Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:44 pm

Home » আঞ্চলিক » পুলিন দাসৰ স্মৃতিত ক্রীড়া বঁটা প্ৰদান কৰিব অসম সাহিত্য সভাই

পুলিন দাসৰ স্মৃতিত ক্রীড়া বঁটা প্ৰদান কৰিব অসম সাহিত্য সভাই

# আন্তর্জাতিক যুৱ দিৱস উপলক্ষে অসম সাহিত্য সভাৰ উদ্যোগত অসমৰ ক্রীড়া সাহিত্য আৰু অসমৰ ক্রীড়া প্রতিভা শীর্ষক আলােচনা-সত্র সম্পন্ন
# স্মাৰক পত্রিকা ‘এই পৃথিৱী এক ক্রীড়াংগন’ উন্মােচন
# “মুখ্যমন্ত্ৰীয়ে প্ৰতিখন গাঁও আৰু নগৰতে ক্ৰীড়াৰ বাবে ভূমি সংৰক্ষণ কৰা উচিত : প্ৰেমধৰ শৰ্মা

গুৱাহাটী : ‘অসমত খালী চৰকাৰী ভূমিৰ পৰিমাণ কমি আহিছে। এতিয়াই যদি ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে কুৰি বছৰৰ পিছত গাঁৱে-ভূঞেও খেলিবলৈ অকণমান মাটি নাথাকিব’—এই মন্তব্য জ্যেষ্ঠ ক্রীড়া সাংবাদিক প্ৰেমধৰ শৰ্মাৰ।
আন্তর্জাতিক যুৱ দিৱস উপলক্ষে ক্রীড়া আলােচনী ‘অলিম্পিয়া’ৰ সহযােগতঅসম সাহিত্য সভাই যুৱ সংসদ উপ-সমিতিৰ জৰিয়তে আজি গুৱাহাটীৰ ভগৱতীপ্রসাদ বৰুৱা ভৱনত আয়ােজন কৰা ক্রীড়া বিষয়ক প্রথমখন সভাত মুখ্য অতিথিৰ ভাষণ দি ক্রীড়া সাংবাদিকজনে লগতে কয় যে এসময়ত ক্ৰীড়াৰ লগত জড়িত বৰ্তমানৰ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে ক্রীড়া ভৱিষ্যতৰ স্বাৰ্থত প্ৰতিখন গাঁও আৰু নগৰতে একোখনকৈ খেলপথাৰৰ বাবে ভূমি সংৰক্ষণ কৰা উচিত।
প্রথমবাৰৰ বাবে ক্রীড়া ক্ষেত্ৰক লৈ পদক্ষেপ গ্রহণ কৰাৰ বাবে অসম সাহিত্য সভাক ধন্যৱাদ জ্ঞাপন কৰি তেওঁ ক্রীড়াৰ বাবে প্রতিভা আৰু সাধনা লাগে বুলি মন্তব্য দিয়ে আৰু সেইকাৰণে খেলক ‘খেল-ধেমালি’ বােলাটো অনুচিত বুলি মত প্রকাশ কৰে।
অসম সাহিত্য সভাৰ সভাপতি ড’পৰমানন্দ ৰাজবংশীৰ পৌৰােহিত্যত অনুষ্ঠিত “অসমৰ ক্রীড়া সাহিত্য আৰু অসমৰ ক্রীড়া প্রতিভা” শীর্ষক আলােচনা সত্ৰ আৰু সম্বর্ধনা অনুষ্ঠানত দৈনিক অসম কাকতৰ মুখ্য ক্রীড়া সম্পাদক বিশিষ্ট লেখক সুবােধমল্ল বৰুৱাই অসমৰ ক্রীড়া সাহিত্যৰ এটি দীঘলীয়া ইতিহাস দাঙি ধৰি কয়জীৱনটো এখন ফুটবল খেলা। ছাৰ ৱাল্টাৰ স্কটে দিয়া এই মন্তব্যৰ পৰাই খেলৰ লগত মানুহৰ জীৱনৰ সম্পর্ক কিমান নিবিড় সেই কথা অনুভৱ কৰিব পাৰি বুলি তেওঁ মন্তব্য দিয়ে।
যুৱ সংসদ উপ-সমিতিৰ কাৰ্যকৰী সভাপতি হবিবৰ ৰহমানে আন্তর্জাতিক যুৱ দিৱসৰ তাৎপর্য ব্যাখ্যা কৰা সভাত সভাপতি ড° ৰাজবংশীয়ে অসম সাহিত্য সভাৰ যুৱ সংসদ উপ-সমিতিখনেআগন্তুক বৰ্ষটোত ক্রীড়া সাহিত্যৰ বাবে কাম কৰিব বুলি ঘােষণা কৰে। লেখকসকলৰ পৰা মান বিশিষ্ট সৃজনীমূলক গ্রন্থ লাভ কৰিলে সেয়া অসম সাহিত্য সভাই প্রকাশ কৰিব বুলিও তেওঁ ঘােষণা কৰে।
পুলিন দাসৰ পবিত্ৰ স্মৃতিত অসমৰ একোগৰাকী বিশিষ্ট ক্রীড়া সাহিত্যিকক অসম সাহিত্য সভাৰ ফালৰ পৰা দুবছৰৰ মূৰে মূৰে ক্রীড়া বঁটা প্ৰদান কৰা হ’ব বুলিও তেওঁ ঘােষণা কৰে। সাহিত্য অকাডেমি অনুবাদ বঁটা প্রাপক বিপুল দেউৰী, অৱসৰপ্ৰাপ্ত প্রশাসনিক বিষয়া স্বপ্ননীল বৰুৱা, অসম সাহিত্য সভাৰ ধনৰ্ভৰালী কনক কুমাৰ বৰা, ৰাজ্যভাষা আৰু মাতৃভাষা প্রয়ােগ উপ-সমিতিৰ আহ্বায়ক হৃদয়ানন্দ গগৈ, উপ-সভাপতি অনংগ নাথ, মুখপাত্র চহিৰ ভূঞা, অনাতাৰ বিষয়া নয়ন প্রসাদ আদি উপস্থিত থকা অনুষ্ঠানত অসম সাহিত্য সভাৰ প্রধান সম্পাদক পদুম ৰাজখােৱাই আলােচনা।
সত্ৰখনিৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মাৰক পত্রিকা ‘এই পৃথিৱী এক ক্রীড়াংগন’ উন্মােচন কৰে। সভাত দিৱসটিৰ লগত সংগতি ৰাখি কাব্যনীলে সম্পাদনা কৰা আলােচনী স্তৱক’ উন্মােচন কৰে বিশ্ব ক্রীড়াত স্বর্ণজয়ী হিমা দাসৰ প্রশিক্ষক নিপন দাসে। অসমত যথেষ্ট সংখ্যক ক্রীড়া প্রতিভা আছে বুলি মন্তব্য দি বিশিষ্ট খেলুৱৈজনে হিমা দাসৰ ক্ৰীড়া জীৱনৰ ওপৰত আলােকপাত কৰে।
যুৱ সংসদৰ আহ্বায়ক ৰাজীৱহৰি কৌশিকে উদ্দেশ্য ব্যাখ্যা কৰা সভাত সাহিত্য সভাৰ গুৱাহাটী কার্যালয়ৰ সম্পাদক ড° সঞ্জীৱকুমাৰ শৰ্মাই অসম সাহিত্য সভাই ক্রীড়া সাহিত্যত গ্ৰহণ কৰিব বিচৰা পদক্ষেপৰ বিষয়ে অৱগত কৰে। অলিম্পিয়া ক্রীড়া আলােচনীৰ তৰফৰ পৰা অসম সাহিত্য সভালৈ উপহাৰ প্রদান অনুষ্ঠানটি আতধৰে অলিম্পিয়া পৰিচালন সম্পাদক চিৰঞ্জীৱ শৰ্মাই। ক্রীড়া সংগঠক ভূৱন লহকৰে বিশিষ্ট অতিথিৰ ভাষণ প্রদান কৰে।
সৰ্বভাৰতীয় ক্রীড়া পৰিষদৰ সদস্য বলেন্দ্রমােহন চক্ৰৱৰ্তীয়ে নিজৰ ভাষণত অসমৰ ক্রীড়া সাহিত্যৰ পৰিৱেশ সম্পৰ্কত ব্যাখ্যা দাঙি ধৰি ক্রীড়া বিষয়টোতাে মনােনিৱেশ কৰা বাবে অসম সাহিত্য সভাক ধন্যৱাদ জ্ঞাপন কৰে। কবি প্রণামিকা শর্মাই আঁতধৰা অনুষ্ঠানটিত অসমৰ ক্রীড়া সাহিত্য বিষয়টিত অধিক মনােযােগ দিবলৈ বক্তাসকলে সাহিত্য সভাক অনুৰােধ জনায়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি