Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 7:51 am

Home » আঞ্চলিক » এন. আৰ. চিৰ আত্মাক’ হত্যাৰ অপচেষ্টা অমিত শ্বাহ বাহিনীৰঃ প্রদেশ কংগ্রেছ

এন. আৰ. চিৰ আত্মাক’ হত্যাৰ অপচেষ্টা অমিত শ্বাহ বাহিনীৰঃ প্রদেশ কংগ্রেছ


গুৱাহাটীঃ অসমৰ এন আৰ চিক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনােৱা বিজেপি দলে এতিয়া নিজেই এই বিষয়টোক লৈ দেশজুৰি ৰাজনীতি আৰম্ভ কৰা কথাটোত অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে। বিজেপিৰ ৰাষ্ট্রীয় সভাপতি অমিত শাহ ডাঙৰীয়াই সমগ্ৰ দেশৰ একাধিক জনসভাত বিশেষকৈ শনিবাৰে পশ্চিম বংগৰ এখন জনসভাত অসমৰ এন আৰ চি ৰ প্রসঙ্গ টানি কৰা মন্তব্যই বিজেপি দলৰ অসমৰ জনসাধাৰণৰ প্রতি যে কোনাে দায়বদ্ধতা নাই সেই কথাটোকে পুণৰ প্রমান কৰিলে।
অসমৰ জনসাধাৰণৰ আকাংখাক বাস্তবায়িত কৰি কংগ্ৰেছ দলৰ চৰকাৰে এন আৰ চি ৰ কাম প্রায় শেষ কৰিছিল। কিন্তু বিজেপি চৰকাৰে ক্ষমতলৈ আহি বিভিন্ন অজুহাতত এই কাম লেহেমীয়া কৰিবলৈ সর্বতাে প্রকাৰে চেষ্টা কৰিছিল যদিও মহামান্য উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতিৰ বাবে সফল হ’ব নােৱাৰি এতিয়া এন আৰ চি আমি কৰিলাে বুলি দম্ভালি মাৰিছে৷
অন্যহাতে, অসম চুক্তিক এন আৰ চি আত্মা বুলি অভিহিত কৰা একেজন অমিত শ্বাহে যােৱা কালি পশ্চিমবংগৰ জনসভাত নাগৰিকত্ব সংশােধনী বিধেয়ক আইনত পৰিণত কৰিমেই বুলি কৈ সেই ‘আত্মাকে হত্যাৰ অপচেষ্টা চলাইছে। অসমৰ বিদেশীৰ ক্ষেত্ৰত কংগ্ৰেছৰ স্থিতিৰ বিষয়ে প্রশ্ন উত্থাপন কৰা বিজেপিৰ সভাপতি গৰাকীক প্রত্যাহ্বান জনাই এই ক্ষেত্ৰত বিজেপিকহে নিজৰ স্থিতি স্পষ্ট কৰিবলৈ প্রদেশ কংগ্ৰেছে দাবী জনায়।
বিবৃতিটোত প্রদেশ কংগ্ৰেছে কয় যে, সচাঁকৈয়ে যদি অসমৰ জনসাধাৰণৰ প্রতি বিজেপিৰ অলপাে দায়বদ্ধতা আছে, তেন্তে নাগৰিকত্ব সংশােধনী বিধেয়ক বাতিল কৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমলৈ অহা প্রতিজন অবৈধ নাগৰিককে বিদেশী বুলি গণ্য কৰি বিতৰণৰ ব্যৱস্থা কৰক। উন্নয়নৰ ভূৱা শ্লগানেৰে দিল্লীৰ মছনদ দখল কৰা বিজেপি চৰকাৰে বিগত চাৰি বছৰত নিৰ্বাচনৰ পূর্বে দেশৰ জনসাধাৰনক দিয়া এটাও প্রতিশ্রুতিপালন নকৰি এতিয়া এন আৰ চি ৰ আলম লৈ ধর্মীয় মেৰুকৰণৰ যােগেদি পুনৰ ক্ষমতা দখলৰ বাবে যি কু-অভিসন্ধি ৰচনা কৰিছে তাৰ বিৰুদ্ধে সতর্ক হ’বলৈ বিবৃতিটোৰ যােগেদি প্রদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জেষ্ঠ মুখপাত্রদ্বয় ক্রমে দুর্গা দাস বড়াে আৰু কিশােৰ কুমাৰ ভট্টাচার্যই অসমৰ জনসাধাৰণৰ প্রতি আহ্বান জনায়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি