Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 7:04 pm

Home » আঞ্চলিক » ৯ জন বিষয়াৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমতি

৯ জন বিষয়াৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমতি


গুৱাহাটী : দেশ কঁপাই যোৱা অসম লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰিত বক্রপথেৰে চাকৰি লোৱা অভিযুক্তসকল প্রথমে গ্রেপ্তাৰ হৈ চাকৰিৰ পৰা নিলম্বন অথবা বর্খাস্ত হোৱাৰ পাছত এইবাৰ নতুন সংকটত পৰিছে৷ কাৰাবন্দী এই ৰাজপত্রিত বিষয়াসকলৰ বিৰুদ্ধে এতিয়া এজন এজনকৈ গোচৰ চলোৱাৰ অনুমতি প্রদান কৰিছে চৰকাৰে৷ ৰাকেশ পাল বাহিনীৰ পৰা লাখ লাখ টকাৰ বিনিময়ত বক্রপথেৰে চাকৰি লৈ তদন্তকাৰী আৰক্ষীৰ হাতত এইপর্যন্ত গ্রেপ্তাৰ হোৱা ৫৬জন ৰাজপত্রিত বিষয়াৰ ৯জন বিষয়াৰ বিৰুদ্ধে গোচৰ চলাবলৈ চৰকাৰে অনুমতি দিছে৷
আজি তদন্তকাৰী আৰক্ষীয়ে ৰাজ্যৰ বিশেষ আদালতক এই বিষয়াকেইজনৰ তালিকা প্রদান কৰিছে৷ চৰকাৰে গোচৰ চলাবলৈ অনুমতি দিয়া অভিযুক্ত ৰাজপত্রিত বিষয়াকেইজন হ’ল এ চি এছ অমৃতজ্যোতি শর্মা, ভাস্কৰ চন্দ্র দেৱশর্মা, ভাস্কৰ দত্ত দাস, ঋতুৰাজ গগৈ, জিলা পৰিবহণ বিষয়া প্রসেনজিৎ ঘোষ, কৰ অধীক্ষক বিকাশ কুমাৰ পিন্সা, মানস প্রতিম হালৈ, কৰ পৰিদর্শক বর্ণালী দেৱী আৰু আবকাৰী পৰিদর্শক জয়দেৱ মহন্ত৷ উল্লেখযোগ্য যে যিকোনো
চৰকাৰী বিষয়াৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ সন্দর্ভত আদালতত গোচৰ চলাবলৈ ৰাজ্য চৰকাৰৰ অনুমতি বাধ্যতামূলক৷ এই অনুমতি নোপোৱাকৈয়ে আৰক্ষীয়ে গ্রেপ্তাৰৰ পৰা আদালতত অভিযোগনামা দাখিল কৰিব পাৰিলেও আদালতৰ বিচাৰ প্রক্রিয়া আৰম্ভ নহয়৷ এই অনুমতি লাভৰ পাছতহে আদালতে অভিযুক্তৰ বিৰুদ্ধে চার্জ ফ্রেম কৰি বিচাৰ প্রক্রিয়া আৰম্ভ কৰিব পাৰে৷ সেয়ে লোকসেৱা আয়োগৰ কেলেংকাৰিৰ অভিযোগত গ্রেপ্তাৰ হোৱাসকলো ৰাজপত্রিত বিষয়াৰ বিৰুদ্ধে গোচৰ চলাবলৈ আৰক্ষীয়ে চৰকাৰৰ পৰা অনুমতি বিচাৰি আৱেদন কৰিছিল৷ সেই আৱেদনৰ ভিত্তিতে প্রথম পর্যায়ত চৰকাৰে ৯জনৰ ক্ষেত্রত অনুমতি প্রদান কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি