Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 7:12 pm

Home » আঞ্চলিক » হাউলীত কৌশলেৰে আনৰ এটিএম কাৰ্ড সৰকাবলৈ চেষ্টা কৰা হাৰিয়ানাৰ প্ৰৱঞ্চক দলৰ সদস্য আটক

হাউলীত কৌশলেৰে আনৰ এটিএম কাৰ্ড সৰকাবলৈ চেষ্টা কৰা হাৰিয়ানাৰ প্ৰৱঞ্চক দলৰ সদস্য আটক

উদ্ধাৰ তিনিখন এটিএম কাৰ্ড, জব্দ মাৰুতি ছুইফট গাড়ী


বৰপেটা : এটিএমৰ ভিতৰত সোমাই আনৰ এটিএম কাৰ্ড কৌশলেৰে সৰকাবলৈ চেষ্টা কৰা প্ৰবঞ্চক দলৰ এজন ধৰা পৰিল ৰাইজৰ হাতত৷ ধৃত প্ৰৱঞ্চকটোৰ ঘৰ হাৰিয়ানাত৷ এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ হাউলী চহৰত৷ হাউলী চহৰৰ বজাৰৰ ভিতৰত থকা ষ্টেট বেংক অব ইণ্ডিয়াৰ এটিএমৰ পৰা টকা উলিয়াবলৈ সোমাইছিল চহৰৰে কেইবাজনো লোক৷ এই লোকসকলৰ মাজতে সোমাই প্ৰৱঞ্চকটোৱে এজন লোকৰ এটিএম কাৰ্ডখন কৌশলেৰে সৰকাবলৈ চেষ্টা কৰিছিল৷ হিন্দীভাষী যুৱকজনৰ আচৰনত সন্দেহ প্ৰকাশ কৰি এটিএমটোৰ ভিতৰত থকা লোকসকলে লগে লগে আটক কৰে প্ৰৱঞ্চকটোক৷ তাৰ পিচত সোধ-পোচ কৰি হাউলী আৰক্ষীক গতাই দিয়ে ৰাইজে৷ আৰক্ষীৰ জেৰাত আটকাধীন যুৱকজনে হাৰিয়ানৰ মেৱাট জিলাৰ হাকাম আলী বুলি স্বীকাৰোক্তি প্ৰদান কৰে।
আনহাতে আৰক্ষীয়ে যুৱকজনৰ হাতৰ পৰা অইন লোকৰ তিনিখন এটিএম কাৰ্ড আৰু নগদ ৩৮ হাজাৰ টকা উদ্ধাৰ কৰিছে৷ আৰক্ষীয়ে প্ৰৱঞ্চক দলটোৱে ব্যৱহাৰ কৰা এখন মাৰুতি ছুইফট গাড়ীও জব্দ কৰে৷ আৰক্ষীয়ে জব্দ কৰা গাড়ীখনৰ নম্বৰ HR-28-H-2138৷
আৰক্ষীয়ে জনোৱা মতে, হাৰিয়ানাৰ প্ৰৱঞ্চকৰ দলটোৰ বাকী সদস্যসকল পলাই যাবলৈ সক্ষম হয়৷ এই ঘটনাকলৈ হাউলী চহৰত ব্যাপক চাঞ্চল্য বিৰাজ কৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি