Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:00 pm

Home » বিজ্ঞাপন » স্পষ্টীকৰণ (বিজ্ঞাপন)

স্পষ্টীকৰণ (বিজ্ঞাপন)

তাং-১৬-০৮-২০১৮
অসমৰ এখন বহুল প্রচাৰিত ৱেব মিডিয়া ‘সংবাদ প্ৰহৰী’ত যােৱা ১৫-০৮-২০১৮ ত প্ৰকাশ পােৱা ‘বিজনীত ভূলুণ্ঠিত মানৱতাঃ সম্পত্তিৰ লােভত পুত্রই অঘৰী কৰিলে পিতৃক, ধনৰ বিনিময়ত অপৰাধীৰ পক্ষত আৰক্ষী’ শীর্ষক বাতৰিটো আমাৰ দৃষ্টিগােচৰ হৈছে।
বাতৰিত প্ৰকাশ কৰা মতে আমি আমাৰ জন্মদাতা পিতৃক ঘৰৰ পৰা উলিয়াই দিয়া নাই নাইবা আৰক্ষীয়েও আমাৰ পক্ষ লৈ পিতৃক কোনাে ধৰণৰ হাৰাশাস্তি কৰা নাই। আমাৰ পিতৃ নজৰ আলীক আমি এতিয়াও ভৰণ-পােষণ কৰি আছাে। পিতৃক সদায় পিতৃৰ আসনতেই ৰাখি আহিছাে। পিতৃৰ নামত থকা সম্পত্তি কোনাে কাৰণ নােহােৱাকৈ বিক্রী কৰাত আমি বাধা প্রদান কৰাত পিতৃয়ে আমাৰ তিনি ভাই ককাইৰ নামত বিজনী থানাত বিভিন্ন অভিযােগ দাখিল কৰিছে। সেই লৈ অলপ মনােমালিন্য হৈছে যদিও বাতৰিত প্ৰকাশ কৰা ধৰণে কোনাে ঘটনা সংঘটিত হােৱা নাই।
অনাহকত মােৰ বিৰুদ্ধে আৰু দুজন ভাই মইনুল হক, ইকবাল হুছেইন আৰু খুড়া আক্কেল আলীক মিছাতে অভিযুক্ত কৰি বিজনী থানাত পিতৃয়ে গােচৰ তৰিছিল। আমি পিতৃক ঘৰৰ পৰা উলিয়াই দিয়া কথাষাৰ সম্পূর্ণ মিছা। পিতৃয়ে বর্তমান মােৰে ভাইটি দিলােৱাৰ হুছেইনৰ ঘৰত আছে। মােৰ ভনীজোৱাইৰ প্ৰৰােচনাত পৰি পিতৃয়ে আমাক সম্পত্তিৰ ভাগ নিদিয়াৰ সিদ্ধান্ত লৈ ২৭ জুলাইত নটাৰীযােগে এক হলফনামা প্রস্তুত কৰিছে।
আমি সম্পত্তিৰ লােভত পিতৃক কোনাে ধৰণৰ হাৰাশাস্তি কৰা নাই। সমগ্র ঘটনাৰাজি ওচৰ চুবুৰীয়াৰ লগতে পিতৃৰ অভিযােগ পিছত আৰক্ষীয়েও তদন্ত কৰি ঘটনাৰাজিৰ সত্য সত্যতা প্রমাণ কৰি চাই নিৰপেক্ষ ভূমিকা গ্রহণ কৰি চলিত সপ্তাহতেই বিভিন্ন দল সংগঠনৰ লগত একেলগে সমস্যাটোৰ সমধান সূত্র উলিয়াব বুলি সিদ্ধান্ত লৈছিল। কিন্তু এনে এক সময়ত প্রকৃত সত্যতা নজনা কোনাে ব্যক্তিৰ মিছা তথ্যৰ আধাৰত বাতৰিটো সাংবাদিকে সংগ্রহ কৰি প্রকাশ কৰিছে। সাংবাদিকক মিছা তথ্য যােগান ধৰা চক্ৰক আমি সকিয়াই দিছাে। জনমানসত আমাৰ সন্মান লাঘব কৰাৰ চেষ্টা কৰিলে তেনে চক্ৰৰ বিৰুদ্ধে আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হম বুলি স্পষ্ট কৰি দিলাে। ইতি—
ইতি—
নৌসাদ আলী
পিতৃঃ নজৰ আলী
গাঁওঃ দতুৰী,
থানাঃ বিজনী
জিলাঃ চিৰাং

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি