Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 5:54 pm

Home » বিবিধ » কৃষি » ধানখেতিত অচিন পোকৰ আক্ৰমণ : খেতিয়কৰ হাহাকাৰ পৰিস্থিতি

ধানখেতিত অচিন পোকৰ আক্ৰমণ : খেতিয়কৰ হাহাকাৰ পৰিস্থিতি


তামাৰহাট : কৃষক তথা কৃষিৰ উন্নতিৰ বাবে চৰকাৰে গ্ৰহণ কৰা কোনো আঁচনিয়ে ঢুকি নোপোৱাত এটাৰ পাছত এটা সমস্যাই জুৰুলা কৰিছে বৃহত্তৰ তামাৰহাট অঞ্চলৰ খেতিয়কক। কিন্তু এই ক্ষেত্ৰত নিৰ্লিপ্ত ভূমিকা পালন কৰি আহিছে বিভাগটোৱে। প্ৰথমে বৰষুণৰ অভাৱত খেতি পথাৰত চিৰাল ফাঁট, পাছত কিছু পৰিমানে বৰষুণ হ’ল যদিও শেহতীয়াকৈ আন এক অচিন পোকে আক্ৰমন কৰিলে ধাননি খেতিত।
জানিব পৰা মতে, ধুবুৰী জিলাৰ গোলোকগঞ্জ ৰাজহ চক্ৰৰ অন্তৰ্গত হৰিপুৰ অঞ্চলত শ শ বিঘা খেতি পথাৰত এক অচিন তথা ভয়ংকৰ পোকৰ আক্ৰমনত ধান খেতি নষ্ট হোৱাৰ উপক্ৰম হৈছে। এই ক্ষেত্ৰত চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপিত হৈছে।
খেতিয়কসকলে ব্যক্তিগতভাৱে বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিছে যদিও পোক বিধ ধান গছৰ ভিতৰত থকাৰ বাবে কোনো ঔষধে কাম হোৱা নাই বুলি খেতিয়কসকলে প্ৰকাশ কৰিছে। লগতে শুৰ পোকতকৈও এইবিধ পোক অতি ভয়ানক বুলি খেতিয়কসকলে মন্তব্য কৰিছে। কিয়নো শুৰ পোকে কঠিয়াৰ আগবোৰ খায় যদিও গুৰিৰ পৰা কুমলীয়া পাতবোৰ ওলাই থাকে। কিন্তু এইবিধ ভয়ানক পোকে কঠিয়াৰ আগ নহয়, কঠিয়াৰ গুৰিৰ পৰা মাজৰ কুমলীয়া অংশ কাটি পেলোৱাত কঠিয়াৰ গছটো সম্পূৰ্ণ ৰূপে নষ্ট হৈ যায়। এইবিধ সৰু পোকে গছৰ ভিতৰত থাকি দিনে ৰাতি কঠিয়াৰ গছ কটাত বাস্ত হৈ থাকে। ফলত ক্ৰমশ: বৃদ্ধি হৈছে অচিন পোকৰ আক্ৰমণ।
বছৰটোত এটা খেতিৰ ওপৰত নিৰ্ভৰ কৰা খেতিয়কসকলে ধানখেতিৰ এনে অৱস্থা দেখি এক জটিল সমস্যাৰ সন্মুখীন হৈছে। অনাগত দিনত খেতিয়কসকলে যদি এই পোকৰ আক্ৰমনক বাধা দিব নোৱাৰে তেন্তে পৰিয়াল পোহপাল দিয়াটো অসম্ভৱ হব বুলি ভাবি মূৰে কপালে হাত দিব লগা হৈছে খেতিয়কে।
আনহাতে বাৰে বাৰে কৃষি বিভাগৰ লগত যোগাযোগ কৰিও বিভাগটোৰ কোনো সহাৰি পোৱা নাই বুলি খেতিয়কসকলে অভিযোগ কৰিছে। উল্লেখ্য যে উক্ত অঞ্চলটোৰ খেতিপথাৰ বোৰ যোৱাবছৰত সুৰ পোকে আক্ৰমণ চলাই সমগ্ৰ ধান খেতি নষ্ট কৰি পেলাইছিল যদিও চৰকাৰৰ পৰা ক্ষতি পূৰণ দূৰৰ কথা বিভাগটোৰ পৰাও খেতিয়কে কোনো সহায়ৰ হাত পোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে।
আনহাতে অচিন পোকৰ আক্ৰমনৰ ফলত সৃষ্টি হোৱা সমস্যা সমাধানৰ বাবে বিজ্ঞান সন্মত ভাৱে ব্যৱস্থা লোৱাৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক খেতিয়কসকলে দাবী জনাইছে। অন্যথাই খেতিপথাৰসমূহ সম্পূৰ্ণ ৰূপে ধ্বংস হলে অনাগত দিনত দুৰ্ভোগ ভুগিব লগা হব খেতিয়ক ৰাইজে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি