গুৱাহাটী : বিদেশী চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ পৰিৱর্তে কেন্দ্রীয় চৰকাৰে বিদেশীক ৰক্ষণাবেক্ষণ দিয়াতহে উঠিপৰি লাগিছে৷ এই অভিমত প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ৷ আজি নতুন দিল্লীত অসম ভৱনত অসম আন্দোলন সংগ্রামী মঞ্চৰ উদ্যোগত আয়োজিত এখন সংবাদমেলত মহন্তই বিদেশীক লৈ বিজেপি চৰকাৰে ভোট বেংকৰ ৰাজনীতি আৰম্ভ কৰা বুলি অভিযোগ উত্থাপন কৰে৷
তেওঁ কয় যে, অসম চুক্তিক উলংঘা কৰি কেন্দ্রীয় চৰকাৰে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদানৰ বাবে গ্রহণ কৰা পদক্ষেপক অসমৰ ৰাইজে কেতিয়াও মানি নলয়৷ জাতিদ্রোহী এই বিধেয়কখনৰ বিৰুদ্ধে অসম আন্দোলন সংগ্রামী মঞ্চই সমগ্র দেশজুৰি প্রচাৰ চলাব বুলি উল্লেখ কৰি তেওঁ কয় যে, আমি দেশৰ আন আন ৰাজনৈতিক দলসমূহৰ শীর্ষ নেতাসকলকো দেখা কৰিম যাতে তেওঁলোকে এই বিধেয়কখনৰ বিৰোধিতা কৰে৷
আনহাতে বিদেশী চিনাক্তকৰণৰ ক্ষেত্রত শেহতীয়াকৈ এন আৰ চি কর্তৃপক্ষই গ্রহণ কৰা অদ্ভৄত নিয়মত আশ্চর্য প্রকাশ কৰি প্রাক্তন মুখ্যমন্ত্রীজনে কয় যে, খচৰাত নাম সোমোৱা সন্দেহজনক লোকৰ বিৰুদ্ধে দিয়া অভিযোগ অসত্য প্রমাণিত হ’লে অভিযোগ দিওঁতাৰ পাঁচ বছৰ কাৰাবাস আৰু ৫০ হাজাৰ টকা জৰিমনা বিহাৰ যি বাধ্যবাধকতা জাৰি কৰা হৈছে, সেয়া কোনো কাৰণতে গ্রহণযোগ্য নহয়৷ এনে নিয়মৰ ফলত কোনো লোকে অভিযোগ দিবলৈ আগবাঢ়ি নাহিব বুলি জনাই মহন্তই কয় যে, এয়া আই এম (ডি-টি) আইনৰ দ্বিতীয় সংস্কৰণ৷
পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে নাগৰিকপঞ্জীক বাঙালী খেদা আন্দোলন বুলি অভিহিত কৰা কার্যক দুর্ভাগ্যজনক আখ্যা দি মহন্তই কয় যে, অসমত বাঙালী বিৰোধী আন্দোলন নহয়, অবৈধ বিদেশীৰ বিৰুদ্ধেহে আন্দোলন আৰম্ভ হৈছে৷ পশ্চিম বংগতো ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ হ’ব লাগে বুলি জনাই তেওঁ লগতে কয় যে, অবৈধ বিদেশীক লৈ পশ্চিম বংগৰ খিলঞ্জীয়া লোকসকলো অসমীয়াৰ দৰেই উদ্বিগ্ন৷
অসম চুক্তি ৰূপায়ণৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে যোৱা তিনিটা দশক ধৰি অসমৰ ৰাইজক প্রতাৰণা কৰি আহিছে বুলি অভিযোগ কৰি মহন্তই কয় যে, অবৈধ বিদেশী লোকসকলক বহিষ্কাৰ কৰিব নোৱাৰিলে অসমত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব৷ প্রধানমন্ত্রী হোৱাৰ পূর্বে নৰেন্দ্র মোদীয়ে বিজেপি চৰকাৰ গঠন হ’লেই টালি-টোপোলা লৈ অসমৰ পৰা অবৈধ বাংলাদেশী লোকসকল যাব লাগিব বুলি হুংকাৰ দিছিল বুলি জনাই মহন্তই কয় যে, যোৱা চাৰি বছৰত মোদী চৰকাৰে কিমান অবৈধ বাংলাদেশী খেদিলে তাৰ উত্তৰ আমাক দিয়ক৷
আনহাতে প্রাক্তন সাংসদ কুমাৰ দীপক দাসে কয় যে, অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদান কৰিবলৈ গৈ কেন্দ্রৰ বিজেপি চৰকাৰখনে অসমৰ খিলঞ্জীয়া লোকসকলক সংখ্যালঘু কৰিব খুজিছে৷ শেহতীয়াকৈ নাগৰিকপঞ্জীত থকা সন্দেহযুক্ত লোকৰ বিৰুদ্ধে অভিযোগ দিয়াসকলৰ বিৰুদ্ধেও চৰকাৰে যি নিয়ম প্রযোজ্য কৰিব খুজিছে ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে নাগৰিকপঞ্জীক লৈ তীব্র ষড়যন্ত্র চলিছে৷ উচচতম ন্যায়ালয়ৰ নির্দেশৰ পাছতো একাংশ লোকে বিদেশীক সুৰক্ষা প্রদানৰ বাবে কুটিল ষড়যন্ত্র ৰচনা কৰিছে বুলি জনাই দাসে স্পষ্টভাৱে কয় যে, নাগৰিকপঞ্জীৰ ওজৰ-আপত্তিসমূহৰ মডেলিটি সহজ আৰু নিৰপেক্ষ হ’ব লাগে৷ আজিৰ সংবাদমেলত বিধায়ক উৎপল দত্ত, সাংবাদিক মনজিত মহন্ত, অঞ্জন শর্মাও উপস্থিত আছিল৷