তামাৰহাট : কাৰ্যালয়তো সংৰক্ষিত নহয় চৰকাৰে আবন্টন দিয়া দুখীয়া ৰাইজৰ সামগ্ৰী। ৰাইজলৈ যোগান ধৰাৰ আগতে ৰহস্যজনক ভাবে উদ্ধাৰ স্প্ৰে মেচিন৷ এনে এক ঘটনা পোহৰলৈ আহিছে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত হাতীধুৰা উন্নয়ন খণ্ডত।
জানিব পৰা মতে কাৰ্যালয়ৰ ভৰালগৃহত মজুত কৰি ৰখা সামগ্ৰীৰ পৰা চোৰে ঘৃহটোৰ কোনো ক্ষতি নকৰাকৈ তলা খুলি চুৰি কৰিলে স্প্ৰে মেচিন। তাৰে ভিতৰত ৩৫ টাকৈ স্প্ৰে মেচিন স্থানীয় ৰাইজে উদ্ধাৰ কৰে জঙ্গলৰ পৰা।
ঘটনাৰ বিবৰণী মতে, হাতীধুৰা উন্নয়নখণ্ডৰ ভৰাল গৃহৰ তলা খুলি শুকুৰবাৰে নিশা চোৰে কৃষকক দিয়াৰ বাবে চৰকাৰে আবন্টন দিয়া স্প্ৰে মেচিন লৈ যায়। আজি পূৱাৰ ভাগত উন্নয়ন খণ্ডটোৰ পিছপফালে এখন পৰিত্যাক্ত জংঘলত স্হানীয় ৰাইজে কিছুমান স্প্ৰে মেচিন প্ৰত্যক্ষ কৰি মেচিন বোৰ উন্নয়ন খণ্ডৰ বুলি সন্ধেহ কৰি উন্নয়ন খণ্ডটোৰ নৈশ পহৰা দিয়া ব্যাক্তিজনক খবৰ দিয়াত আচল ঘটনা পোহৰলৈ আহে।
উন্নয়ন খণ্ডৰ ভঁৰালৰ পৰা চোৰে তলা খুলি চুৰি কৰি নিয়া মেচিনৰ ৩৫ টা স্প্ৰে মেচিন নৈশ পহৰাৰ দায়িত্বত থকা ব্যক্তিজনে জংঘলৰ পৰা মেচিন উদ্ধাৰ কৰি কাৰ্য্যলয়ত লৈ যায় । ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতো দিনৰ বাৰ বজালৈ কোনো কৰ্মচাৰী কাৰ্য্যলয়ত উপস্হিত নোহোৱাত ৰাইজৰ মাজত আন এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বাৰ বজাৰ পাছত ভড়ালগৃহৰ দায়িত্বত থকা ৰায় উপাধিৰ ব্যাক্তিজনে ঘটনাস্হলীত উপস্হিত হৈ চুৰি হোৱা স্প্ৰে মেচিন বোৰ উন্নয়ন খণ্ডৰ নহয় বুলি কৈ চতুৰালি দেখুৱাই ঘটনাটো গাপ দিবলৈ চেষ্টা কৰাত ৰাইজৰ লগত বাক-বিতণ্ডৰ সৃষ্টি হয়।
ইফালে দিনৰ একমান বজাত খণ্ড উন্নয়ন বিষয়া জনে কাৰ্যলয়ত উপস্হিত হৈ ঘটনাটো তদন্ত কৰি মেচিন বোৰ উন্নয়ন খণ্ডৰ বুলি স্বীকাৰ কৰে। ঘটনা সংক্ৰান্তত খণ্ড উন্নয়ন বিষয়াজনে তামাৰহাট থানাত এক এজাহাৰ দাখিল কৰে। নৈশ পহৰা থকা সত্বেও চোৰে তলা খুলি কেনেকৈ মেচিন বোৰ চুৰি কৰিব পাৰিলে তাকে লৈ ৰাইজৰ মাজত সমালোচনাৰ সৃষ্টি হৈছে।
আনহাতে ৰায় উপাধিৰ কৰ্মচাৰীৰ লগত ভঁৰালৰ তলাৰ চাবি থকাৰ পিছতো কোনে কেনেকৈ ভঁৰালৰ তলা খুলিলে সেয়া আৰক্ষীৰ তদন্তৰ পাছত হে আচল ৰহস্য ওলাই পৰিব। ঘটনাৰ সন্দৰ্ভত উচিত তদন্ত কৰি দোষীক চিনাক্ত কৰি উচিত শাস্তী বিহাৰ বাবে ৰাইজে আৰক্ষীৰ ওপৰত দাবী জনাইছে ।