হাতীধুৰা উন্নয়ন খণ্ডত চুৰি কাণ্ড : জংঘলৰ পৰা উদ্ধাৰ ৩৫ টা স্প্ৰে মেচিন

তামাৰহাট : কাৰ্যালয়তো সংৰক্ষিত নহয় চৰকাৰে আবন্টন দিয়া দুখীয়া ৰাইজৰ সামগ্ৰী। ৰাইজলৈ যোগান ধৰাৰ আগতে ৰহস্যজনক ভাবে উদ্ধাৰ স্প্ৰে মেচিন৷ এনে এক ঘটনা পোহৰলৈ আহিছে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত হাতীধুৰা উন্নয়ন খণ্ডত। জানিব পৰা মতে কাৰ্যালয়ৰ ভৰালগৃহত মজুত কৰি ৰখা সামগ্ৰীৰ পৰা চোৰে ঘৃহটোৰ কোনো ক্ষতি নকৰাকৈ তলা খুলি চুৰি কৰিলে স্প্ৰে মেচিন। তাৰে ভিতৰত ৩৫ টাকৈ স্প্ৰে মেচিন স্থানীয় ৰাইজে উদ্ধাৰ কৰে জঙ্গলৰ পৰা। ঘটনাৰ বিবৰণী মতে, হাতীধুৰা উন্নয়নখণ্ডৰ ভৰাল গৃহৰ তলা খুলি শুকুৰবাৰে নিশা চোৰে কৃষকক দিয়াৰ বাবে চৰকাৰে আবন্টন দিয়া স্প্ৰে মেচিন লৈ যায়। আজি পূৱাৰ ভাগত উন্নয়ন খণ্ডটোৰ পিছপফালে এখন পৰিত্যাক্ত জংঘলত স্হানীয় ৰাইজে কিছুমান স্প্ৰে মেচিন প্ৰত্যক্ষ কৰি মেচিন বোৰ উন্নয়ন খণ্ডৰ বুলি সন্ধেহ

মৰিগাঁৱত জাতীয় ঐক্য মঞ্চৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন

মৰিগাঁও : মধ্য অসমত বসবাস কৰা তিৱা লগতে অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ লোকৰ আৰ্থ সামাজিক, ৰাজনৈতিক আৰু ভাষা সংস্কৃতিৰ বিকাশৰ লক্ষ্যৰে ২০১৩ চনৰ ১৮ আগষ্টত জন্মগ্ৰহণ কৰা জাতীয় ঐক্য মঞ্চৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। মৰিগাঁও সদৰ বিহুতলিত অনুষ্ঠিত কৰা সভাৰ আৰম্ভনি হয় পোৱা ৯ বজাৰ পতাকা উত্তোলনেৰে। পতাকা উত্তোলন কৰে জাতীয়ঐক্য মঞ্চৰ কেন্দ্ৰীয় সভাপতি খগেন চন্দ্ৰ বৰদলৈয়ে, ৯.৩০ বজাত স্মৃতি তৰ্পণ কৰে জাতীয় ঐক্য মঞ্চৰ কেন্দ্ৰীয় কাৰ্যকাৰী সভাপতি জীৱন চন্দ্ৰ কোঁৱৰে। ১১ বজাত মুকলি সভাৰ সভাপতিত্ব কৰে জাতীয় ঐক্য মঞ্চৰ সভাপতি খগেন চন্দ্ৰ বৰদলৈয়ে। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত আৰু সন্মানিয় অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও সদৰ

বৰপেটাৰ মুল্লা মেডিকেল ষ্টোৰত মুন্না ভাই এমবিবিএছ

বৰপেটা : ৰাজ্যত এতিয়াও অব্যাহত আছে ভূৱা চিকিৎসকৰ দপদপনি৷ বৰপেটাৰ পাকা বেতৰীত আটক হল মুন্না ভাই এমবিবিএছ! বৰপেটা জিলাৰ পাকাবেতবাৰীত শনিবাৰে এখন ফাৰ্মাচীত ৰোগী চাই থকা অৱস্থাত এগৰাকী ভূৱা চিকিৎসক ধৰা পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভূৱা চিকিৎসক গৰাকী হৈছে বিহাৰৰ পাটনাৰ অৰুণ কুমাৰ। পাটনাৰ অমন অভিষেক পলিক্লিনিকৰ চিকিৎসক ডা০ অৰুণ কুমাৰ প্ৰসাদৰ নামত পাকাবেতবাৰীত মুল্লা মেডিকেল ষ্টোৰ নামৰ ফাৰ্মাচীত মাচুল লৈ শুক্ৰবাৰৰ পৰা চাই আহিছে ৰোগী। সাংবাদিকৰ পাঁচজনীয়া দল এটাই ভূৱা ডাক্তৰ গৰাকীক অনুসন্ধান চলাই হাতে-লোটে ধৰা পেলায়। সাংবাদিকৰ দলটোত আছিল আনিছুজ জামান, নজৰুল ইছলাম, ছাহেদ আলী আহমেদ, ৰফিকুল ইছলাম খান, আৰু প্ৰদীপ কুমাৰ সৰকাৰ। নিজকে ভূৱা ডাক্তৰ বুলি অৰুণ কুমাৰে সাংবাদিকৰ কেমেৰাৰ আগত স্বীকাৰ কৰে। ৰাইজৰ সহযোগত ভূৱা

পানেৰীত প্ৰসাদত বিষক্ৰিয়া,শতাধিক লোক অসুস্থ

ওদালগুৰি : ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত পূব পানেৰীৰ পানবস্তিৰ ৰাজহুৱা নামঘৰত কালি নিশা গাঁওখনৰ নকুল পাটোৱাৰী নামৰ লোকজনৰ পৰিয়ালে আগবঢ়োৱা প্ৰসাদ খাই তেৰটি শিশুসহ শতাধিক লোক পেটৰ বিষ আৰু বমিত আক্ৰান্ত হৈ পানেৰী উপস্বাস্থ্য কেন্দ্ৰত ভৰ্তি হ’বলগীয়া হয় ৷ প্ৰসাদত ব্যৱহাৰ কৰা পিঠাগুৰিৰ লাড়ুৰ পৰা বিষক্ৰিয়া হোৱা বুলি সন্দেহ কৰা ঘটনাটোত আক্ৰান্ত লোকসকলক পুৱতি নিশাৰে পৰা পানেৰী স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰা হৈছে যদিও স্বাস্থ্যকেন্দ্ৰটোত পৰ্যাপ্ত চিকিত্সক নথকাত অসুস্থ লোকসকলক চিকিত্সা সেৱা আগবঢ়োৱাত সমস্যাৰ সৃষ্টি হৈছে৷ অসুস্থসকলৰ মাজৰ কেইবাজনৰো স্বাস্থ্যৰ অধিক অৱনতি ঘটাত উন্নত চিকিত্সাৰ বাবে টংলা আৰু মঙলদৈৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

নীপকোৰ মহা-প্রবন্ধকক গোলাঘাট আৰক্ষীৰ মাৰাথন জেৰা

গোলাঘাট : অৱশেষত গোলাঘাট আৰক্ষীৰ ওচৰত উপস্থিতত হ’ল গোলাঘাটত জলবোমা সৃষ্টি কৰা নীপকোৰ মহাপ্রবন্ধক প্রিয়ব্রত দাস৷ উল্লেখযোগ্য যে যোৱা ২৮ জুলাইত নীপকোৰ দৈয়াং প্রকল্পই পানী এৰি দিয়াৰ ফলত দৈয়াং আৰু ধনশিৰি জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে মহাপ্রলয়ৰ সৃষ্টি হৈছিল গোলাঘাটৰ বিভিন্ন প্রান্তত৷ মেৰাপানী, নুমলীগড়, খুমটাই আৰু গোলাঘাটৰ শতাধিক গাঁৱত বানে হাজাৰ হাজাৰ কোটি টকাৰ সা-সামগ্রীকে ধৰি হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি নষ্ট কৰিলে৷ ইয়াৰ উপৰি পথ, দলং ভঙাৰ লগতে চাৰিজনকৈ লোকে প্রাণ হেৰুৱাব লগা অৱস্থাৰ সৃষ্টি হৈছিল নীপকোৰ এই অবিবেচক কাণ্ডৰ ফলত৷ এনে অৱস্থা সৃষ্টিৰ হোৱাৰ অন্তত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই নীপকোৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাত গোচৰ ৰুজু কৰে৷ অৱশেষত ১২ দিনৰ অন্তত নীপকোৰ মহাপ্রবন্ধক প্রিয়ব্রত দাসে ন্যায়ালয়ৰ অন্তৱর্তীকালীন জামিন লৈ

ঠেলা গাড়ীৰে চিকিৎসালয়লৈ আনোতে মৃত্যু প্ৰবক্তাৰ

লখিমপুৰ : লখিমপুৰ জিলাৰ অন্তৰ্গত, অগপৰ বিধায়ক উৎপল দত্তৰ সমষ্টিৰ মাজুলীৰ সীমান্তৱৰ্তী লুইত-খাবলু অঞ্চলৰ যাতায়াতৰ শোচনীয় অৱস্থাৰ বাবে অঞ্চলটোৰ ৩৩ হাজাৰ লোকে একবিংশ শতিকাৰ এই সময়তো এক যন্ত্ৰণাকাতৰ জীৱন যাপন কৰিবলগীয়া হৈছে। বিশেষকৈ অঞ্চলটোলৈ এম্বুলেন্স নোযোৱাৰ বাবে এতিয়ালৈকে কেইবাগৰাকীও লোকে সময়ত উপযুক্ত চিকিৎসা নোপোৱাৰ ফলত অকাল মৃত্যু সাবটিত ল’বলগীয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। শেহতীয়াকৈ সেই অঞ্চলৰে এগৰাকী গৰ্ভৱতী মহিলাক এম্বুলেন্সৰ ঠাইত ঠেলা গাড়ীৰে গড়মূৰ চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়াৰ হোৱাৰ দৰে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ পাছত আজি আকৌ এগৰাকী প্ৰবক্তাই বিনা চিকিৎসাৰেই মৃত্যুক সাবটি ল’বলগীয়া হ’ল। ঘটনাৰ বিৱৰণী অনুসৰি লুইত-খাবলু অঞ্চলৰ বাসিন্দা গড়মূৰ পীতাম্বৰ দেৱ মহাবিদ্যালয়ৰ প্ৰবক্তা সুশীল কুমাৰ পায়েঙে মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভালৈ বুলি ওলাই আহি হঠাৎ উচ্চ ৰক্তচাপজনিত সমস্যাত

ববী মাউতৰ বাঁহৰ গাড়ীলৈ স্বীকৃতি

ডিমৌ : ডিমৌৰ কাষৰীয়া মৰাণ সমষ্টিৰ শিলপোতা গাঁৱৰ নিবাসী শিল্পী ববী মাউতে নির্মাণ কৰি উলিওৱা বাঁহৰ গাড়ী ‘অভিনৱ’ক স্বীকৃতি প্রদান কৰিছে অসম বুক অব ৰেকৰ্ডছে৷ অসমৰ লগতে ৰাষ্ট্রীয়, আন্তঃৰাষ্ট্রীয় পর্যায়ৰ উদ্ভাৱনী কর্মক স্বীকৃতি প্রদানকাৰী সংস্থাটোৱে শিল্পী ববী মাউতৰ কর্মক স্বীকৃতি জনাই ‘অভিনৱ’ক তেওঁলোকৰ ৰেকৰ্ড বুকত স্থান দিছে৷ সংস্থাটোৱে যোৱা ৫ আগষ্টত এই স্বীকৃতি প্রদান কৰে৷ এই সন্দৰ্ভত অসম বুক অব ৰেকৰ্ডছৰ প্রতিষ্ঠাপক মনজিত্‍ শর্মাই কয় যে তেওঁলোকে ৰাজ্যৰ লগতে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত ব্যতিক্রমী উদ্ভাৱনী কর্মক শ্রদ্ধা জনাই আহিছে আৰু ববী মাউতৰ ‘অভিনৱ’ নামৰ বাঁহৰ তিনিচকীয়া গাড়ীখনক স্বীকৃতি দিবলৈ পাই সুখী হৈছে৷ মনজিত্‍ শর্মাই ববী মাউতলৈ শুভেচ্ছা জ্ঞাপন কৰে আৰু তেওঁৰ এই বাঁহৰ গাড়ীয়ে আন্তঃৰাষ্ট্রীয় পর্যায়ত সন্মান লাভ কৰিবলৈ সক্ষম

বৰদেউতাকৰ যৌন নিৰ্যাতন : মৰাণত লম্পটৰ কামনাৰ বলি ৬ বছৰীয়া কন্যা শিশু

মৰাণঃ মৰাণৰ সমীপৰ খোৱাঙত ৩৫ বছৰীয়া এজন যুৱকে এগৰাকী ৬ বছৰীয়া কন্যা শিশুক যৌন নিৰ্যাতন চলোৱাক কেন্দ্ৰ কৰি উত্তাল হৈ আছে খোৱাং। শিশুটিৰ সমন্ধীয় বৰদেউতাকৰ যৌন নিৰ্যাতনত শিশুটি বৰ্তমান চিকিৎসাধীন হৈ আছে। ইফালে ঘটনা সংঘটিত কৰি বৰ্তমানলৈকে পলাতক হৈ আছে উত্তৰ লক্ষীমপুৰ গাগলডুবি গাওঁৰ নিবাসী লম্পট মুনমুন সোনোৱাল। জানিব পৰা মতে ঘৰত কোনো নথকাৰ সুযোগ লৈ বুধবাৰে আবেলি পায় ৩ বজাত সম্বন্ধীয় বৰদেউতাক লম্পট মুনমুন সোনোৱালে (৩৫) শিশুটিক যৌন নিৰ্যাতন চলায়। ইয়াৰ পিছতে শিশুটি অসুস্থ হৈ পৰে। আনহাতে এই জঘন্য ঘটনাটো পোহৰলৈ অহাৰ লগে পৰিয়ালৰ লোকৰ মাজত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়। শিশুটিক লগে লগে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়। ইতিমধ্যে পৰিয়ালক লোকে লম্পট মুনমুনৰ বিৰোদ্ধে খোৱাং আৰক্ষী থানাত