Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 7:02 pm

Home » আঞ্চলিক » দেশৰ চেহেৰা সলনি কৰি দিয়া বাজপেয়ীৰ কেইটামান পদক্ষেপ

দেশৰ চেহেৰা সলনি কৰি দিয়া বাজপেয়ীৰ কেইটামান পদক্ষেপ


গুৱাহাটী : তিনিবাৰ দেশৰ প্রধানমন্ত্রীৰ পদ গ্রহণ কৰা অটল বিহাৰী বাজপেয়ী এজন জনপ্রিয় ৰাজনৈতিক নেতাৰ লগতে সুদক্ষ প্রশাসকো আছিল৷ অর্থনৈতিক আৰু সামাজিক দিশত তেওঁ হাতত লোৱা কেইবাটাও পদক্ষেপে সমগ্র ভাৰতৰ স্বৰূপ সলনি কৰি পেলাইছিল৷ বাজপেয়ীয়ে প্রধানমন্ত্রী হৈ থকাৰ সময়ত লোৱা তেনে কেইটামান উল্লেখযোগ্য পদক্ষেপ হ’ল– স্বর্ণ চতুৰ্ভূজ আৰু গ্রাম চড়ক যোজনা : বাজপেয়ীৰ উচচাভিলাষী আঁচনিবোৰৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হ’ল গ্রাম চড়ক যোজনা আৰু স্বর্ণ চতুৰ্ভূজ৷
স্বর্ণ চতুৰ্ভূজ প্রকল্পৰ জৰিয়তে দেশৰ চাৰিখন প্রধান মহানগৰ– চেন্নাই, কলকাতা, দিল্লী আৰু মুম্বাইক হাইৱে নেটৱর্কেৰে সংযোজিত কৰা হৈছে৷ ইয়াৰ উপৰি শ্রীনগৰৰ পৰা কন্যাকুমাৰী আৰু পোৰবন্দৰৰ পৰা শিলচৰক সংযোজিত কৰিবলৈ ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ সিদ্ধান্ত তেওঁৰ দিনতে লোৱা হৈছিল৷ আনহাতে, প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ জৰিয়তে দেশৰ গাঁওসমূহক পকী পথেৰে সংযোজিত কৰাৰ লগতে গাঁওসমূহক নগৰৰ সৈতে সংযোজিত কৰা হয়৷ বাজপেয়ীৰ এই দুয়োটা পৰিকল্পনাই সফল হয়৷
ব্যক্তিগতকৰণ : বাজপেয়ীয়ে ব্যৱসায় আৰু উদ্যোগ খণ্ডত চৰকাৰৰ ভূমিকা হ্রাস কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিছিল৷ ইয়াৰ বাবে তেওঁ সুকীয়া নির্বিনিয়োগ মন্ত্র্যালয় গঠন কৰিছিল৷ ইয়াৰ জৰিয়তে চৰকাৰী খণ্ডৰ প্রতিষ্ঠানত ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ পথ মুকলি কৰে৷ তেওঁৰ চৰকাৰৰ আটাইতকৈ গুৰুত্বপূর্ণ সিদ্ধান্ত আছিল ভাৰত এলুমিনিয়াম কোম্পানী (বি এ এল চি অ’) আৰু হিন্দুস্তান জিংক, ইণ্ডিয়ান পেট্রকেমিকেলছ কর্প’ৰেশ্যন লিমিটেড আৰু ভি এছ এন এলত বিনিয়োগ৷ তেওঁৰ এই পদক্ষেপক আনকি সেই সময়ত তেওঁৰ কেবিনেট সতীর্থই বিৰোধিতা কৰিছিল, কিন্তু বাজপেয়ীৰ এই পদক্ষেপে ভৱিষ্যতে চৰকাৰৰ ভূমিকাকো নির্ধাৰণ কৰে৷ তেওঁৰ চৰকাৰৰ দিনত দেশৰ চৰকাৰী খণ্ডৰ প্রায় ৩২টা কোম্পানী আৰু হোটেলক ব্যক্তিগত খণ্ডৰ কোম্পানীক বিক্রী কৰা হৈছিল৷ ইয়াৰ উপৰি তেওঁৰ দিনতে ভাৰতে প্রথমবাৰৰ বাবে ৰাছিয়াৰ একেবাৰে পূবত থকা শাখালিন তেল আৰু প্রাকৃতিক ক্ষেত্রত প্রায় ২০ শতাংশ অংশীদাৰিত্ব লাভ কৰিছিল৷ প্রায় ১.৭ বিলিয়ন ডলাৰৰ ই আছিল ভাৰতৰ সর্ববৃহৎ বিদেশী বিনিয়োগ৷
ৰাজকোষীয় দায়বদ্ধতা আইন : বাজপেয়ী চৰকাৰে ৰাজকোষীয় ঘাটি হ্রাস কৰিবলৈ ৰাজকোষীয় দায়বদ্ধতা আইন প্রণয়ন কৰে৷ ইয়াৰ জৰিয়তে ৰাজহুৱা খণ্ডত ৰাজহ ঘাটি প্রতিৰোধ কৰাত সহায় হয়৷ যাৰ ফলত দেশৰ উন্নয়নৰ হাৰো চমকপ্রদভাৱে বৃদ্ধি পাবলৈ ধৰে৷
সর্বশিক্ষা অভিযান : বাজপেয়ী চৰকাৰে ২০০১ চনত সর্বশিক্ষা অভিযান আৰম্ভ কৰে৷ এই আঁচনিৰ জৰিয়তে ৬১৪ বছৰৰ শিশুক বিনামূলীয়াকৈ শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হয়৷ এই আঁচনি কার্যকৰী হোৱাৰ মাত্র চাৰি বছৰৰ ভিতৰত বিদ্যালয়লৈ নোযোৱা শিশুৰ সংখ্যা প্রায় ৬০ হ্রাস পায়৷
দূৰসংযোগ খণ্ডক বিপ্লৱ : বাজপেয়ী চৰকাৰে নতুন দূৰসংযোগ নীতিৰ আধাৰত এই খণ্ডটোৰ কোম্পানীসমূহৰ বাবে এক নির্ধাৰিত পৰিমাণৰ লাইচেন্স মাচুলৰ পৰিৱর্তে ৰাজহ ভাগ-বাটোৱাৰাৰ ব্যৱস্থা কৰে৷ ভাৰত সঞ্চাৰ নিগমৰ গঠন নীতি নির্ধাৰণ আৰু সেৱাৰ ব্যৱস্থাক পৃথক কৰিবলৈ কৰা হৈছিল৷ বাজপেয়ী চৰকাৰে আন্তঃৰাষ্ট্রীয় টেলিফ’নিক বিদেশ সঞ্চাৰ নিগম লিমিটেডৰ একাধিপত্য সম্পূর্ণৰূপে নোহোৱা কৰিছিল৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি