Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 2:03 pm

Home » আঞ্চলিক » নৰেন্দ্ৰ মোদী আৰএছএছৰ প্ৰচাৰক নে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্রী ?

নৰেন্দ্ৰ মোদী আৰএছএছৰ প্ৰচাৰক নে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্রী ?

“চলাে জিতে হ্যাঁয়” ছবিক লৈ অসম প্রদেশ কংগ্রেছৰ কটাক্ষ


গুৱাহাটী : প্রধানমন্ত্রী ডাঙৰীয়া, আপুনি আৰএছএছৰ প্ৰচাৰক নে ভাৰতবৰ্ষৰ দৰে ভিন্ন ভাষা-ভাষী, ধর্মসম্প্রদায়ৰ লােকেৰে সমৃদ্ধ এখন দেশৰ প্রধানমন্ত্রী? আমি আপােনাক এই প্রশ্ন কৰিবলৈ এই কাৰণেই বাধ্য হলাে যে দেশৰ প্রধানমন্ত্ৰীৰ আসনত আসীন হৈ আপুনি বিভিন্ন সময়ত বিভিন্ন বিষয়ত যিসমূহ বিভ্রান্তিকৰ কথা কৈ আহিছে সিয়ে দেশবাসীক বিভ্রান্ত কৰাই নহয়, হতাশা কৰিছে। অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে সোমবাৰে ৰাজীৱ ভৱনত আয়ােজিত এক সংবাদ মেল যােগে দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীক উদ্দেশ্যি এই মন্তব্য কৰে৷
বিশেষকৈ অসমৰ বিদেশী সমস্যাৰ সন্দৰ্ভত প্রধানমন্ত্রী গৰাকীয়ে বিভিন্ন সময়ত গ্ৰহণ কৰা স্থিতিয়ে অসমৰ জনসাধাৰণক বিভ্রান্ত কৰিছে বুলি উল্লেখ কৰি সংবাদ মেলত প্রদেশ কংগ্ৰেছে কয় যে প্রধানমন্ত্রী গৰাকীয়ে কংগ্ৰেছে অসমত ভােট বেংকৰ ৰাজনীতি কৰা বুলি বিভিন্ন সময়ত মন্তব্য কৰিছে। কিন্তু ইন্দিৰা গান্ধীৰ সময়ৰ পৰাই কংগ্ৰেছে বিদেশী নাগৰিকৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰি আহিছে। ১৯৭১ চনতে প্রয়াত প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে স্পষ্টভাৱে ঘােষণা কৰিছিল মই অবৈধ প্রব্রজনৰ পক্ষত কোনাে দিনেই নাই।
আনকি অতি শেহতীয়াভাৱে এনআৰচি প্রকাশৰ পিছত বৰ্তমানৰ কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধীয়ে কেবল এনআৰচিৰ ওপৰত আলােচনা কৰিবলৈ কংগ্রেছৰ সর্বোচ্চ নীতি নির্ধাৰক কমিটীৰ বৈঠক বহুৱাই নিজৰ স্থিতি ৰাজহুৱাকৈ স্পষ্ট কৰিছে। কিন্তু, অসমৰ এনআৰচি আৰু অবৈধ বিদেশীৰ সন্দৰ্ভত বিজেপি দলৰ সভাপতি অমিত শ্বাহ, প্রধানমন্ত্রী নৰেন্দ্ৰ মােডী আৰু গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াৰ ভিন্ন ভিন্ন মত। ২০১৪ চনৰ লােকসভা নির্বাচনৰ পূর্বে ২৭ এপ্রিল তাৰিখে পশ্চিমবঙ্গৰ শ্ৰীৰামপুৰৰ এখন নির্বাচনী সভাত নৰেন্দ্ৰ মােডীয়ে বিজেপি ক্ষমতালৈ আহিলে ১৬ মে’ৰ পিছতেই বাংলাদেশীয়ে টালিটোপােলা বান্ধিব লাগিব বুলি সকিয়নি দিছিল। অথচ আজি সেইগৰাকী ব্যক্তিয়েই ক্ষমতালৈ আহি নাগৰিকত্ব সংশােধনী বিধেয়ক আনি একাংশ বিদেশীক স্বদেশী কৰাৰ প্রচেষ্টা চলাইছে।
ইফালে কেন্দ্রীয় গৃহৰাজ্য মন্ত্ৰীগৰাকীয়েও বাংলাদেশৰ এগৰাকী সাংসদক ভাৰতৰ পৰা কোনাে লােক বাংলাদেশলৈ ওভতাই পঠোৱাৰ পৰিকল্পনা নাই বুলি কৈছে আৰু এই সমগ্র বিষয়টোৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল আৰু ৰাজ্যিক বিজেপিয়ে ৰহস্যজনক মৌনতা অৱলম্বন কৰিছে। পৰিৱৰ্তন আৰু বিদেশীমুক্ত অসমৰ প্রতিশ্রুতি দিয়া বিজেপি দলক অতি সােনকালে এই সন্দৰ্ভত তেওঁলােকৰ প্রকৃত স্থিতি কি তাক ৰাজহুৱা কৰিবলৈ সংবাদ মেলত দলৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্রদ্বয় ক্রমে দুর্গাদাস বড়াে আৰু কিশােৰ কুমাৰ ভট্টাচার্যই দাবী জনাইছে।
আনহাতে, এই সংবাদ মেলত প্রদেশ কংগ্ৰেছে প্রধানমন্ত্ৰীৰ জীৱনৰ আধাৰত নির্মিত বুলি প্ৰচাৰিত এখন ছুটি ছবি “চলাে জিতে হ্যাঁয়” চাবলৈ সকলােবােৰ মহাবিদ্যালয়ৰ অধ্যক্ষলৈ শিক্ষক শিক্ষয়িত্রীসহ ৩০ গৰাকীকৈ ছাত্র-ছাত্রীক আহিবলৈ দিয়া চৰকাৰী নির্দেশনাকো কঠোৰ ভাষাৰে সমালােচনা কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে যাৰ শৈক্ষিক অৰ্হতালৈ বাৰম্বাৰ প্রশ্ন উত্থাপন হৈছে, যি নিজৰ পত্নীক প্রাপ্য মর্যাদাৰ পৰা বঞ্চিত কৰিছে, যিগৰাকী ব্যক্তি গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা কালত গােধৰা কাণ্ডৰ দৰে জঘন্য আৰু ঘৃনণীয় ঘটনা সংঘটিত হৈছে, যি পদে পদে নিজৰ প্রতিশ্রুতি পালনৰ পৰা ফালৰি কাটি দেশৰ মানুহক প্ৰতাৰণা কৰে, যাৰ আদর্শ মানৱতাবাদ নহয় এক বিশেষ ধৰ্মৰ উগ্রবাদ, যি ৰাইজৰ মনৰ কথা নুবুজে কেৱল নিজৰ মনৰ কথাহে ৰাইজক কয় তেনেকুৱা এগৰাকী ব্যক্তিৰ জীৱনৰ পৰা শিক্ষার্থীসকল অর্থাৎ দেশৰ নৱ প্ৰজন্মই কি আদর্শ ল’ব বুলিও মুখপাত্রদ্বয়ে প্রশ্ন উত্থাপন কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি