Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 9:21 am

Home » সম্পাদকীয় » মহীৰূহৰ মহাপ্রয়াণত অসমে হেৰুৱালে এগৰাকী প্রকৃত সুহৃদক

মহীৰূহৰ মহাপ্রয়াণত অসমে হেৰুৱালে এগৰাকী প্রকৃত সুহৃদক

সর্বানন্দ সােণােৱাল
মুখ্যমন্ত্রী, অসম
যিসকল ৰাষ্ট্র নেতাৰ বলিষ্ঠ নেতৃত্বৰে ভাৰত আজি এখন শক্তিশালী দেশ হিচাপে সমগ্র বিশ্বতে পৰিচিতি লাভ কৰিছে, সেই সকলৰ ভিতৰত অন্যতম হ’ল ভাৰতৰ ভূতপূর্ব প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী। এগৰাকী সফল মহানায়কে যেনেদৰে সন্মুখৰ পৰা নেতৃত্ব দি বিজয় সাব্যস্ত কৰে ঠিক তেনেদৰে এইগৰাকী মহান নেতইও ভাৰতবৰ্ষক বিভিন্ন দিশত সন্মুখৰ পৰা নেতৃত্ব প্রদান কৰি দেশখনক আগুৱাই লৈ যােৱাৰ ক্ষেত্ৰত আগবঢ়াইছিল অনৱদ্য অৱদান। এইগৰাকী মহান নেতাৰ প্ৰধানমন্ত্রীত্বৰ কাৰ্যকালতে আমেৰিকাকে ধৰি পৃথিৱীৰ বিভিন্ন শক্তিশালী ৰাষ্ট্রৰ সৈতে ভাৰতৰ বৈদেশিক সম্পর্ক শক্তিশালী হৈছিল। দেশৰ বিকাশৰ ক্ষেত্ৰত আন্তঃগাঁথনিয়ে লােৱা ভূমিকাৰ বিষয়ে এইগৰাকী ভৱিষ্যদ্রষ্টাই মর্মে মর্মে উপলব্ধি কৰিছিল আৰু সেয়েহে ‘প্রধানমন্ত্রী গ্রাম চড়ক যােজনা’ তথা নেশ্যনেল হাইৱেজ ডেভলপমেন্ট প্রজেক্টৰ লেখীয়া বৃহৎ প্রকল্পৰ সূচনা কৰিছিল এই গৰাকী শক্তিশালী নেতাই। নিজৰ জীৱনকালত দেশৰ স্বাভিমানক অনন্য মাত্রা প্রদান কৰাটোকেই জীৱনৰ একমাত্র লক্ষ্য হিচাপে লােৱা এইগৰাকী নেতাই ইষ্ট ৱেষ্ট কৰিডৰ নিৰ্মাণৰ দৰে বৃহৎ প্রকল্পৰাে প্ৰাৰম্ভণি কৰিছিল।
ভূতপূর্ব প্রধানমন্ত্রীগৰাকীৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি আছিল এক বিশেষ অনুৰাগ। তেখেতৰ কার্যকালতে সেয়েহে ড’নাৰ মন্ত্ৰালয় সৃষ্টি কৰি উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্রিক বিকাশৰ দিশটোক ত্বৰান্বিত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিছিল। ২০০২ বৰ্ষত বগীবিল দলঙৰ আধাৰ শিলা স্থাপন কৰাৰ উপৰি নুমলীগড় শােধনাগাৰ ৰাষ্ট্রৰ নামত উৎসৰ্গা কৰা তথা ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হােৱা তৃতীয়খন দলং নৰনাৰায়ণ সেতুও ৰাষ্ট্রৰ নামত উৎসৰ্গা কৰিছিল এইগৰাকী দেশৰ ভূতপূর্ব প্রধানমন্ত্রীয়ে।
অসম আন্দোলনৰ সময়ত আন্দোলনটোৰ নীতি আৰু আদৰ্শক এইগৰাকী মহান নেতাই বলিষ্ঠভাৱে সমর্থন আগবঢ়োৱাৰ উপৰি আন্দোলনৰ সময়ছােৱাত ৰাজ্যখনৰ বিভিন্ন প্রান্তলৈ গৈ ৰাইজৰ আৱেগ অনুভূতিৰ সৈতে একাত্ম হৈছে। অসম আন্দোলনৰ বিষয়টো সংসদত উত্থাপন কৰি সমগ্ৰ ভাৰতবাসীৰে দৃষ্টি আকর্ষণ কৰিছিল এইগৰাকী অসম প্রেমী নেতাই।
পােখৰাণ পাৰমাণৱিক পৰীক্ষা, কার্গিল যুদ্ধত ভাৰতৰ বিজয় সাব্যস্তকৰণেৰে ভাৰতৰ শক্তিশালী স্থিতি বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰাৰ দিশটো এই গৰাকী মহান নেতাৰ অৱদান আছিল অতুলনীয়।
এইগৰাকী মহান নেতাৰ সৈতে আমাৰ আছিল এক নিবিড় তথা দীর্ঘদিনীয়া সম্পর্ক। ছাত্ৰ অৱস্থাৰ পৰাই এইগৰাকী মহান মনীষীৰ সান্নিধ্য লাভেৰে আমাৰ জীৱন ধন্য হৈছিল। ছাত্র নেতা হৈ থকা কালত তেখেতে আমালৈ আগবঢ়াইছিল বহু অমূল্য উপদেশ। ঠিক তেনেদৰে আমাৰ ৰাজনৈতিক জীৱন পৰিক্ৰমাতাে এই গৰাকী মহান নেতাই এগৰাকী নিষ্ঠাবান অভিভাৱকৰ দৰে আমাক সকলাে সময়তে বহুমূলীয়া উপদেশ প্রদান কৰি আমাক অনুপ্ৰেৰণা যােগাইছিল।
এগৰাকী সুবক্তা আৰু বিশিষ্ট সাহিত্যিক হিচাপে দেশৰ লগতে সমগ্র বিশ্বতে পৰিচিতি লাভ কৰা মহান ৰাষ্ট্র নেতা গৰাকীয়ে নিজৰ বাগ্নিতাৰে সকলােকে মােহাচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হৈছিল। এইগৰাকী মহান নেতাই দল-মত নির্বিশেষে সকলােৰে পৰা আন্তৰিক শ্রদ্ধা বুটলিবলৈ সক্ষম হৈছিল। সেয়েহে তেওঁৰ বিয়ােগৰ বাতৰিয়ে সমগ্র দেশবাসীকে ম্রিয়মান কৰি তােলাৰ উপৰি সমগ্র বিশ্বই আজি এগৰাকী মহান নেতাক হেৰুৱাইছে বুলি উপলব্ধি কৰিছে।
১৯৯৪ চনত শ্রেষ্ঠ সাংসদৰ সন্মান লাভ কৰা তথা ভাৰতৰ সর্বোচ্চ সম্মান ভাৰত ৰত্নৰে বিভূষিত এই গৰাকী ৰাষ্ট্র নেতাৰ দেহাৱসানত ৰাষ্ট্ৰই এগৰাকী স্বপ্নদ্রষ্টা, যুগদ্রষ্টা, নির্ভীক, নিষ্ঠাৱান আৰু সর্বোপৰি এগৰাকী মানৱ দৰদী জননেতাক হেৰুৱালে। তেখেতে সততা আৰু নিষ্ঠাৰে প্রতিষ্ঠা কৰা আদর্শ যুগে যুগে সর্বসাধাৰণ জনসাধাৰণৰ হিয়াৰ মাজত অনুৰণিত হৈ থাকিব। অসমবাসীয়েও এই গৰাকী মহান নেতাৰ আদৰ্শৰে সদায়ে অনুপ্রাণিত হৈ থাকিব।
এইগৰাকী মহীৰূহৰ মহাপ্রয়াণত মই সমগ্ৰ অসমবাসীৰ হৈ যাঁচিছাে মােৰ সশ্রদ্ধ প্রণিপাত।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি