Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 1:12 pm

Home » আঞ্চলিক » সাহিত্যিক আৰু সাংবাদিক পেঞ্চনত চৰ-চাপৰিক উপেক্ষা চৰকাৰৰ

সাহিত্যিক আৰু সাংবাদিক পেঞ্চনত চৰ-চাপৰিক উপেক্ষা চৰকাৰৰ

গুৱাহাটী : স্বাধীনতা দিৱসৰ প্ৰাক্‌মুহূৰ্তত চৰ-চাপৰি সাহিত্য পৰিষদ, অসমে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি যিসকল চৰ-চাপৰিবাসীয়ে দেশৰ স্বাধীনতা আন্দোলনলৈ প্ৰভূত বৰঙণি আগবঢ়াই থৈ গ’ল তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি যাচিছে৷ 
চৰ-চাপৰিবাসী এইসকল স্বাধীনতা সংগ্ৰামীসকলৰ মাজৰ অন্যতম আছিল দেৰাজ উদ্দিন সৰকাৰ (হাউলী), হাকিম আলী দেৱানী (মন্দিয়া), আবুল হোছেইন পণ্ডিত (পোৰাৰভিটা, ধুবুৰী), কোবাদ আলী (মানকাচৰ), জিয়াউদ্দিন প্ৰধানী (ধুবুৰী নগৰ), আব্দুল কৰিম (জামাদাৰহাট), হাজী ৰহিজ উদ্দিন (জলেশ্বৰ), ৰহিম ছাপ্লাই (বিলাসীপাৰা), ছেফাতুল হক মুন্সী (বোৱালমাৰী, চাপৰ), ইলাহী বক্স সৰকাৰ (মাজেৰ আলগা), কাজিম উদ্দিন মাষ্টাৰ (বাহাদুৰমাটি, জৰুৱা বন্দিহানা), দেৰাজ উদ্দিন আহমদ (শালকোচা), ছাইফুন নেছা, ইছলাম খা (নগাঁও), মহদ ইলিয়াচ, হাবিবুন নেছা, মহদ ইছলাম (ৰূপহী), এছাহক কাছিমী (গদাইমাৰী), কাজী আহাদ আলী (জুৰিয়া), ওচমান আলী সদাগৰ (আলীটাঙানী) আৰু পথৰুঘাটৰ ৰণত যুঁজি আহত হোৱা মৌলবী অলিউল্লাহ আৰু ছয়গৰাকী চৰ-চাপৰিবাসী খেতিয়ক৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে এওঁলোকৰ অধিকাংশই আজিও চৰকাৰী স্বীকৃতি নাপালে বুলি আক্ষেপ প্ৰকাশ কৰে পৰিষদৰ সভাপতি ড০ হাফিজ আহমেদে৷ 
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে চৰ-চাপৰি সাহিত্য পৰিষদে এইসকল স্বাধীনতা সংগ্ৰামীৰ আত্মাৰ সদগতি কামনা কৰি তেওঁলোকৰ অৱদানক শ্ৰদ্ধাৰে সুঁৱৰে৷ আনহাতে ৭২তম্‌ স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰে সাহিত্যিক আৰু সাংবাদিকসকললৈ পেঞ্চন ঘোষণা কৰিছে৷ কিন্তু দুখ আৰু পৰিতাপৰ কথা যে, এই তালিকাত চৰ-চাপৰিৰ কোনো সাহিত্যিক বা সাংবাদিকৰ নাম নাই৷ অথচ চৰ-চাপৰিত সাহিত্য চৰ্চা কৰা বা সাংবাদিকতা কৰা প্ৰবীণ লোকৰ অভাৱ নাই৷ চৰকাৰৰ এনে মনোভাৱে চৰ-চাপৰিবাসীৰ মনত ক্ষোভৰ জন্ম দিছে৷ আমি আশা কৰিছিলোঁ চৰ-চাপৰিৰ প্ৰবীণ সাহিত্যিক ইছমাইল হোছেইন (জ্যেষ্ঠ)ক মৰণোত্তৰভাৱে আৰু ড০ অহিজুদ্দিন শ্বেখৰ দৰে স্বনামধন্য সাহিত্যিক বা মৌলানা আব্দুল হামিদৰ দৰে প্ৰবীণ সাংবাদিকলৈ ৰাজ্য চৰকাৰে এনে সুবিধা আগবঢ়াব বুলি৷ কিন্তু দুৰ্ভাগ্যজনকাৱে চৰ-চাপৰিবাসীৰ মাজৰ পৰা এজনো সাহিত্যিক বা সাংবাদিকলৈ এনে সন্মান প্ৰদান কৰা নহ’ল৷ ভৱিষ্যতে এই দিশত চৰকাৰে যথোপযুক্ত গুৰুত্ব আৰোপ কৰিব বুলি চৰ-চাপৰি সাহিত্য পৰিষদে আশা প্ৰকাশ কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি