Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:47 pm

Home » আঞ্চলিক » বিজনীত ভূ-লুণ্ঠিত মানৱতা : সম্পত্তিৰ লোভত পুত্ৰই অঘৰী কৰিলে পিতৃক

বিজনীত ভূ-লুণ্ঠিত মানৱতা : সম্পত্তিৰ লোভত পুত্ৰই অঘৰী কৰিলে পিতৃক

ধনৰ বিনিময়ত অপৰাধীৰ পক্ষত আৰক্ষী

গুৱাহাটী : হায়! মানৱতা৷ নিজৰ স্বাৰ্থসিদ্ধি বা সম্পত্তিলৈ কোনো পুত্ৰই যে নিজৰ জন্মদাতা পিতৃক ঘৰৰ পৰা গতিয়াই খেদি পঠিয়াব পাৰে, সেয়া নতুন কথা নহয় যদিও চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত দতুৰি গাঁৱত সংঘটিত এনে এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ য’ত আৰক্ষীয়েও অপৰাধীৰ পক্ষত সাৰ-পানী যোগান ধৰাৰো অভিযোগ উত্থাপিত হৈছে৷
ঘটনাৰ বিৱৰণী অনুসৰি, জিলাখনৰ বিজনী থানাৰ অন্তৰ্গত নজৰ আলী (৭০) নামৰ বৃদ্ধ লোক এগৰাকী বিগত এমাহ ধৰি নিজৰেই ঔৰসজাত সন্তান তিনিজনৰ অত্যাচাৰৰ বলি হোৱাৰ লগতে নিজৰ ঘৰ-সংসাৰ এৰি পত্নী আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী জীয়েকৰ সৈতে আনৰ ঘৰত আশ্ৰয় লৈ দিন পাৰ কৰিবলগীয়া হৈছে৷ অসহায় পিতৃগৰাকীয়ে কেবাবাৰো ইয়াৰ ন্যায় বিচাৰি বিজনী আৰক্ষীৰ কাষ চাপে যদিও আৰক্ষীও বিহীত ব্যৱস্থা গ্ৰহণৰ বিপৰীতে এইক্ষেত্ৰত অপৰাধীৰহে পক্ষ লোৱা পৰিলক্ষিত হয়৷
‘সংবাদ প্ৰহৰী’ৰ হাতত পৰা তথ্য অনুসৰি, অভিযোগকাৰী বৃদ্ধ পিতৃয়ে পৰ্যায়ক্ৰমে যোৱা ১৫, ১৮, ২৩ আৰু ২৭ জুলাইত বিজনী থানাত অত্যাচাৰী পুত্ৰৰ বিৰুদ্ধে লিখিত এজাহাৰ দাখিল কৰাৰ পিছতো এইক্ষেত্ৰত আৰক্ষীয়ে সম্পূৰ্ণৰূপে অপৰাধীৰ পক্ষ লোৱাৰ উপৰি অভিযোগকাৰীৰ পৰা উকা কাগজত বলপূৰ্ব্বক চহী লৈ অভিযোগকাৰীক দাবী-ধমকি দিয়া বুলিও অভিযোগত প্ৰকাশ৷
ঘটনা সন্দৰ্ভত কেবাবাৰো অভিযোগ দিয়াৰ পিছতো ন্যায় বা সুফল লাভ কৰিবলৈ সক্ষম নোহোৱাৰ ফলত অভিযোগকাৰীয়ে উপায়ন্তৰ হৈ যোৱা ৬ আগষ্টত কোকৰাঝাৰস্থিত বিটিএডিৰ আইজিপিৰ শৰণাপন্ন হয়৷ তাৰ পিছতো আৰক্ষী মহলে এইক্ষেত্ৰত নিৰ্লিপ্ত ভূমিকা পালন কৰা দেখা যায়৷
উল্লেখ্য যে নিষ্ঠুৰ পুত্ৰত্ৰয় ক্ৰমে— নৌশাদ আলী, মইনুল হক, ইকবাল হুছেইন আৰু ষড়যন্ত্ৰকাৰী ভাতৃ আক্কেল আলীয়ে দীৰ্ঘদিন ধৰি সম্পত্তিৰ ভাগ বিচাৰি বৃদ্ধ পিতৃগৰাকীক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰি আহিছে৷ কেৱল সেয়াই নহয়, উক্ত অপৰাধী কেইজনে বৃদ্ধ পিতৃক বলপূৰ্বকভাৱে ঘৰৰ পৰা উলিয়াই দি পিতৃৰ সকলো নথিপত্ৰ হস্তগত কৰি ঘৰখনত তলা লগাই দিয়ে৷ এইক্ষেত্ৰত অৰ্থলোভী আৰক্ষীয়েও অপৰাধীৰ পক্ষত থাকি সহযোগ কৰা দেখা গৈছে৷
মন কৰিবলগীয়া যে ইয়াৰে নৌশাদ আলী আৰু মইনুল হক নামৰ পুত্ৰদ্বয়ে কৰ্মসূত্ৰে গুৱাহাটীত থাকে আৰু ভাতৃ আক্কেল আলী এজন অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিপিএফ দলৰ সক্ৰিয় কৰ্মী৷ গুৱাহাটীত কৰ্মৰত পুত্ৰদ্বয়ে প্ৰায়েই বিজনীলৈ আহে আৰু আৰক্ষীক মেনেজ কৰি এইদৰে বৃদ্ধ পিতৃগৰাকীক শাৰিৰীক, মানসিক অত্যাচাৰ চলোৱাৰ উপৰি ঘৰৰ বিভিন্ন আচবাব-পত্ৰ ভাঙি-ছিঙি পেলায়৷ উল্লেখ কৰা বাহুল্য যে আক্কেল আলী নামৰ বিপিএফৰ এই কৰ্মীজনে ৰাজনৈতিক ক্ষমতা প্ৰয়োগ কৰি পুত্ৰত্ৰয়ক উচটনি দি আহিছে৷ অত্যাচাৰৰ সীমা চেৰাই যোৱাত পুত্ৰত্ৰয়ে বৃদ্ধগৰাকীৰ স্থাৱৰ-অস্থাৱৰ কোনো সম্পত্তিৰ অধিকাৰী হ’ব নোৱাৰিব বুলি উপায়বিহীন বৃদ্ধ পিতৃগৰাকীয়ে যোৱা ২৭ জুলাইত নটাৰিযোগে এক হলফনামা প্ৰস্তুত কৰি বিজনী মহকুমা দণ্ডাধীশৰ আদালতত দাখিল কৰে৷
ইফালে পুত্ৰই সম্পত্তিৰ লোভত অসহায় বৃদ্ধ পিতৃ-মাতৃ আৰু ভগ্নীক এইদৰে ঘৰৰ পৰা উলিয়াই দিয়া ঘটনা ৰাষ্ট্ৰ হোৱাত বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে কালি এবিএমছুৰ এটা সঁজাতি দলে ঘটনাস্থলীত উপস্থিত হৈ অসহায় বৃদ্ধগৰাকীৰ পৰা ঘটনা সম্পৰ্কে সবিশেষ জানি এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে৷ ইপিনে উক্ত ঘটনাৰ নিন্দা প্ৰকাশ কৰি অতি শীঘ্ৰে অপৰাধীক দৃষ্টান্তমূলক শাস্তি বিহিবলৈ বিভিন্ন মহলে উৰ্ধতন কৰ্তৃপক্ষৰ ওচৰত দাবী জনায়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি