বহৰি : এজাক বৰষুণতেই সাগৰ সদৃশ হৈ পৰে এখন বিদ্যালয়। বৰষুণ আহিলেই যমৰ যাতনা ভোগ কৰিবলগীয়া হয় বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে। বৰপেটা জিলাৰ চেঙা শিক্ষা খণ্ডৰ অন্তৰ্গত বহৰি বজাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ এই দুৰৱস্থা দীৰ্ঘদিনীয়া যদিও স্থানীয় বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী আহমেদৰ অকৰ্মণ্যতাৰ বাবে বাৰিষাৰ সময়ত বছৰে বছৰে একাঁঠু পানীৰ ওপৰতে অতি কষ্টেৰে শিক্ষাদান আৰু গ্ৰহণ কৰি আহিছে বিদ্যালয়খনৰ গুৰু-শিষ্যসকলে।
ইফালে বছৰ বছৰ ধৰি বিদ্যালয়খনত অব্যাহত এই সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ নিৰ্বিকাৰ ভূমিকায়ো ক্ষুব্ধ কৰি তুলিছে সচেতন ৰাইজক। বিদ্যালয় কৰ্তৃপক্ষই বাৰম্বাৰ এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে স্থানীয় বিধায়ক শুকুৰ আলী আহমেদক আহ্বান জনোৱাৰ পাছতো নাই কোনো কাণসাৰ। একেই ভূমিকা পঞ্চায়ত প্ৰতিনিধিৰো।
উল্লেখযোগ্য যে, চেঙা শিক্ষা খণ্ডৰ অন্তৰ্গত বহৰিস্থিত ১০৫২নং ইন্দিৰা গান্ধী প্ৰাথমিক বিদ্যালয় আৰু বহৰি বজাৰ মধ্য ইংৰাজী বিদ্যালয় একত্ৰীকৰণ হোৱাৰ পাছতো সমস্যা সমাধানত গুৰুত্ব দিয়া নাই চৰকাৰে। লক্ষ্যণীয় যে বিগত গুণোত্সৱত এ’ গ্ৰেড প্ৰাপ্ত বিদ্যালয়খনত স্থানীয় বিধায়কগৰাকী বাহ্যিক মূল্যায়ক হিচাপে উপস্থিত থকাৰ সময়তো অনুৰূপ সমস্যা প্ৰত্যক্ষ কৰি সমস্যা সমাধানৰ আশ্বাস দিছিল যদিও, সকলো ফুটুকাৰ ফেন হৈ ৰ’ল। সম্প্ৰতি বিদ্যালয় একত্ৰীকৰণৰৰ পাছত ২১৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ৯গৰাকী শিক্ষক-শিক্ষয়িত্ৰী থকা বিদ্যালয়খনৰ কৃত্ৰিম বানপানীৰ সমস্যাটো শীঘ্ৰে সমাধানৰ দাবী উত্থাপন কৰিছে বহৰি আঞ্চলিক ছাত্ৰ-সন্থাই। ছাত্ৰ নেতা প্ৰভাকৰ পাঠকে এই ক্ষেত্ৰত স্থানীয় বিধায়ক শুকুৰ আলী আহমেদৰ ভূমিকাক গৰিহণা দি পৰিৱৰ্তনকামী চৰকাৰখনক ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলৰ স্বাৰ্থত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।