰ্চা৷ এইজন আৰক্ষীৰ কৃপাতে মৰিগাঁৱত অর্ধেকসংখ্যক বিদেশীয়ে মুক্ত আকাশত তলত বিচৰণ কৰি থকা বুলি সর্বসাধাৰণৰ মাজত সৰৱ চৰ্চা চলিছে৷