Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:55 am

Home » আঞ্চলিক » নীপকোৰ মহা-প্রবন্ধকক গোলাঘাট আৰক্ষীৰ মাৰাথন জেৰা

নীপকোৰ মহা-প্রবন্ধকক গোলাঘাট আৰক্ষীৰ মাৰাথন জেৰা


গোলাঘাট : অৱশেষত গোলাঘাট আৰক্ষীৰ ওচৰত উপস্থিতত হ’ল গোলাঘাটত জলবোমা সৃষ্টি কৰা নীপকোৰ মহাপ্রবন্ধক প্রিয়ব্রত দাস৷ উল্লেখযোগ্য যে যোৱা ২৮ জুলাইত নীপকোৰ দৈয়াং প্রকল্পই পানী এৰি দিয়াৰ ফলত দৈয়াং আৰু ধনশিৰি জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে মহাপ্রলয়ৰ সৃষ্টি হৈছিল গোলাঘাটৰ বিভিন্ন প্রান্তত৷ মেৰাপানী, নুমলীগড়, খুমটাই আৰু গোলাঘাটৰ শতাধিক গাঁৱত বানে হাজাৰ হাজাৰ কোটি টকাৰ সা-সামগ্রীকে ধৰি হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি নষ্ট কৰিলে৷ ইয়াৰ উপৰি পথ, দলং ভঙাৰ লগতে চাৰিজনকৈ লোকে প্রাণ হেৰুৱাব লগা অৱস্থাৰ সৃষ্টি হৈছিল নীপকোৰ এই অবিবেচক কাণ্ডৰ ফলত৷ এনে অৱস্থা সৃষ্টিৰ হোৱাৰ অন্তত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই নীপকোৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাত গোচৰ ৰুজু কৰে৷ অৱশেষত ১২ দিনৰ অন্তত নীপকোৰ মহাপ্রবন্ধক প্রিয়ব্রত দাসে ন্যায়ালয়ৰ অন্তৱর্তীকালীন জামিন লৈ কালি গোলাঘাট আৰক্ষীৰ ওচৰত উপস্থিত হয়৷ গোলাঘাট আৰক্ষীয়ে নীপকোৰ মহাপ্রবন্ধকগৰাকীক প্রায় দহঘণ্টা মাৰাথন জেৰা চলায়৷ উল্লেখযোগ্য যে গোলাঘাট আৰক্ষীয়ে নীপকোৰ মহাপ্রবন্ধকগৰাকীক চলোৱা জেৰাৰ অন্তত কি তথ্য লাভ কৰিলে, সেয়া জানিব পৰা হোৱা নাই যদিও উক্ত জেৰাৰ পিছত বানাক্রান্তসকলে তেওঁলোকৰ ক্ষতিপূৰণ পাব বুলি আশা প্রকাশ কৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি