Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 6:33 pm

Home » আঞ্চলিক » বিদেশী ন্যায়াধীকৰণৰ মজিয়াত ৩ ঘণ্টা ধৰি পৰি থাকিল ১০২ বছৰীয়া বৃদ্ধ: নাই চৰকাৰী অধিবক্তা

বিদেশী ন্যায়াধীকৰণৰ মজিয়াত ৩ ঘণ্টা ধৰি পৰি থাকিল ১০২ বছৰীয়া বৃদ্ধ: নাই চৰকাৰী অধিবক্তা


# আশ্ৰাফুল হুছেইন

বিদেশী ন্যায়াধীকৰণৰ মজিয়াত ৩ ঘণ্টা ধৰি পৰি থাকিল ১০২ বছৰীয়া বৃদ্ধ৷ মজিয়াত শুই থকা এই ১০২ বছৰীয়া ব্যক্তিজনৰ নাম চন্দ্ৰধৰ দাস। ১৯৫০ চনমানত পাকিস্তানৰ পৰা আহি আশ্ৰয় লৈছিল ত্ৰিপুৰাত। কিছু বছৰ পিছত সেই ঠাইত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলত পুনৰ নিজগৃহ ত্যাগ কৰি আহি আশ্ৰয় লৈছিল শিলচৰত। ১৯৬৬ চনৰ ভোটাৰ তালিকাত উল্লেখ আছে তেওঁৰ নাম, তথাপিও ব্যৱস্থাৰ মহিমাত তেওঁ সন্দেহযুক্ত বিদেশী। বিগত কিছুমাহ পূৰ্বে তেখেতে বিদেশীৰ কলঙ্কৰ বাবেই তিনিমাহকাল ডিটেনচন কেম্পত বন্দী হৈ আছিল। পাছত জামিনত মুকলি হৈ চলাই গৈছে নিজৰ নাগৰিকত্ব প্ৰমাণৰ বাবে আইনী যুজঁ।
শিলচৰ চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰৰ আমৰাঘাট নামৰ ঠাইত বসবাস কৰে চন্দ্ৰধৰ দাস। অত্যন্ত দৰিদ্ৰ আৰু শাৰীৰিক অসুস্থতাৰ মাজেৰেও তেখেতে যুঁজি আছে স্বাধীনতা আদায়ৰ যুজঁ। কিন্তু যুজঁত বিড়ম্বনা এয়াই যে, বিদেশী ন্যাধিকৰণত নাই চৰকাৰী অধিবক্তা। শিলচৰ চহৰত আছে সৰ্বমুঠ ৬ খন বিদেশী ন্যায়াধীকৰণ। এওঁৰ গোচৰটো চলি আছে ৬ নম্বৰ ন্যায়াধীকৰণত, কিন্তু বিগত তিনিমাহৰ পৰাই এই ন্যায়াধীকৰণত নাই চৰকাৰী অধিবক্তা, যাৰ ফলত সম্ভৱ নহয় সাক্ষী গ্ৰহণ বা শুনানি। ১৪ আগষ্টত চন্দ্ৰধৰ দাসে অতি কষ্টৰে ৯ বজাত আহি পাইছিল ন্যায়াধীকৰণৰ চৌহদ, ভাবিছিল আজি তেখেতে পাব স্বাধীনতা। কিন্তু ১২ বজালৈ মজিয়াতে শুই থাকিল, নাই শুনানি লবলৈ চৰকাৰী অধিবক্তা। পাছত ন্যায়াধীকৰণৰ সদস্য সুনিল কৰ্মকাৰে আহি জনালে যে চৰকাৰী অধিবক্তাৰ অভাৱত তেওঁৰ শুনানি লোৱা সম্ভৱ নহয়, অহা ১৪ ছেপ্টেম্বৰত লোৱা হ’ব শুনানি। চৰকাৰৰ অৱহেলাৰ ফলত এনেদৰেই হাৰাশাস্তি হ’বলগা হৈছে অনেক ভুক্তভোগী।
এই ক্ষেত্ৰত চন্দ্ৰধৰ দাসৰ কন্যা, নিয়তি ৰয়ে চৰম অসন্তুষ্টি প্ৰকাশ কৰি কয় যে যেনেদৰে আৰ্থিক নাটনিৰ মাজত দেউতাক ইয়ালৈ লৈ অহাত কষ্ট হয়, তাতকৈ দেউতাৰ বাবে অধিক কষ্ট হয় দুঘণ্টাৰ পথ যাত্ৰা। ১৯৬৬ চনৰ নথিপত্ৰ থকাৰ পিছতো কিয় তেওঁক এনেদৰে বাৰে-বাৰে হাৰাশাস্তি কৰা হৈ আছে বুলিও প্ৰশ্ন উত্থাপন কৰে। অন্যহাতে চন্দ্ৰধৰ দাসৰ অধিবক্তা সৌমেন চৌধুৰীয়ে চৰকাৰৰ বিফলতা বুলি কয়। এজন ১০২ বছৰীয়া বৃদ্ধৰ লগত মানৱীক আচৰণ কৰাটো ৰাষ্ট্ৰৰ কৰ্তব্য বুলি মতপোষণ কৰে। বৃদ্ধজনৰ ওচৰত নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰমাণৰ বাবে সকলো নথি আছে, তাৰ পাছতো এনেদৰে আমানৱীক ব্যৱহাৰ কৰি চৰকাৰে কি বুজাব খুজিছে সেয়াহে তেখেতে বুজা নাই বুলিও মত দিয়ে। এই ক্ষেত্ৰত জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মনে টেলিফোনযোগে পৰিয়ালক সান্তনা দিয়াৰ কথা জানিব পৰা গৈছে আৰু অহা তাৰিখত আইনজীৱীৰ উপস্থিতি নিশ্চিত কৰিব বুলি জনাইছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি