Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 6:38 pm

Home » আঞ্চলিক » মাতৃহন্তা প্রমোদক কাৰাগাৰলৈ প্রেৰণ

মাতৃহন্তা প্রমোদক কাৰাগাৰলৈ প্রেৰণ


নগাওঁ : বৃদ্ধা ৰোগাক্রান্ত মাতৃক বোজা জ্ঞান কৰি প্রমোদ আগৰৱালা নামৰ এজন পুত্রই পৰহি নিশা নগাঁও চহৰৰ মাজমজিয়াৰ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখৰ কলং নৈত দলিয়াই হত্যা কৰি নিজেও আত্মহননৰ অপচেষ্টা কৰা ঘটনাটোৱে সৃষ্টি কৰা প্রতিক্রিয়া আজিও অব্যাহত আছে৷
নিজৰ মাতৃক নদীৰ বুকুলৈ পেলাই দি হত্যা কৰা এই পাশৱিক ঘটনাই ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ লগতে সকলোৱে এই ঘটনাক একমুখে তীব্র গৰিহণা দিছে৷ ইফালে ৰত্না দেৱী আগৰৱালাৰ মৃতদেহ আজিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ কালি পুৱাৰে পৰা সন্ধিয়া পর্যন্ত এছ ডি আৰ এফে ডুবাৰুৰ সহায়ত দুখন নাও লৈ কলং নৈৰ তিনি কিল’মিটাৰ দৈর্ঘযৰ অংশত ৰত্না দেৱীৰ সন্ধানত অভিযান চলাইছিল যদিও তেওঁৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল৷
আজিও পুৱাৰে পৰাই এছ ডি আৰ এফে দুখন নাৱেৰে নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলঙত পুনৰ অভিযান আৰম্ভ কৰে যদিও এই পর্যন্ত ৰত্না দেৱীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ আজি সন্ধিয়া হোৱাৰ লগে লগেই এছ ডি আৰ এফে অভিযান স্থগিত ৰাখে৷ কাইলৈ পুৱাৰে পৰা পুনৰ কলং নৈত ৰত্না দেৱীৰ মৃতদেহৰ সন্ধানত এছ ডি আৰ এফে অভিযান আৰম্ভ কৰিব বুলি আৰক্ষী সূত্রই জনাইছে৷
মাতৃহন্তা প্রমোদ আগৰৱালা যুৱ অৱস্থাৰ পৰাই উচছৃংখল, সুৰাপায়ী আছিল৷ ৰত্না দেৱী আগৰৱালাৰ পৰিয়ালৰ লোকে প্রকাশ কৰা মতে যুৱাৱস্থাৰ পৰাই প্রমোদ আগৰৱালা চৰম উচছৃংখল আৰু সুৰাপায়ী আছিল৷ তেওঁৰ এই উচছৃংখল স্বভাৱৰ বাবেই ঘৰৰ আন ভাতৃ-ভগ্নীয়ে ভাল পোৱা নাছিল৷ আনকি তেওঁক পত্নীয়ে এৰি থৈ অন্য পুৰুষৰ লগত পলাই যাবলৈ বাধ্য হৈছিল৷
সুৰাৰ বাবেই তেওঁ পৈতৃক সম্পত্তি এটা এটাকৈ বিক্রী কৰি কঙাল হ’ব লগীয়া হৈছিল৷ জানিব পৰা মতে ৰত্না দেৱী আগৰৱালাৰ স্বামী কুশল চান্দ আগৰৱালাৰ ১৯৯২ চনত বিয়োগৰ পাছত তেওঁৰ সা-সম্পত্তিসমূহ যেতিয়া তেওঁলোকৰ সন্তানৰ মাজত ভাগ-বাটোৱাৰা কৰা হৈছিল, সেই সময়ত প্রমোদ আগৰৱালাই মাতৃৰ ভাগৰ সম্পত্তি হস্তগত কৰিবলৈকে বৃদ্ধাগৰাকীক লগত ৰাখিছিল৷
কিন্তু অত্যন্ত উচছৃংখল, সুৰাপায়ী প্রমোদে পিতৃৰ বিয়োগৰ পাছতেই যমুনামুখত নিজৰ ভাগত পোৱা সা-সম্পত্তি এপদ এপদকৈ বিক্রী কৰি শেষ কৰে৷ কেৱল মদৰ বাবেই মাতৃৰ হাজাৰ বাধা সত্ত্বেও প্রমোদে মাতৃৰ ভাগৰো মাটি-সম্পত্তিসমূহ এফালৰ পৰা বিক্রী কৰি শেষ কৰে৷ অভিযোগ অনুসৰি, প্রমোদে তেওঁৰ মৃত ভাতৃৰ ভাগৰো সা-সম্পত্তি বিক্রী কৰে৷
এপদ এপদকৈ সকলো সা-সম্পত্তি বিক্রী কৰি শেষ কৰাৰ পিছত চৰম দৰিদ্রতাৰ গ্রাসত পৰে প্রমোদ৷ নিজৰ লগতে বৃদ্ধা মাতৃ আৰু মৃত ভাতৃৰ সা-সম্পত্তি বিক্রী কৰি কঙাল হোৱাৰ পাছত দিকবিদিক হেৰুৱাই প্রমোদ যায় যোৰহাটত বিয়া দিয়া বায়েকৰ ঘৰলৈ৷ লগতে লৈ যায় মাক ৰত্না দেৱী আগৰৱালাক৷ তাত তেওঁ ঢালি টী ষ্টেটত কেইবাবছৰো কাম কৰে৷
কিন্তু অত্যন্ত উচছৃংখল আৰু সকলো সময়তে সুৰাৰ ৰাগিত মাতাল হৈ থকা প্রমোদে নিজৰ স্বভাৱৰ বাবেই চাকৰি হেৰুৱাব লগীয়া হয়৷ সেই সময়তেই ৰত্না দেৱী আগৰৱালা পক্ষাঘাত ৰোগত আক্রান্ত হৈ বিছনা ল’ব লগীয়া হয়৷ কিন্তু সেই সময়ত ৰত্না দেৱীৰ যোৰহাটৰ কন্যাই পক্ষাঘাত ৰোগী নিজ মাতৃক বোজা জ্ঞান কৰি নিজৰ লগত নাৰাখিলে৷ উপায়ান্তৰ হৈ দিকবিদিক হেৰুৱাই প্রমোদে যোৱা ফেব্রুৱাৰী মাহত নগাঁও চহৰলৈ গুচি আহে৷
নগাঁও চহৰলৈ অহাৰ পাছত তেওঁ চহৰখনৰ মাৰোৱাৰীপট্টিৰ ‘দুর্গা হার্ডৱেৰ’ নামৰ ব্যাৱসায়িক প্রতিষ্ঠানত কর্মৰত হয়৷ কিন্তু সুৰাপায়ী প্রমোদে এই প্রতিষ্ঠানতো সঠিকভাৱে নিজৰ কর্তব্য সম্পাদন কৰিব নোৱাৰিলে৷ মদতেই মাহিলি দৰমহাৰ প্রায় আটাইখিনি ধন ব্যয় কৰি অত্যন্ত আর্থিক অনাটনত ভুগিছিল৷
যাৰ বাবে তেওঁ মাতৃৰ প্রয়োজনীয় ঔষধ, নিয়মীয়া খাদ্য যোগান ধৰিবলৈ অসমর্থ হয়৷ ৰত্না দেৱীৰ মুঠ ১৫টি সন্তান আছিল৷ ইয়াৰে এগৰাকী পুত্র আৰু এগৰাকী কন্যা সন্তানৰ ইতিমধ্যে মৃত্যু হৈছে৷ বর্তমানেও ৰত্না দেৱীৰ ১১গৰাকী কন্যা আৰু ২জন পুত্র জীৱিত অৱস্থাত আছে৷ ইয়াৰে গিৰিধাৰী আগৰৱালা নামৰ পুত্রজন দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ আছে৷
আনজন পুত্রৰো আর্থিক অৱস্থা শোচনীয়৷ তেওঁৰ ১১গৰাকী কন্যা সন্তানে পৈতৃক সম্পত্তিৰ ভাগ ল’লেও ৰোগাক্রান্ত বৃদ্ধা মাতৃগৰাকীৰ দায়িত্ব ল’বলৈ কোনো এগৰাকীয়েই আগবাঢ়ি নাহিল৷ নিজৰ জন্মদাত্রী মাতৃৰ এই দুৰৱস্থাই তেওঁলোকৰ চকু সেমেকাই নুতুলিলে৷
তেওঁলোকৰ এগৰাকী কন্যায়ো দায়িত্ব পালন নকৰি সুৰাপায়ী, উচছৃংখল প্রমোদৰ হাততে এৰি দিলে পক্ষাঘাত ৰোগাক্রান্ত বৃদ্ধা মাতৃক, যাৰ পৰিণতিত পৰহি নিশা সংঘটিত হয় মানৱতাক ভুলুণ্ঠিত কৰা সেই হূদয় বিদাৰক ঘটনাটো৷ ৰোগাক্রান্ত বৃদ্ধা অসহায় মাতৃক ভৰ বাৰিষাৰ কলং নৈত দলিয়াই দি হত্যা কৰা প্রমোদ আগৰৱালাক চিকিৎসালয়ৰ পৰা আনি আৰক্ষীয়ে জেৰা কৰাত তেওঁ সমস্ত অপৰাধ স্বীকাৰ কৰে৷ ইপিনে আজি বিয়লি আৰক্ষীয়ে প্রমোদক আদালতত হাজিৰ কৰোৱাৰ অন্তত আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি