মহীৰূহৰ মহাপ্রয়াণত অসমে হেৰুৱালে এগৰাকী প্রকৃত সুহৃদক
সর্বানন্দ সােণােৱাল মুখ্যমন্ত্রী, অসম যিসকল ৰাষ্ট্র নেতাৰ বলিষ্ঠ নেতৃত্বৰে ভাৰত আজি এখন শক্তিশালী দেশ হিচাপে সমগ্র বিশ্বতে পৰিচিতি লাভ কৰিছে, সেই সকলৰ ভিতৰত অন্যতম হ’ল ভাৰতৰ ভূতপূর্ব প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী। এগৰাকী সফল মহানায়কে যেনেদৰে সন্মুখৰ পৰা নেতৃত্ব দি বিজয় সাব্যস্ত কৰে ঠিক তেনেদৰে এইগৰাকী মহান নেতইও ভাৰতবৰ্ষক বিভিন্ন দিশত সন্মুখৰ পৰা নেতৃত্ব প্রদান কৰি দেশখনক আগুৱাই লৈ যােৱাৰ ক্ষেত্ৰত আগবঢ়াইছিল অনৱদ্য অৱদান। এইগৰাকী মহান নেতাৰ প্ৰধানমন্ত্রীত্বৰ কাৰ্যকালতে আমেৰিকাকে ধৰি পৃথিৱীৰ বিভিন্ন শক্তিশালী ৰাষ্ট্রৰ সৈতে ভাৰতৰ বৈদেশিক সম্পর্ক শক্তিশালী হৈছিল। দেশৰ বিকাশৰ ক্ষেত্ৰত আন্তঃগাঁথনিয়ে লােৱা ভূমিকাৰ বিষয়ে এইগৰাকী ভৱিষ্যদ্রষ্টাই মর্মে মর্মে উপলব্ধি কৰিছিল আৰু সেয়েহে ‘প্রধানমন্ত্রী গ্রাম চড়ক যােজনা’ তথা নেশ্যনেল হাইৱেজ ডেভলপমেন্ট প্রজেক্টৰ লেখীয়া বৃহৎ প্রকল্পৰ সূচনা কৰিছিল এই