Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 12:53 pm

Home » আঞ্চলিক » অসম আন্দোলনৰ সমর্থক আছিল

অসম আন্দোলনৰ সমর্থক আছিল


গুৱাহাটীঃ  মূলবোধৰ ৰাজনীতিৰ বাবে দেশৰ ৰাজনৈতিক ক্ষেত্রখনৰ সকলোৰে পুৰোধা ব্যক্তি আৰু দেশৰ ৰাজনীতিৰ পিতামহ হিচাপে পৰিচিত প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী অসম আৰু উত্তৰ-পূর্বাঞ্চলৰ সৈতে আছিল নিবিড় সম্পর্ক৷ তেওঁ অসম আৰু উত্তৰ-পূবৰ প্রতি বিশেষভাৱে অনুৰক্ত আছিল৷ ইয়াৰ বাবেই তেওঁ দেশৰ এই প্রান্তৰ প্রতি বিশেষ অৱদান আগবঢ়াই গৈছিল৷
আনকি অসম আন্দোলন আৰু অসমৰ বিদেশী সমস্যাৰ সৈতেও তেওঁৰ অতি ঘনিষ্ঠ সম্পর্ক আছিল৷ অসমৰ বাবে তেওঁ ১৯৮১ চনত দিল্লীৰ সংসদত মাত মতাৰ লগতে অসম আন্দোলনত অংশগ্রহণো কৰিছিল৷ ইয়াৰ বাবে তেওঁ আনকি কাৰাবাসো খাটিবলগীয়া হৈছিল৷ প্রয়াত প্রধানমন্ত্রী বাজপেয়ীয়ে ১৯৮১ চনত সাংসদ হৈ থকাৰ সময়ত সংসদত অসমৰ বিদেশী সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাপে গণ্য কৰিব লাগে বুলি সজোৰে মাত মাতিছিল৷
তেতিয়াই (১৯৮১) তেওঁ অসমৰ সমস্যাক লৈ ‘আছাম প্রব্লেম: ৰিপ্রেশ্যন ন’ ছলিউশ্যন’ নামৰ গ্রন্থখন ৰচনা কৰিছিল৷ অসম আন্দোলন চলি থকাৰ সময়ত তেওঁ অসমলৈ কেইবাবাৰো আহিছিল৷ ১৯৮১ চনত দক্ষিণ কামৰূপত আন্দোলন-বিৰোধী দুষ্টচক্রৰ হাতত নিগৃহীত হোৱা অসমীয়া লোকসকলৰ কাষত তেওঁ থিয় দিছিল৷ তেওঁলোকৰ কাষলৈ বাজপেয়ীয়ে চাইকেল চলাই গৈছিল৷ অসম আন্দোলনক নৈতিকভাৱে সমর্থন কৰাৰ লগতে নিজেও জড়িত হৈ পৰিছিল৷
১৯৮৩ চনত নগাঁৱৰ পুৰণিগুদাম আৰু চামগুৰি বাজিয়াগাঁৱত অবৈধ নির্বাচনক লৈ সংঘটিত হিংসাত্মক ঘটনাত ঘৰ জ্বলা অসমীয়া লোকসকলৰ কাষত থিয় দিছিলগৈ৷ অসম আন্দোলনত জড়িত হোৱাৰ বাবে কাৰাবাস খটাৰ পাছতো তেওঁ অসমৰ সৈতে সম্পর্ক ছেদ কৰা নাছিল৷ বৰঞ্চ তেওঁ অসম চুক্তিৰ পাছত হোৱা অগপ চৰকাৰৰ দিনত লতাশিল খেলপথাৰত অনুষ্ঠিত বিহু অনুষ্ঠানতো অংশগ্রহণ কৰি অসমৰ প্রতি থকা ভালপোৱা প্রদর্শন কৰিছিল৷
তেওঁ অসম আৰু উত্তৰ-পূবক বিশেষভাৱে ভালপোৱাৰ লগতে এই প্রান্তৰ উন্নয়নৰ প্রতি বিশেষভাৱে চিন্তিত আছিল বাবেই তেওঁ উত্তৰ-পূবৰ উন্নয়নৰ বাবে ড’নাৰ মন্ত্র্যালয় গঠন কৰিছিল৷ তেওঁ ২০০২ চনৰ ২১ এপ্রিলত বগীবিল দলঙৰ দৰে গুৰুত্বপূর্ণ দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল৷ আনহাতে, তেওঁ প্রধানমন্ত্রী হৈ থকাৰ সময়তে ২০০৪ চনত এছিয়াৰ ভিতৰতে সর্বাধিক দৈর্ঘযৰ দলং ধলা-শদিয়াৰ ভূপেন হাজৰিকা সেতুৰ অনুমোদন জনাইছিল৷
তেওঁ ১৯৯৮ চনৰ ১৫ এপ্রিলত ব্রহ্মপুত্রৰ ওপৰৰ তৃতীয়খন দলং নৰনাৰায়ণ সেতু ৰাষ্ট্রৰ নামত উছর্গা কৰে৷ ইয়াৰ উপৰি ১৯৯৯ চনৰ ৯ জুলাইত অসম চুক্তিৰ ফলত প্রতিষ্ঠা কৰা নুমলীগড় শোধনাগাৰ ৰাষ্ট্রৰ নামত উছর্গা কৰিছিল৷ তেওঁৰ সৃষ্টি ইষ্ট-ৱেষ্ট কৰিড’ৰৰ বাবেও অসম বহু উপকৃত হৈছে৷ অসমৰ বৰাক উপত্যকাৰ বিশ্বৰ সৈতে সম্পর্ক আৰম্ভ হয় এই ইষ্ট-ৱেষ্ট কৰিড’ৰৰ বাবে৷ অসমৰ অন্য প্রান্তৰো বহু উন্নতি আৰু যোগাযোগ ব্যৱস্থাত চহকী হয় এই কৰিড’ৰৰ বাবে৷
তেওঁ ‘প্রধানমন্ত্রীৰ গ্রাম চড়ক যোজনা’ সমগ্র ৰাষ্ট্রৰ বাবে হাতত লৈছিল যদিও এই আঁচনিৰ বাবে অসমৰ গ্রামাঞ্চলৰ যোগাযোগ ব্যৱস্থা বহু লাভান্বিত হয়৷ একেদৰেই ৰাষ্ট্রজুৰি গ্রহণ কৰা ‘সর্বশিক্ষা অভিযান’ৰ বাবেও অসমৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষাৰ ক্ষেত্রখন অভাৱনীয়ভাৱে লাভান্বিত হয়৷ তেওঁ এজন ভাল লেখক হিচাপেও পৰিচিত আছিল৷ তেওঁৰ এখন কবিতা গ্রন্থ ‘বাজপেয়ীৰ অমৰ পংক্তি– প্রথম অনুভূতি’ নামেৰে অসমীয়ালৈ অনূদিত হৈছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি