গুৱাহাটী : প্রস্তুত হৈ থকা ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এন আৰ চি)খন ভালুকৰ সাঙীত পৰিণত হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ উচচতম ন্যায়ালয়ৰ তদাৰকত চলি থকা এন আৰ চিৰ আংশিক খচৰাত আৱেদনকাৰীৰ পৰা ৪২.৩৪ শতাংশ লোকৰ নাম বাদ পৰিছিল যদিও ৩০ জুলাইত প্রকাশিত সম্পূর্ণ খচৰাত মাত্র ১২.১৫ শতাংশ লোকহে বাদ পৰিছে৷ তদুপৰি ১২.২৫ শতাংশৰ পৰা (৪০ লাখ) পুনৰ আৱেদনৰ পাছত আৰু বহু লোকৰ নাম সন্নিৱিষ্টি হ’ব৷ যাৰ ফলত সংসদত কেন্দ্রীয় গৃহ মন্ত্রীয়ে অসমত ৫০ লাখ বিদেশী আছে বুলি যি পৰিসংখ্যা দিছিল সেই পৰিসংখ্যা স্পর্শ নকৰিলে, বৰং এতিয়া বাদ পৰা ৪০ লাখ লোকৰ নামো মূল এন আৰ চিৰ পৰা বাদ নপৰাটো নিশ্চিত হৈছে৷
যাৰ ফলত লাখ লাখ বাংলাদেশী প্রব্রজনকাৰী থকাৰ পাছতো অতি সামান্য সংখ্যক লোকৰ নামহে প্রকাশ হ’বলগীয়া মূল এন আৰ চিত বাদ পৰাৰ কথা স্পষ্ট হোৱাত এন আৰ চিখন অসমৰ বাবে ভালুকৰ সাঙীতহে পৰিণত হ’বগৈ নেকি বুলি প্রশ্নৰ অৱতাৰণা হৈছে৷ প্রব্রজনৰ ফলত অসমৰ জনগাঁথনি সলনি হৈ পৰাৰ পাছত অসম চুক্তিৰ ভিত্তি বর্ষ অনুসৰি প্রস্তুত হোৱা আৰু ৩১ ডিচেম্বৰত প্রকাশ হোৱা আংশিক খচৰাত লাখ লাখ লোকৰ নাম বাদ পৰাত ৰাজ্যবাসীৰ মনত বিদেশীমুক্ত অসমক লৈ আশা সঞ্চাৰিত হৈছিল যদিও ৩০ জুলাইত প্রকাশ হোৱা সম্পূর্ণ খচৰাই আশাত চেঁচাপানীহে পেলালে নেকি বুলি প্রশ্ন উঠিছে৷
বিশেষকৈ প্রব্রজনকাৰীৰ কবলত পৰা বুলি চিহিুত জিলাকেইখনত এন আৰ চিৰ আংশিক আৰু সম্পূর্ণ খচৰাত বাদ পৰা লোকৰ শতকৰা হাৰে মূল এন আৰ চিখন প্রব্রজনকাৰীৰ কবলত পৰা অসমৰ বাবে বোজাহে হৈ পৰিব৷ প্রব্রজনকাৰী লোক থকা জিলা বুলি চর্চিত জিলা হোজাই আৰু দৰঙৰ বাদে আন জিলাসমূহত অতি সামান্য সংখ্যক লোকৰ নামহে সম্পূর্ণ খচৰাত বাদ পৰিছে৷ হোজাই জিলাত আংশিক খচৰাত ৭৫.২৫ শতাংশ লোকৰ নাম বাদ পৰিছিল৷ সম্পূর্ণ খচৰাত ৩২.৪৯ শতাংশ লোকৰ নাম বাদ পৰি আছে৷
তেনেদৰে দৰং জিলাত আংশিক খচৰাত বাদ পৰিছিল ৫৪.০৭ শতাংশ আৰু সম্পূর্ণ খচৰাত বাদ পৰিছে ৩২.৪৯ শতাংশ৷ উক্ত জিলা দুখনক বাদ দি সন্দেহযুক্ত বিদেশীৰ বসতিপূর্ণ বুলি চিহিুত জিলাকেইখনত আংশিক খচৰাত বৃহৎ সংখ্যক লোকৰ নাম বাদ পৰিছিল যদিও সম্পূর্ণ খচৰাত বাদ পৰা লোকৰ শতকৰা হাৰ অতি নগণ্য৷ উদাহৰণ হিচাপে বৰপেটা জিলাত আংশিক খচৰাত নাম বাদ পৰিছিল ৬১.৮ শতাংশ, সম্পূর্ণ খচৰাত নাম বাদ পৰিছে মাত্র ২.৫ শতাংশহে৷ তেনেদৰে হাইলাকান্দিত আংশিক খচৰাত নাম বাদ পৰিছিল ৬৮.৬১ শতাংশ, সম্পূর্ণ খচৰাত বাদ পৰিছে ৭.৪৯ শতাংশহে৷
ধুবুৰীত আংশিক খচৰাত বাদ পৰিছিল ৬৪.২৪ শতাংশ, সম্পূর্ণ খচৰাত বাদ পৰিছে মাত্র ৭.৪৯ শতাংশ৷ আংশিক খচৰাত বাদ পৰা লোকসকলৰ আৱেদনৰ লগতে নথি-পত্র পৰীক্ষাৰ অন্তত সৰহ সংখ্যকৰে নাম অন্তর্ভুক্ত হ’ল৷ অর্থাৎ বিদেশীৰ প্রব্রজন হোৱা বুলি চিহিুত জিলাকেইখনক আংশিক খচৰাত বাদ পৰাসকলৰ গৰিষ্ঠ সংখ্যকৰে নাম সম্পূর্ণ খচৰাত সন্নিৱিষ্ট হোৱাৰ পাছত বাদ পৰি থকা অতি সামান্য সংখ্যকে পুনৰ আৱেদন জনাব পাৰিব৷
পুনৰ আৱেদন পৰীক্ষাৰ অন্তত তেওঁলোকৰ ভিতৰতে বহুতৰে নাম প্রকাশ হ’ব লগীয়া মূল এন আৰ চিত সন্নিৱিষ্ট হ’ব৷ উদাহৰণ হিচাপে ১৯.২৩ লাখ লোক আৱেদনকাৰী থকা জিলা বৰপেটা জিলাত সম্পূর্ণ খচৰাত বাদ পৰা লোকৰ সংখ্যা মাত্র ২.৪০ লাখ (২.৫ শতাংশ)৷ অর্থাৎ পুনৰ আৱেদনৰ পাছত ইয়াৰে বহু লোকৰ নাম সন্নিৱিষ্ট হোৱাৰ পাছত মূল খচৰাই ৰাজ্যখন কিমান বিদেশীৰ সংখ্যা নির্ধাৰণ কৰিব বা সেই সংখ্যা মানি ল’ব পৰা হ’বনে নহয় সেই প্রশ্নৰ অৱতাৰণা হৈছে৷