মৰাণঃ মৰাণৰ সমীপৰ খোৱাঙত ৩৫ বছৰীয়া এজন যুৱকে এগৰাকী ৬ বছৰীয়া কন্যা শিশুক যৌন নিৰ্যাতন চলোৱাক কেন্দ্ৰ কৰি উত্তাল হৈ আছে খোৱাং। শিশুটিৰ সমন্ধীয় বৰদেউতাকৰ যৌন নিৰ্যাতনত শিশুটি বৰ্তমান চিকিৎসাধীন হৈ আছে। ইফালে ঘটনা সংঘটিত কৰি বৰ্তমানলৈকে পলাতক হৈ আছে উত্তৰ লক্ষীমপুৰ গাগলডুবি গাওঁৰ নিবাসী লম্পট মুনমুন সোনোৱাল।
জানিব পৰা মতে ঘৰত কোনো নথকাৰ সুযোগ লৈ বুধবাৰে আবেলি পায় ৩ বজাত সম্বন্ধীয় বৰদেউতাক লম্পট মুনমুন সোনোৱালে (৩৫) শিশুটিক যৌন নিৰ্যাতন চলায়। ইয়াৰ পিছতে শিশুটি অসুস্থ হৈ পৰে। আনহাতে এই জঘন্য ঘটনাটো পোহৰলৈ অহাৰ লগে পৰিয়ালৰ লোকৰ মাজত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়। শিশুটিক লগে লগে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়।
ইতিমধ্যে পৰিয়ালক লোকে লম্পট মুনমুনৰ বিৰোদ্ধে খোৱাং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে 376/511, R/W Sec. 6of Pocso actৰ অধীনত এক গোচৰ ৰুজু কৰি লম্পটোক বিচাৰি অভিযান আৰম্ভ কৰিছে যদিও এই পৰ্য্যন্ত আটক কৰিবলৈ সক্ষম হোৱা নাই।
লক্ষীমপুৰ জিলাৰ গাগলডুবি গাঁৱৰ পৰা খোৱাঙত ফুৰিবলৈ আহি এনে ধৰণৰ জঘন্য কাণ্ড সংঘটিত কৰা লম্পটটোক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবীত খোৱাঙৰ প্ৰায় অৰ্ধশতাধিক মহিলাই খোৱাং আৰক্ষী থানা ঘেৰাও কৰে।