Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:30 am

Home » আঞ্চলিক » তথ্য বিচাৰি যােৱা কৃষক মুক্তিৰ কৰ্মীক আক্রমন বন বিষয়াৰ

তথ্য বিচাৰি যােৱা কৃষক মুক্তিৰ কৰ্মীক আক্রমন বন বিষয়াৰ

গােৱালপাৰাত বন বিষ্যাৰ ছত্রছাযাত গঢ়ি উঠিছে বালিৰ ছিণ্ডিকেট : ঘটনাৰ তদন্তৰ লগতে বন বিষয়াক গ্রেপ্তাৰ আৰু নিলম্বনৰ দাবী কৃষক মুক্তিৰ

গুৱাহাটী : যােৱা ১০ আগষ্টত আবেলি ৩ঃ৩০ বজাত গােৱালপাৰা মালীক বন বিভাগৰ কাৰ্যালয়ত গােৱালপাৰা জিলা কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি পৰমা ৰাভা যুটীয়া সম্পাদক নবিউল ইছলাম, ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক তথা জিলা সভাপতি আমিনুল হক নেতৃত্বত তথ্য জনাৰ অধিকাৰ আইন ২০০৫ ৰ অধীনত বন বিভাগৰ কাৰ্যালয়ৰ ছত্রছায়াত চলি থকা কেতবােৰ অনিয়মৰ বিৰুদ্ধে আইনসংগতভাৱে তথ্য বিচাৰি আবেদন জমা কৰিবলৈ ডি এফ অ কার্যালয়ত যােৱাৰ পিছত কার্যালয়ৰ গাননিক তথা উচ্চ বর্গৰ সহায়ক মহাদেৱ দাসে আবেদন গ্রহণ কৰিবলৈ অমান্তি হৈ কষক মুক্তি ছাত্র মুক্তিৰ দলটোক অশালীন গালি গালাজ পাৰে তেতিয়া ছাত্র নেতা আমিনুল হকে তেখেতক প্রশ্ন কৰে আপুনি নিয়ম আৰু আইন অনুসৰি কাম কৰিবই লাগিব। সেই কথা কোৱাৰ লগে লগেই গাননিক জনে চকীৰ পৰা উঠি আহি ছাত্র নেতা আমিনুল হকক শাৰীৰিক অক্রমন কৰি প্রাণে মৰাৰ চেষ্টা কৰে লগে লগে পৰা ৰাভাকো ডিঙিত হেঁচি ধৰি বন্ধ কোঠাৰ মাজত তিনিওজনকে আবদ্ধ কৰি ৰাখে তেতিয়াই সাংবাদিক সকলে আহি পাওঁতে তেওঁলােক তিনিওজনক এইখন ৰাইজৰ কাৰ্যালয় নহয় বুলি বন বিষয়াসকলে গতিয়াই উলিয়াই দিয়াত হুলুস্থুল পৰিবেশৰ সৃষ্টি হয়। তাৰ পিছতে গােৱালপাৰাৰ নেতৃত্বই গােৱালপাৰা সদৰ থানাত দুখন সুকীয়াকৈ গােচৰ তৰে । লগে লগে গােচৰ নং ৫৮৮/১৮ নম্বৰত পঞ্জীয়ন কৰে।
এই ঘটনা সন্দৰ্ভত প্ৰেছ বিবৃত্তি যােগে প্রতিক্রিয়া প্রকাশ কৰি কষক মুক্তিৰ উপদেষ্টা অখিল গগৈ, বেদান্ত লস্কৰ, সভাপতি ৰাজু বৰা, ভাস্ক ডি শইকীয়া, যুটীয়া সম্পাদক ধৈৰ্য্য কোঁৱৰ, মুকুট ডেকাই কয় সর্বানন্দ সােনােৱালৰ সময়ত শাসকীয় দলৰ শীর্ষ নেতা সকলৰ নেতৃত্বতে ৰাজ্যখনত চাৰিওফালে ছিণ্ডিকেট চলি আছে তাৰেই অংশশ্বৰূপে গােৱালপাৰাত চলি থকা বালি ছিণ্ডিকেটৰাজত গােৱালপাৰা মাণ্ডলীক বন বিষয়া ঐশ্বর্যময় কুমাৰ গােস্বামী জড়িত থকাটো নিশ্চিত হ’ল৷ নহলে তেখেত আজিলৈকে কোনােধৰনৰ ব্যৱস্থা গ্ৰহণ কৰাতাে দূৰৰ কথা তাৰ পৰিবৰ্তে তেখেতৰ কাৰ্যালয়ত তথ্য বিচাৰি যােৱা ব্যক্তিক শাৰীৰিক আক্রমন কৰি প্রাণ নাশৰ চেষ্টা চলােৱাৰ পিছতাে কেনাে ধৰণৰ কাৰ্যব্যৱস্থা হাতত নলােৱাটো দুর্ভাগ্যজনক। সেয়ে অতি সােনকালে কার্যালয়ত গুণ্ডাগিৰি কৰা গাননিক মহাদেৱ দাসক গ্রেপ্তাৰ আৰু চাকৰিৰ পৰা নিলম্বন কৰিবলৈ দাবী জনালে সংগঠনটোৱে। অন্যথা কৃষক মুক্তি সংগ্রাম সমিতিয়ে সমগ্র অসমত তীব্র আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব আৰু সৰ্বানন্দ সােনােৱাল যদি সঁচাকৈয়ে ছিণ্ডিকেট বিৰােধী হয় তেন্তে অতি সােনকালে গােৱালপাৰা জিলাত চলি থকা বৃহৎ বালিৰ ছিণ্ডিকেট উচ্চ পর্যায়ৰ তদন্ত ঘােষণা কৰক লগতে মূল মাফিয়া সকলক গ্রেপ্তাৰ কৰি সাহস দেখুৱাক।
এই বিষয়ে ছাত্র মুক্তিৰ কেন্দ্ৰীয় সমিতিয়েও প্রতিক্রিয়া প্রকাশ কৰে। ছাত্র মুক্তি সংগ্রাম সমিতিৰ সভাপতি বিতু সােনােৱাল, কার্যকৰী সভাপতি মানস কোঁৱৰ, আশ্রাফুল ইছলাম, সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয়, কার্যালয়ত গুণ্ডাগিৰি কৰা বন কর্মচাৰী মহাদেৱ দাসক ২৪ ঘণ্টাৰ ভিতৰত গ্রেপ্তাৰ আৰু চাকৰিৰ পৰা নিলম্বন নকৰিলে সমগ্ৰ অসমত ছাত্র মুক্তি সংগ্রাম সমিতিয়ে তীব্র আন্দোলন গঢ়ি তুলিব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি