Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 12:41 pm

Home » আঞ্চলিক » এন আৰ চিৰ পৰা বঞ্চিত প্ৰকৃত ভাৰতীয় বাঙালি

এন আৰ চিৰ পৰা বঞ্চিত প্ৰকৃত ভাৰতীয় বাঙালি

বিজেপি সভাপতি ৰঞ্জিত দাসৰ দিছপুৰ আবাসগৃহত ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰে বাঙালি যৌথ সমন্বয় সমিতিৰ বৈঠক

প্ৰদীপ কুমাৰ সৰকাৰৰ সংবাদ :
সদ্য প্ৰকাশিত এন আৰ চিৰ অন্তিম খচৰাত প্ৰকৃত ভাৰতীয় হিচাপে উপযুক্ত নথিপত্ৰ জমা দিয়াৰ পিছতো পোন্ধৰ লক্ষাধিক বাঙালিলোকৰ নাম বাদ পৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে বাঙালি সকলৰ চৈধ্যটাকৈ জাতীয় সংগঠনৰ উমৈহতীয়া মঞ্চ বাঙালি যৌথ সমন্বয় সমিতি,অসমে দেওবাৰে সমন্বয় সমিতিৰ গুৱাহাটীস্থিত মূখ্য কাৰ্যালয়ত দিনব্যাপি অনুষ্টিত হোৱা গুৰুত্বপূৰ্ন কাৰ্যনিৰ্বাহক সভাৰ অন্তত সমিতিৰ এক ত্ৰিশজনীয়া প্ৰতিনিধি দলে নিশা ন বজাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ দিছপুৰস্থিত বিধায়ক আবাসত গৈ এক আলোচনাত মিলিত হয়৷
আলোচনাত বিজেপিৰ অসম ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপৰিও মুখ্য সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, সাধাৰণ সম্পাদক পুলক গোহাই, দিলীপ শইকীয়া আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা আবকাৰী ও বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আদিয়ে বাঙালি যৌথ সমন্বয় সমিতিৰ মুখ্য উপদেষ্টা অলক কুমাৰ ঘোষ আৰু সমন্বয় সমিতিৰ সভাপতি সুকুমাৰ বিশ্বাসৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে এন,আৰ,চিৰ পৰা বঞত্চি প্ৰকৃত ভাৰতীয় বাঙালিসকলৰ দুৰ্দশাগ্ৰস্থ আৰু হতাশাগ্ৰস্থতাৰ প্ৰকৃত প্ৰতিচ্ছবি তুলি ধৰে. এন.আৰ.চি. কৰ্তৃপক্ষই মাইগ্ৰেচন চাৰ্টিফিকেট, ৰিফিউজি কাৰ্ড, মাটিৰ দলিল, পঞ্চায়তৰ প্ৰমান পত্ৰ, ১৯৭১চনৰ লোকপিয়লৰ নথি, কেন্দ্ৰীয় চৰকাৰৰ ১৯৫৪ চনৰ নথি, আদালতে প্ৰদান কৰা (ভাৰতীয় হিচাপে) ৰায়দানৰ কপি আদি নাকচ কৰি এন.আৰ.চিৰ পৰা বাদ ৰখা কাৰ্যত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে প্ৰতিনিধি দলটিয়ে৷
এইক্ষেত্ৰত বিজেপি দল আৰু চৰকাৰৰ ভূমিকা কি এই সন্দৰ্ভত স্পষ্ট মতামত জানিব বিচাৰে প্ৰতিনিধি দলটিয়ে৷ এইক্ষেত্ৰত দলীয় মন্তব্য ৰাখে সভাপতি ৰঞ্জিত দাস আৰু সাংগঠনিক সাধাৰণ সম্পাদক ফণিন্দ্ৰ নাথ শৰ্মাই কয় যে প্ৰকৃত ভাৰতীয়সকলৰ নাম যাতে এন.আৰ.চিত অন্তৰ্ভূক্ত হয় তাৰবাবে দলে দায়িত্ব আৰু কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰিব আৰু এই ক্ষেত্ৰত প্ৰকৃত ভাৰতীয়ৰ চিন্তাৰ কোনো কাৰণ নাই৷ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাতো এই কথা উত্থাপন কৰিব বুলি প্ৰতিনিধি দলটিক আশ্বাস প্ৰদান কৰে৷
আনপিনে ৰাজ্যচৰকাৰৰ ফালৰ পৰা মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে, উল্লেখিত নথিসমূহ কিয় এন আৰচি কৰ্তৃপক্ষই গ্ৰহন কৰা নাই এই সম্পৰ্কে এক উচ্চ পৰ্যায়ৰ চুপ্ৰিমকোৰ্টৰ বিচাৰপতিসকলৰ বৈঠক অনুষ্ঠিত কৰা হব বুলি জনায়৷প্ৰকৃত ভাৰতীয়সকলৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত কৰিবলৈ চৰকাৰ দায়বদ্ধ বুলিও মন্ত্ৰীগৰাকীয়ে জনায়৷
উক্ত আলোচনাত বংগভাষী অসমীয়া সমাজৰ সভাপতি প্ৰদীপ সেনশৰ্মা, বাঙালি যুবছাত্ৰ ফেডাৰেচনৰ কাৰ্যকৰী সভাপতি ৰতন কুমাৰ সেন, বৃহত্তৰ অসম বাঙালি উন্নয়ন পৰিষদৰ সাধাৰন সম্পাদক সুৰেশ সৰকাৰ, নাগৰিক অধিকাৰ ৰক্ষা সমিতিৰ সাধাৰন সম্পাদক শেখৰ দে, বাঙালি মহিলা ফেডাৰেচনৰ সভানেত্ৰী গৌৰী চৌধূৰী, বাঙালি সুৰক্ষা সমিতিৰ সভাপতি বাপ্পা দত্ত, বাঙালি ছাত্ৰ সন্থাৰ সম্পাদক,দেবাশীষ পাল, বাঙালি সমাজ, অসমৰ সভাপতি বাবুল সৰকাৰ,বাঙালি যুব পৰিষদৰ সভাপতি ললিত বৰণ নাথ, সঞ্জীব সাহা, ভাস্কৰ দাস প্ৰমূখ নেতৃবৃন্দই আলোচনাত অংশ লৈ বাঙালি সকলে এন,আৰ চিক লৈ ভোগী থকা লোকসকলৰ বাস্তৱ ছবি তথ্যসহ দাঙি ধৰাৰ লগতে প্ৰয়োজনীয় নথিসমূহৰ প্ৰতিলিপিও প্ৰদান কৰি অভিযোগৰ সত্যতা প্ৰতিপন্ন কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি