Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:12 pm

Home » আঞ্চলিক » চিনাক্ত বাংলাদেশীক বহিষ্কাৰ নকৰে কেন্দ্রই

চিনাক্ত বাংলাদেশীক বহিষ্কাৰ নকৰে কেন্দ্রই


নতুন দিল্লীঃ নাগৰিকপঞ্জী প্রস্তুত হৈ উঠিলেও অসমৰ পৰা অবৈধ বাংলাদেশী লোকসকলক বহিষ্কাৰ কৰা নহয়৷ বাংলাদেশক এই প্রতিশ্রুতি প্রদান কৰিছে ভাৰত চৰকাৰে৷ নাগৰিকপঞ্জীৰ খচৰা প্রকাশৰ পাছতেই এই চাঞ্চল্যকৰ কথা প্রকাশ কৰিছে ভাৰত ভ্রমণৰত বাংলাদেশৰ শাসকীয় আৱামী লীগৰ মিত্র দল বাংলাদেশ তাৰিকত ফাউণ্ডেশ্যনৰ সভাপতি তথা সাংসদ আল-হজ নজিবুল বাছাৰ মৈজভাণ্ডাৰীয়ে৷
নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত চুবুৰীয়া ৰাষ্ট্রখনক সাংসদজনে প্রকাশ কৰা মতে, ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা বাদ যোৱা কোনো ব্যক্তিক বাংলাদেশলৈ বহিষ্কাৰ নকৰে ভাৰত চৰকাৰে৷ কিয়নো ভাৰতৰ অর্থনীতিত চিহিুত হ’বলগীয়া এই বিদেশীসকলৰ প্রভূত অৱদান আছে৷ নাগৰিকপঞ্জীক লৈ চিন্তা কৰাৰ কোনো প্রয়োজন নাই বুলি ভাৰত চৰকাৰে বাংলাদেশক প্রতিশ্রুতি দিছে বুলি মত ব্যক্ত কৰি সাংসদজনে কয় যে ভাৰতৰ অর্থনীতিত অৱদান থকা বাংলাদেশীক সংস্থাপন দিয়াৰ ক্ষেত্রত ভাৰতে সম্ভাব্য সকলো ব্যৱস্থা গ্রহণ কৰিব৷
প্রণিধানযোগ্য যে মৈজভাণ্ডাৰীয়ে শেহতীয়াকৈ কেন্দ্রীয় গৃহ দপ্তৰৰ ৰাজ্য মন্ত্রী কিৰেন ৰিজিজু আৰু বৈদেশিক দপ্তৰৰ ৰাজ্য মন্ত্রী এম জে আকবৰক দেখা কৰি এখন বৈঠকত মিলিত হৈছিল৷ এই বৈঠকতে কেন্দ্রীয় চৰকাৰে নাগৰিকপঞ্জীৰ সন্দর্ভত এই কথা ব্যক্ত কৰিছে বুলি জনাই তেওঁ কয় যে নাগৰিকপঞ্জীক লৈ সঁচাকৈয়ে বাংলাদেশ উদ্বিগ্ন হৈ আছে৷ বাংলাদেশ চৰকাৰে উক্ত লোকসকলক কোনো কাৰণতে গ্রহণ নকৰে বুলিও স্পষ্ট কৰি দিয়ে সাংসদ মৈজভাণ্ডাৰীয়ে৷
তেওঁৰ মতে, লাখ লাখ ৰহিঙীয়াৰ বোজা লৈ থকা বাংলাদেশে এতিয়া ভাৰতীয় লোকৰ বোজা গ্রহণ কৰিব নোৱাৰে৷ উক্ত লোকসকল বাংলাদেশলৈ গ’লে আনকি দুয়ো দেশৰ মাজত থকা দ্বিপাক্ষিক সম্পর্কৰ অৱনতি ঘটিব বুলিও স্পষ্ট কৰি দিয়ে সাংসদজনে৷ ইফালে, এই সন্দর্ভত তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই৷ সাংবাদিকৰ আগত মহন্তই কয় যে ১৯৭১ চনৰ ৫ মার্চৰ পাছত অহা এজনো অবৈধ বাংলাদেশী অসমত থাকিব নোৱাৰিব৷
নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত নাম নথকা বিদেশীসকলক অসমৰ পৰা বহিষ্কাৰ কৰিবই লাগিব বুলিও স্পষ্ট কৰি দিয়ে মহন্তই৷ অসমৰ পৰা নি দেশৰ আন প্রান্তৰত উক্ত বাংলাদেশী লোকসকলক সংস্থাপন দিয়ক বুলি আহবান জনাই মহন্তই কয় যে আমি ১৯৭১ চনৰ আগলৈকে অহা লাখ লাখ বাংলাদেশীৰ বোজা গ্রহণ কৰিলোঁ৷
এতিয়া আৰু এজনো বাংলাদেশীৰ বোজা গ্রহণ কৰিব নোৱাৰোঁ৷ অসমৰ অর্থনীতিত অবৈধ বাংলাদেশীৰ কোনো অৱদান নাই বুলি উল্লেখ কৰি কয় যে সঁচাকৈয়ে যদি কেন্দ্রীয় চৰকাৰে বাংলাদেশৰ সংসদজনৰ আগত এনে কথা কৈছে তেনেহ’লে এয়া অত্যন্ত ভয়ানক কথা কৈছে৷ আমি কেন্দ্রৰ এনে কার্য কেতিয়াও সহ্য নকৰোঁ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি