Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 9:24 am

Home » আঞ্চলিক » খোলাবান্ধাত কিশোৰীৰ আত্মহত্যা

খোলাবান্ধাত কিশোৰীৰ আত্মহত্যা

খোলাবান্ধা : বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত খোলাবান্ধাত এক কৰুণ ঘটনা সংঘটিত হয়। কালি এগৰাকী কিশোৰীয়ে তথাকথিত স্বামীৰ নিৰ্যাতন সহিব নোৱাৰি চীপ লৈ আত্মহত্যা কৰে।
প্ৰাপ্ত বাতৰি মতে, খোলাবান্ধা গাঁৱৰ এগৰাকী ১৫বছৰীয়া কিশোৰীৰ ২নং খোলাবান্ধা গাঁৱৰ মনোৱাৰ হুছেইন নামৰ এজন যুৱকৰে সৈতে বিবাহ সম্পন্ন হয়। পৰিয়ালৰ অমতত কিশোৰীগৰাকীক যুৱকজনে বলপূৰ্বক বিয়া কৰায়। এই সন্দৰ্ভত পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী থানাত গোচৰ দিয়াত চাইল্ড লাইনে যুৱকজনক জে’ললৈ প্ৰেৰণ কৰে। যুৱকজন জে’লৰ পৰা ওলাই আহি পুনৰ কিশোৰীগৰাকীৰ সৈতে সম্পৰ্ক স্থাপন কৰে।
অভিযোগ অনুসৰি, দিনৰ বেছিভাগ সময় যুৱকজনে ম’বাইল ফ’নেৰে কিশোৰীগৰাকীক ব্যতিব্যস্ত কৰি আহিছিল। যুৱকজনৰ এনে অত্যাচাৰত অতিষ্ঠ হৈছিল কিশোৰীগৰাকী। কালিও যুৱকজনে একে আচৰণ কৰিছিল। যুৱকজনে মানসিকভাৱে এনে অত্যাচাৰ কৰাত কিশোৰীগৰাকীয়ে ওচৰৰে এখন বিদ্যালয়ৰ ভিতৰত চীপ লৈ আত্মহত্যা কৰে। এই ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পৰিয়ালৰ অভিযোগ মতে, স্বামীৰ অত্যাচাৰতেই কিশোৰীগৰাকীয়ে আত্মহত্যা কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি