বিদেশী ন্যায়াধীকৰণৰ মজিয়াত ৩ ঘণ্টা ধৰি পৰি থাকিল ১০২ বছৰীয়া বৃদ্ধ: নাই চৰকাৰী অধিবক্তা

# আশ্ৰাফুল হুছেইন বিদেশী ন্যায়াধীকৰণৰ মজিয়াত ৩ ঘণ্টা ধৰি পৰি থাকিল ১০২ বছৰীয়া বৃদ্ধ৷ মজিয়াত শুই থকা এই ১০২ বছৰীয়া ব্যক্তিজনৰ নাম চন্দ্ৰধৰ দাস। ১৯৫০ চনমানত পাকিস্তানৰ পৰা আহি আশ্ৰয় লৈছিল ত্ৰিপুৰাত। কিছু বছৰ পিছত সেই ঠাইত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলত পুনৰ নিজগৃহ ত্যাগ কৰি আহি আশ্ৰয় লৈছিল শিলচৰত। ১৯৬৬ চনৰ ভোটাৰ তালিকাত উল্লেখ আছে তেওঁৰ নাম, তথাপিও ব্যৱস্থাৰ মহিমাত তেওঁ সন্দেহযুক্ত বিদেশী। বিগত কিছুমাহ পূৰ্বে তেখেতে বিদেশীৰ কলঙ্কৰ বাবেই তিনিমাহকাল ডিটেনচন কেম্পত বন্দী হৈ আছিল। পাছত জামিনত মুকলি হৈ চলাই গৈছে নিজৰ নাগৰিকত্ব প্ৰমাণৰ বাবে আইনী যুজঁ। শিলচৰ চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰৰ আমৰাঘাট নামৰ ঠাইত বসবাস কৰে চন্দ্ৰধৰ দাস। অত্যন্ত দৰিদ্ৰ আৰু শাৰীৰিক অসুস্থতাৰ মাজেৰেও তেখেতে যুঁজি আছে

|

বিজনীত ভূ-লুণ্ঠিত মানৱতা : সম্পত্তিৰ লোভত পুত্ৰই অঘৰী কৰিলে পিতৃক

ধনৰ বিনিময়ত অপৰাধীৰ পক্ষত আৰক্ষী গুৱাহাটী : হায়! মানৱতা৷ নিজৰ স্বাৰ্থসিদ্ধি বা সম্পত্তিলৈ কোনো পুত্ৰই যে নিজৰ জন্মদাতা পিতৃক ঘৰৰ পৰা গতিয়াই খেদি পঠিয়াব পাৰে, সেয়া নতুন কথা নহয় যদিও চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত দতুৰি গাঁৱত সংঘটিত এনে এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ য’ত আৰক্ষীয়েও অপৰাধীৰ পক্ষত সাৰ-পানী যোগান ধৰাৰো অভিযোগ উত্থাপিত হৈছে৷ ঘটনাৰ বিৱৰণী অনুসৰি, জিলাখনৰ বিজনী থানাৰ অন্তৰ্গত নজৰ আলী (৭০) নামৰ বৃদ্ধ লোক এগৰাকী বিগত এমাহ ধৰি নিজৰেই ঔৰসজাত সন্তান তিনিজনৰ অত্যাচাৰৰ বলি হোৱাৰ লগতে নিজৰ ঘৰ-সংসাৰ এৰি পত্নী আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী জীয়েকৰ সৈতে আনৰ ঘৰত আশ্ৰয় লৈ দিন পাৰ কৰিবলগীয়া হৈছে৷ অসহায় পিতৃগৰাকীয়ে কেবাবাৰো ইয়াৰ ন্যায় বিচাৰি বিজনী আৰক্ষীৰ কাষ চাপে যদিও আৰক্ষীও বিহীত ব্যৱস্থা

| | |

দেশৰ ভিতৰত এখন অন্যতম শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টাত ব্ৰতী হৈছে অসম

৭২ তম্ স্বাধীনতা দিৱস উপলক্ষে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ ভাষণৰ খচৰা ১৫ আগষ্ট, ২০১৮ পৰম শ্রদ্ধাভাজন ৰাইজ, ভাৰতবৰ্ষৰ ৭২ তম্ স্বাধীনতা দিৱসৰ এই পৱিত্ৰ মুহূর্তত আমি ৰাজ্যখনৰ জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ লগতে স্বাধীনতাৰ হকে সংগ্রাম কৰা সকলাে মহান সেনানী তথা বীৰ শ্বহীদৰ প্রতিও আমি গভীৰ শ্রদ্ধা নিবেদন কৰিছোঁ। স্বাধীনতা সংগ্রামত আত্মবলিদানেৰে ৰাজ্যখনক মহীয়ান কৰি তােলা মণিৰাম দেৱান, পিয়লি ফুকন, কুশল কোঁৱৰ, মুকুন্দ কাকতি, কনকলতা বৰুৱা, ভােগেশ্বৰী ফুকননীৰ লগতে অন্যান্য শ্বহীদ সকললৈ এই পৱিত্ৰ ক্ষণতে যাচিছে সশ্রদ্ধ প্রণিপাত। এই শুভ ক্ষণত স্বাধীনতা সংগ্ৰামত অহহাপুৰুষাৰ্থ কৰা ৰাজ্যখনৰ সৰ্বস্তৰৰ ৰাইজৰ লগতে আধুনিক অসমৰ ভেটি নির্মাণত বৰঙণি আগবঢ়োৱা কৃষক, শ্রমিক, শিক্ষক, বুদ্ধিজীৱী, ৰাজনীতিক, বৈজ্ঞানিক, সাংবাদিক, শিল্পী, সাহিত্যিক আৰু আন

ফেচবুকত মন্তব্য দি ৰঙাঘৰত মুকালমুৱাৰ ৰাইনুৰ আহমেদ

গুৱাহাটী : ফেচবুকত ভিত্তিহীন অভিযোগ, সাম্প্ৰদায়িক মন্তব্য আৰু অশ্লীল ভাষাৰে জনমানসত সেও প্ৰতিপন্ন কৰাৰ অপৰাধত আটক হৈছে মুকালমুৱাৰ ৰাইনুৰ আহমেদ। উল্লেখযোগ্য যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী তথা নলবাৰী জিলাৰ মুকালমুৱা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি ৰাইনুৰ আহমেদে সততে বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্য দি অহাটো সৰ্বজনবিদীত। কিছুদিন পূৰ্বে এলানি কেইবাটাও ফেচবুক পোষ্ট যোগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষক ছাত্ৰীক সাম্প্ৰদায়িক মনোভাৱলৈ ভিত্তিহীন অভিযোগ উত্থাপন কৰাৰ লগতে অশ্লীল ভাষাৰে বিভিন্ন মন্তব্য কৰি আছিল ৰাইনুৰ আহমেদে। ইয়াৰ ওপৰিও ছাত্ৰীগৰাকীয়ে ম’বাইলত কোনো অজ্ঞাত ব্যক্তিৰ পৰাও পাই আছিল ধাৰাবাহিক অশালীন মেছেজ। সেই বাবেই ৯ জুলাইত জালুকবাৰী আৰক্ষী চকীত ছাত্ৰীগৰাকীয়ে দাখিল কৰিছিল ৮৯৩/২০১৮ নম্বৰৰ এক এজাহাৰ। উক্ত এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে ১২ আগষ্টত মুকালমুৱাৰ পৰা ৰাইনুৰ আহমেদক

| |

স্বাধীনতা

# আছফিয়া আহমেদ গুৱাহাটী হে স্বাধীন দেশৰ অস্ত্রবিহীন সাধাৰণ যুঁজাৰু স্বাধীনচিতিয়া কিছু অনুভৱক পৰাধীনতাৰ গ্ৰাসত হেৰুৱাবলৈ নিদিবা হেজাৰ শ্বহীদৰ ত্যাগক স্মৰণিকাত তুলি ধৰাৰ সময় সমাগত হিংসা আৰু বিদ্বেষক দূৰত ৰাখি ধৈৰ্য্যৰে একতাক বান্ধি সৌম্যতাৰে আগুৱাই যোৱাৰ এয়াই উপযুক্ত পৰিৱেশ সকলো বিপৰ্য্যয়ৰ প্ৰত্যুত্তৰ দিয়াৰ এয়াই যে সময়… জাগ্ৰত হোৱা হে স্বাধীন দেশৰ অস্ত্রবিহীন সাধাৰণ যু্ঁজাৰু সামাজিক ব্যাধি আঁতৰাই সাম্প্ৰদায়িকতাৰ বীজ ধ্বংস কৰি মোহাৰি পোলোৱা কু-সংস্কৃতিৰ পোহাৰ স্বাধীনতাক হৃদয়ঙ্গম কৰা সচেতন হোৱা…. সজাগ হোৱা…. আৰু…. আগুৱাই যোৱা বিবেক আৰু আত্মবিশ্বাসৰ হাতত হাত ধৰি এক নতুন দিগন্তৰ দিশে । ।