Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 12:59 pm

Home » আঞ্চলিক » যুদ্ধক্ষেত্রত পৰিণত চৌতাৰা ৰে’ল ষ্টেছন

যুদ্ধক্ষেত্রত পৰিণত চৌতাৰা ৰে’ল ষ্টেছন


কোকৰাঝাৰঃ অসমৰ ভূমিপুত্র কোঁচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্রত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে কৰি অহা প্রতাৰণাৰ বিৰুদ্ধে সদৌ অসম কোঁচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আৰু জনগোষ্ঠীটোৰ ভ্রাতৃ সংগঠন আক্রাছু, চিলাৰায় সেনা আৰু মহিলা সমিতিৰ সহযোগত বুধবাৰে গোসাইগাঁৱৰ চৌতাৰা ৰে’ল ষ্টেছনত ৰে’ল অৱৰোধ কার্যসূচী গ্রহণ কৰে৷
পুৱা ৬ বজাৰ পৰা উক্ত ৰে’ল অৱৰোধ কার্যসূচীত কোঁচ ৰাজবংশী জনগোষ্ঠীৰ সহস্রাধিক পুৰুষ-মহিলাই বিভিন্ন প্রতিবাদসম্বলিত বেনাৰ, প্লে’কার্ড ফেষ্টুন আদি লৈ চৰকাৰ-বিৰোধী শ্ল’গানেৰে ৰে’ল ষ্টেছন উত্তাল কৰি তোলে৷
কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে কোঁচ ৰাজবংশীৰ জনজাতিকৰণক লৈ কৰি অহা চৰম প্রতাৰণা আৰু মিছা আশ্বাসৰ বিৰুদ্ধে সন্মিলনীৰ নেতাসকলে অৱৰোধস্থলীত উদাত্ত ভাষণ দিয়ে৷ উক্ত অৱৰোধ কার্যসূচীত সদৌ অসম কোঁচ ৰাজবংশী সন্মিলনীৰ সভাপতি বীৰেশ্বৰ শইকীয়াই চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে কোঁচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিৰ মর্যাদা লাভৰ বাবে প্রয়োজনী সকলো অর্হতা থকাৰ, পাছতো চৰকাৰে বাৰে বাৰে উক্ত জনগোষ্ঠীটোক প্রতাৰিত কৰি আহিছে৷
স্বাধীনতাৰ পাছৰ পৰা কংগ্রেছ চৰকাৰে উক্ত জনগোষ্ঠীটোক বিভিন্ন প্রকাৰে লাঞ্চিত-বঞ্চিত কৰি অহাৰ পাছত বিগত লোক সভাৰ নির্বাচনৰ পূর্বে বিজেপিয়ে তথা বর্তমানৰ প্রধান মন্ত্রী নৰেন্দ্র মোদীয়ে ক্ষমতা লাভ কৰিলে ৬ মাহৰ ভিতৰত কোঁচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ প্রক্রিয়া সম্পন্ন কৰাৰ প্রতিশ্রুতি দিছিল৷
কিন্তু ৪ বছৰেও উক্ত প্রতিশ্রুতি পূৰণ কৰাৰ কোনো পদক্ষেপ গ্রহণ নকৰিলে মোদী চৰকাৰে জনজাতিকৰণক লৈ বিভিন্ন দল-সংগঠনে চৰকাৰৰ লগত একাধিকবাৰ আলোচনা অনুষ্ঠিত কৰিছে যদিও আলোচনাৰ কোনো সুফল লাভ নকৰাত আমি জংগী আন্দোলনৰ অংশ হিচাপে এই কার্যসূচী গ্রহণ কৰিবলৈ বাধ্য হৈছোঁ বুলি কয় জ্যেষ্ঠ নেতাজনে৷
আক্রাছুৰ সাধাৰণ সম্পাদক গকুল বর্মনে ৰে’ল অৱৰোধ কার্যসূচীত অংশ লৈ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে কোঁচ ৰাজবংশী-বিৰোধী স্থিতি লোৱা বুলি অভিযোগ কৰি দুয়োখন চৰকাৰ তথা শাসকীয় বিজেপিক তীব্র সমালোচনা কৰে৷ কোঁচ ৰাজবংশীসকলৰ সৈতে কৰা প্রতাৰণাৰ সমুচিত উত্তৰ আগন্তুক লোক সভাৰ নির্বাচনত দিবলৈ ৰাইজক আহবান জনায়৷
পাঁচ ঘণ্টা ধৰি প্রখৰ ৰ’দ গৰমক উপেক্ষা কৰি হেজাৰ হেজাৰ প্রতিবাদকাৰীয়ে শান্তিপূর্ণভাৱে ৰে’ল অৱৰোধ কার্যসূচী ৰূপায়ণ কৰি অৱশেষত জিলা কর্তৃপক্ষৰ জৰিয়তে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰলৈ এখন স্মাৰক-পত্র প্রদান কৰে৷ ইয়াৰ পাছত আৰক্ষীৰ ক্রমাগত হেঁচাত আঠ ঘণ্টীয়া অৱৰোধ কার্যসূচী পাঁচ ঘণ্টাতে সামৰিবলৈ বাদ্য হয় আয়োজকসকলে৷
এঘাৰ বজাত অৱৰোধ কার্যসূচী প্রত্যাহাৰ কৰা হ’ল বুলি সদৌ অসম কোঁচ ৰাজবংশী সন্মিলনীৰ শীর্ষ নেতৃবর্গই ঘোষণা কৰে যদিও নেতৃবৃন্দৰ ঘোষণাক আওকাণ কৰি একাংশ প্রতিবাদকাৰীয়ে ৰে’লপথ অৱৰোধ চলাই থাকে৷ আৰক্ষী প্রশাসনে সেইসকল অৱৰোধকাৰীক অৱৰোধ প্রত্যাহাৰ কৰিবলৈ আহবান জনোৱাৰ পাছতো একাংশ উগ্র সমর্থকে প্রশাসনৰ আহবানক প্রত্যাহবান জনাই অৱৰোধস্থলীতে অৱস্থান কৰাত পৰিস্থিতিয়ে ক্রমাৎ জটিল ৰূপ ধাৰণ কৰে৷ এটা সময়ত আৰক্ষী আৰু অৱৰোধকাৰীসকলৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয়৷
তেনে সময়ত আৰক্ষীয়ে অৱৰোধকাৰীক ৰে’ল আলিৰ পৰা খেদি পঠিওৱাৰ বাবে অগ্রসৰ হোৱাৰ লগে লগে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱৰোধকাৰীক খেদিবলৈ নিৰাপত্তা বাহিনীৰ লোকে লাঠী চালনা কৰাৰ উপৰি ৰাইজক ছত্রভংগ দিবলৈ কন্দুৱা গেছ প্রয়োগ কৰাত একাংশ অৱৰোধকাৰীয়ে আৰক্ষীলৈ শিল দলিওৱাত পৰিস্থিতিৰ অধিক অৱনতি ঘটে৷
শিলগুটিৰ আঘাতত তিনিজন আৰক্ষী আহত হোৱাৰ পাছত নিৰাপত্তা বাহিনীয়ে অৱৰোধকাৰীৰ ওপৰত জঁপিয়াই পৰে৷ খেদি খেদি নিৰস্ত্র প্রতিবাদকাৰীক অমানুষিকভাৱে লাঠীৰে কোৱাই আহত কৰাৰ লগতে ১৮গৰাকী নিৰীহ লোকক আটক কৰি থানালৈ নিয়ে৷ আৰক্ষীৰ আক্রমণত ধনজিৎ বর্মন, হূদয় বর্মন, প্রশান্ত বর্মন, দীপক প্রধানী, দীপক বর্মন, বিমল চন্দ্র ৰায়, পিনাকী দত্ত, প্রদীপ বর্মন, শ্যামল ৰায়, দুলাল চন্দ্র ৰায়, সতীশ পাটগিৰী, পৰিন বর্মন, সোণাৰাম বর্মন, দিলীপ বর্মন, কামেশ ৰায় আৰু নৱদ্বীপ ৰায় আহত হয়৷
ইয়াৰে চাৰিজনৰ অৱস্থা গুৰুতৰ৷ ইপিনে, শিলৰ আঘাতত আহত হৈছে কেন্দ্রীয় নিৰাপত্তা বাহিনীৰ জোৱান ৰবিৰঞ্জন কুমাৰ, ৰে’ল আৰক্ষী আতোৱাৰ ৰহমান আৰু এছ পি অ’ গুলজাৰ হক৷ আৰক্ষী আৰু অৱৰোধকাৰীৰ মাজত সংঘটিত সংঘর্ষৰ ফলত ৰে’ল ষ্টেছন চৌহদত ৰখা আৰক্ষী প্রশাসন তথা সংবাদ মাধ্যমৰ সাতখন বাহনৰ ক্ষতি সাধন হয়৷
আনহাতে, সম্পূর্ণ শান্তিপূর্ণভাৱে ৰে’ল অৱৰোধ সম্পন্ন হোৱাৰ পাছত উক্ত অনাকাংক্ষিত ঘটনাৰ বাবে কোঁচ ৰাজবংশীৰ সকলো দল-সংগঠনে গভীৰ উদ্বেগ প্রকাশ কৰাৰ লগতে ইয়াৰ অন্তৰালত চৰকাৰৰ ষড়যন্ত্র নিহিত হৈ থকাৰ সন্দেহ প্রকাশ কৰিছে৷ গণতান্ত্রিক আন্দোলনক মাষিমূৰ কৰিবলৈ, চৰকাৰে প্রশাসন যন্ত্রক ব্যাৱহাৰ কৰি এক স্বৈৰাচাৰী শাসন চলাব বিচাৰিছে বুলি কটাক্ষ কৰে আক্রাছুৰ সাধাৰণ সম্পাদক গকুল বর্মনে৷ উক্ত অমানৱীয়া ঘটনাৰ তীব্র নিন্দা কৰি গকুল বর্মনে নিৰীহ ৰাইজৰ ওপৰত বর্বৰোচিত আক্রমণ চলোৱা দোষী আৰক্ষীৰ শাস্তিৰ দাবী জনোৱাৰ লগতে ধৃতসকলক বিনা চর্তে মুকলি কৰি দিবলৈ আৰু আহতসকলক উপযুক্ত চিকিৎসা কৰিবলৈ চৰকাৰক দাবী জনায়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি