Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 9:47 am

Home » আঞ্চলিক » অসমৰ বাংলাদেশী শিক্ষক খাইৰুল ইছলামক ডিটেনশ্যন কেম্পলৈ প্রেৰণ

অসমৰ বাংলাদেশী শিক্ষক খাইৰুল ইছলামক ডিটেনশ্যন কেম্পলৈ প্রেৰণ


মৰিগাওঁ : মৰিগাঁৱত এন আৰ চিৰ কামত বাংলাদেশী নিয়োজিত হোৱা বাতৰিয়ে সমগ্র ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰি অহাৰ সময়তে অৱশেষত মৰিগাঁৱৰ আৰক্ষীয়ে বাংলাদেশী শিক্ষক খাইৰুল ইছলামক গ্রেপ্তাৰ কৰিবলৈ বাধ্য হয়৷ বাংলাদেশী শিক্ষক খাইৰুল ইছলামক গ্রেপ্তাৰ কৰাৰ সন্দর্ভত মৰিগাঁও জিলা প্রশাসন তথা মৰিগাঁও আৰক্ষী আৰু সীমান্ত শাখাৰ আৰক্ষীয়ে নিষ্ত্রুিয় ভূমিকা গ্রহণ কৰিছিল যদিও সংবাদ মাধ্যমৰ হেঁচাত যোৱা নিশা আৰক্ষীয়ে মৈৰাবাৰীৰ পৰা গ্রেপ্তাৰ কৰে ইছলামক৷
আৰু আজি গ্রেপ্তাৰ কৰা বাংলাদেশী শিক্ষক খাইৰুলক তেজপুৰৰ ডিটেনশ্যন কেম্পলৈ প্রেৰণ কৰে৷ উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তর্গত ঠেকেশালিবৰি খন্দাপুখুৰী প্রাথমিক বিদ্যালয়ৰ শিক্ষক খাইৰুল ইছলাম ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত মিকিৰগাঁও গাঁও পঞ্চায়তৰ এন এছ কেত ভি টি এম হিচাপে যোৱা বছৰ ছেপ্টেম্বৰ মাহৰ পৰা নিয়োজিত হৈ আছিল৷ ১৯৯৭ চনতেই ৰুজু হোৱা আই এম ডি টি গোচৰৰ ভিত্তিত মৰিগাঁও ৩নং বিদেশী ন্যায়াধিকৰণে বাংলাদেশৰ নোৱাখালিৰ খাইৰুল ইছলাম, মাতৃ মনোৱাৰা বেগম, দুই ভাতৃ আছাদুল আৰু চিৰাজুল আৰু ভগ্নী ফৰিদা বেগমক ২০১৫ চনৰ ২০ ফেব্রুৱাৰীত বিদেশী বুলি ৰায় দিছিল৷
কিন্তু বিদেশী ন্যায়াধিকৰণৰ ৰায়ক প্রত্যাহবান জনাই খাইৰুল ইছলাম, দুই ভাতৃ, ভগ্নীৰ লগতে মাতৃয়ে ৫২৩২২০১৬নং এখন লেখ আৱেদন দাখিল কৰে গুৱাহাটী উচচ ন্যায়ালয়ত৷ সেই অনুসৰি মাতৃ মনোৱাৰা বেগমে গুৱাহাটী উচচ ন্যায়ালয়ত দাখিল কৰা wp (c) ৪০১২১৬নং গোচৰ আৰু খাইৰুল ইছলাম, দুই ভাতৃ আৰু একমাত্র ভগ্নীয়ে দাখিল কৰা wp (c) ৫২৩২২০১৬নং গোচৰৰ ১৩৬২০১৮ তাৰিখে চূড়ান্ত ৰায়দানযোগে মৰিগাঁৱৰ ৩নং বিদেশী ন্যায়াধিকাৰৰ ৰায়কেই বাহাল ৰাখে গুৱাহাটী উচচ ন্যায়ালয়ে৷ ১৩ জুনতে প্রদান কৰা এই ৰায়দানৰ পাছত অতি ৰহস্যজনকভাৱে দুমাহ কাল এইজন বিদেশীয়ে অসমৰ খিলঞ্জীয়া লোকৰ ভৱিষ্যৎ দলিলস্বৰূপ এন আৰ চিৰ কামত নিয়োজিত হৈ থাকে৷
তাৎপর্যপূর্ণভাৱে উচচ ন্যায়ালয়ে প্রদান কৰা ৰায়ৰ প্রতিলিপি মৰিগাঁও ৩নং বিদেশী ন্যায়াধিকৰণৰ সদস্য, মৰিগাঁৱৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকলৈ যোৱা ১৯ জুলাইত প্রেৰণ কৰিছিল৷ এই সমগ্র ঘটনাটো সংবাদ মাধ্যমে পোহৰলৈ অনাৰ পাছত ১১ আগষ্টত জিলাৰ উপায়ুক্ত হেমেন দাসে এক বিবৃতিৰ জৰিয়তে বিদেশী খাইৰুলক এন আৰ চিৰ কামৰ পৰা অব্যাহতি দিয়া বুলি অৱগত কৰে৷
ইয়াৰ পাছতো খাইৰুল ইছলাম যে বিদেশী সেই কথা গম নাপায় মৰিগাঁৱৰ আৰক্ষী অধীক্ষক আৰু সীমান্ত শাখাৰ আৰক্ষীয়ে৷ সংবাদ মাধ্যমৰ লোকে ১৪ আগষ্টত মৰিগাঁৱৰ আৰক্ষী অধীক্ষকৰ পৰা খাইৰুলৰ সন্দর্ভত কি ব্যৱস্থা গ্রহণ কৰিছে সেই সন্দর্ভত মন্তব্য বিচাৰি যাওঁতে খাইৰুলৰ ক্ষেত্রত আৰক্ষী অধীক্ষকৰ হাতত একো তথ্য নাই বুলি অৱগত কৰে৷ পাছত সাংবাদ মাধ্যমৰ লোকে ন্যায়ালয়ে প্রদান কৰা ৰায়ৰ প্রতিলিপি দেখুওৱাতহে আৰক্ষী অধীক্ষকে জানিব পাৰে বুলি কৌশলী মন্তব্য কৰে মৰিগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই৷ এন আৰ চিৰ দৰে অতি গুৰুত্বপূর্ণ বিষয়ৰ এটা ঘটনা সন্দর্ভত মৰিগাঁও জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনৰ ভূমিকাক লৈ তীব্র প্রতিবাদ সৃষ্টি হোৱাত অৱশেষত গা লৰে মৰিগাঁও প্রশাসনৰ৷
জিলা প্রশাসনৰ শেহতীয়া তৎপৰতাৰ বাবেই যোৱা নিশা মৈৰাবাৰীত আত্মগোপন কৰি থকা খাইৰুলক গ্রেপ্তাৰ কৰে মৰিগাঁৱৰ আৰক্ষীয়ে৷ মৰিগাঁও জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনৰ বিৰুদ্ধে সৰৱ হৈ পৰা জাতীয় দল, সংগঠনসমূহে মৰিগাঁও প্রশাসনক তীব্র সমালোচনা কৰে৷ জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি ললিত চন্দ্র পাচনিয়ে জিলা প্রশাসনৰ ভূমিকাক কঠোৰ সমালোচনা কৰি এন আৰ চিৰ কামত নিয়োজিত কর্মীসকলক পুনৰীক্ষণৰ জৰিয়তে কামত নিয়োজিত কৰিবলৈ দাবী জনায়৷ আছুৰ মৰিগাঁও জিলা সমিতিৰ সম্পাদক দিপুল নাথে জিলা প্রশাসনক সমালোচনা কৰি এন আৰ চিক লৈ ল’ৰা-ধেমালি কৰাটো কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি কৈ দক্ষ কর্মীৰ জৰিয়তে এন আৰ চিৰ পুনৰীক্ষণৰ দাবী জনায়৷
বিদেশী খাইৰুল ইছলামক শিক্ষক পদৰ পৰা নিলম্বন: টেবেশালিবৰী খন্দাপুখুৰী প্রাথমিক বিদ্যালয়ৰ শিক্ষক খাইৰুল ইছলামক তৎকালীনভাৱে বলৱৎ হোৱাকৈ চাকৰিৰ পৰা নিলম্বিত কৰিছে মৰিগাঁও জিলা প্রাথমিক শিক্ষা বিষয়াই৷ DEEO/MRG/Enquiry/243/pt-iii/2018/3949-57 Date 16/08/2018 নং নির্দেশ মতে খাইৰুল ইছলাম বিদেশী গোচৰত গ্রেপ্তাৰ হোৱাৰ বাবেই তাৎক্ষণিকভাৱে শিক্ষক পদৰ পৰা নিলম্বন কৰা বুলি সংবাদ মাধ্যমক অৱগত কৰিছে জিলা প্রাথমিক শিক্ষা বিষয়া ড০ তৰুণ চন্দ্র শইকীয়াই৷
মৰিগাঁৱৰ উপায়ুক্তৰ জুমুঠি দাহ ৪ সংগঠনৰ : বিদেশী নাগৰিক বুলি খাইৰুল প্রমাণিত হোৱাৰ পাছৰে পৰা তেওঁৰ নাম এন আৰ চিত অন্তর্ভুক্ত হোৱা আৰু পৰীক্ষণ গোটৰ কর্মচাৰী হিচাপে নিযুক্ত হোৱাত মৰিগাঁৱৰ বিভিন্ন সংগঠনে বিৰূপ প্রতিক্রিয়া প্রকাশ কৰে৷ তাৰেই প্রতিক্রিয়া হিচাপে আজি দুপৰীয়া মৰিগাঁও নগৰৰ মাজমজিয়াৰ কালী মন্দিৰৰ সন্মুখৰ তিনিআলিত মৰিগাঁও জিলা জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, আক্রাছুৰ মৰিগাঁও জিলা সমিতি, তিৱা সুৰক্ষা সমিতি, তিৱা যুৱ-ছাত্র পৰিষদৰ নেতা-কর্মীয়ে জিলাৰ উপায়ুক্তৰ জুমুঠি দাহ কৰে৷ আক্রাছুৰ শিৱাজী ডেকা, হিমাংশু ডেকা, সীমান্ত ভৰালী, অংকুৰ ডেকা, জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ ললিত পাচনী, ৰণ্টুমণি ডেকা, দীপজ্যোতি বৈশ্য, ললিত দাস, তিৱা যুৱ-ছাত্র পৰিষদৰ কৃষ্ণ কোঁৱৰ, তিৱা সুৰক্ষা সমিতিৰ কার্তিক দেউৰী প্রমুখ্যে নেতৃবৃন্দই জুমুঠি দাহ কার্যসূচীত অংশ লয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি