জাতিদ্ৰোহী মন্তব্য কৰি বিপদত বিদ্যালয়ৰ অধ্যক্ষা : গৰজি উঠিল খোৱাং আছু

মৰাণঃ ডিব্ৰুগড় জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শন কাৰ্যালয়ৰ অধীনৰ বৃহত্তৰ খোৱাং অঞ্চলৰ নাৰী শিক্ষাৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান খোৱাং পিথুবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষাই কৰা জাতিদ্ৰোহী মন্তব্যই কঁপাইছে খোৱাং। মৰাণৰ সমীপৰ খোৱাঙৰ এই আগশাৰী বিদ্যালয়খনৰ অধ্যক্ষা মীনা দেৱীয়ে একে বিদ্যালয়ৰে এগৰাকী ঠিকাভিত্তিক শিক্ষয়িত্ৰী নয়না শইকীয়াক ১৬জুলাইত জাতিদ্ৰোহী মন্তব্যৰে অশালীন ব্যৱহাৰ কৰিছিল। “অসমীয়া জাতিয়ে দমত কথা কোৱাৰ বাবে উন্নতি নাই ” বুলি কোৱা এই জাতিদ্ৰোহী মন্তব্যটো প্ৰথমে বিদ্যালয়ৰ শিক্ষক জিৰণী কোঠাত আলোচনা হয়। তাতে সীমাবদ্ধ নাথাকি কথাষাৰ খোৱাং আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্ণগোচৰ হয়। কথাষাৰ সত্যতা জানিবৰ বাবে খোৱাং আছুৰ এটা দল বিদ্যালয়খনত উপস্থিত হয়। আনহাতে অধ্যক্ষা গৰাকীক এই সন্দৰ্ভত প্ৰশ্ন কৰোঁতে আছুৰ দলটোক তাচিল্যসূচক মন্তব্য কৰে। ইয়াতে খৰ্গহস্ত হৈ আছুৰ দলটোৱে বিদ্যালয়খনতেই এক

| | |

নিবনুৱা যুৱতী সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে জ্যোতিকুচীত উদ্ধোধন পিংকিছ বিউটি ট্ৰেইনিং এণ্ড পাৰ্লাৰ

গুৱাহাটী : কৰ্মসংস্থাপনৰ বিচাৰি ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকল যি সময়ত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে তেনে সময়তে মহানগৰীৰ এগৰাকী মহিলাই নিবনুৱা যুৱতীসকলক কৰ্মসংস্থান দিয়াৰ উদ্দেশ্যে হাতত লৈছে এক পদক্ষেপ। মহানগৰীৰ জ্যোতিকুচীত পিংকি ভট্ট নামৰ মহিলা এগৰাকীয়ে নিবনুৱা যুৱতী সকলক কৰ্মসংস্থাপন প্ৰদান কৰাৰ উদ্দেশ্যে সোমবাৰে উদ্ধোধন কৰে ‘পিংকিছ মেকঅপ ষ্টুডিও’।  পিংকিছ মেকঅপ ষ্টুডিওত পিংকি ভট্টই অতি কম খৰচত যুৱতী-মহিলা সকলক মেকঅপ কৰাৰ লগতে ইয়াৰ জৰিয়তে কেইবাগৰাকী যুৱতীক কৰ্মসংস্থাপন প্ৰদান কৰিব। কম খৰচত মহিলা সকল মেকঅপ প্ৰদান কৰা আৰু যুৱতী সকলক কৰ্মসংস্থাপন প্ৰদান কৰাৰ লগতে ইয়াৰ নিবনুৱা যুৱতী সকলক প্ৰদান কৰা হ’ব মেকঅপৰ প্ৰশিক্ষণ।  পিংকি ভট্টই জানিবলৈ দিয়ে যে ইয়াত যুৱতী সকলক বিভিন্ন ধৰণৰ মেকাঅপৰ প্ৰশিক্ষণ দিয়া হ’ব যতে তেওঁলোকে স্বাৱলম্বী হ’ব

অসম আৰক্ষীৰ গাড়ীৰ পৰা নমাই লৈ গল উপ-মহাপ্রবন্ধকক

মেৰাপানীঃ দৈয়াং জলবিদ্যুৎ প্রকল্পৰ পানী এৰি দি নিম্নাংশৰ জনসাধাৰণক বিপদৰ মাজলৈ ঠেলি দিয়া সন্দৰ্ভত এটা গােচৰৰ ভিত্তিত দেওবাৰে নীপকোৰ প্ৰকল্পটোৰ উপ-মহাপ্রবন্ধক প্রিয়ব্রত দাসক গ্রেপ্তাৰ কৰিবলৈ গৈ মুখথেকেচা খাব লগা হ’ল অসম আৰক্ষী। নাগালেণ্ড আৰক্ষীৰ লগতে স্থানীয় জনতাৰ বাধাৰ বাবেই অসম আৰক্ষীৰ দলটোৱে নীপকোৰ বিষয়াজনক আটক কৰাৰ পাছতাে অসমলৈ আনিবলৈ সক্ষম নহ’ল। নীপকোৰ দৈয়াং প্রকল্পই অবিবেচকভাৱে পানী এৰি বান্ধৰ নিম্নাংশৰ জনসাধাৰণক মৃত্যুমুখলৈ ঠেলি দিয়া, ৰাজহুৱা সা-সম্পত্তি বিনষ্ট কৰা আদি অভিযােগ উত্থাপন কৰি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই নীপকোৰ শ্বিলংস্থিত মুখ্য কার্যালয়ৰ মুখ্য সঞ্চালক আৰু নীপকোৰ দৈয়াং জলবিদ্যুৎ প্রকল্প প্রকল্প সঞ্চালকৰ বিৰুদ্ধে তৰা গােচৰৰ ভিত্তিত ভাৰত চৰকাৰৰ অন্তৰ্গত সংস্থাটোৰ বিষয়াক গ্রেপ্তাৰ কৰিবলৈ গােলাঘাট আৰক্ষীৰ এজন উচ্চপদস্থ বিষয়া, মেৰাপানী আৰু সৰুপথাৰ আৰক্ষী থানাৰ বিষয়াসহ

সম্পূর্ণ খচৰাত নাম অন্তর্ভুক্ত হোৱা বিদেশীৰ তথ্য পৰীক্ষা কৰি থকা হৈছে

গুৱাহাটীঃ বিদেশী ন্যায়াধিকৰণত যিসকলৰ গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে, সেইসকল লোকৰ নাম চূড়ান্ত এন আৰ চিত নোসোমায়৷ সংবাদ মাধ্যমক দেওবাৰে এই কথা জানিবলৈ দিয়ে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই৷ হাজেলাই জনায় যে চূড়ান্ত এন আৰ চিৰ পৰা কোনো প্রকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ নপৰে৷ হাজেলাই কয় যে ৩০ জুলাইত ঘোষণা কৰা এন আৰ চিৰ সম্পূর্ণ খচৰাত যিসকল বিদেশীৰ নাম অন্তর্ভুক্ত হৈছে, সেইসকল লোকে প্রকৃত তথ্য লুকুৱাইছিল৷ বিদেশী ন্যায়াধিকৰণত গোচৰ নিষ্পত্তি নোহোৱাকৈ থকাৰ কথাও লুকুৱাইছিল৷ বহুতেই নাম-ঠিকনা সলনি কৰাৰ কথা উল্লেখ কৰি কয় যে বিদেশী ন্যায়াধিকৰণত গোচৰ অমীমাংসিত হৈ থকা কোনো লোকেই চূড়ান্ত এন আৰ চিত স্থান নাপাব৷ হাজেলাই কয় যে সম্পূর্ণ খচৰাত নাম সন্নিৱিষ্ট বিদেশীসকলৰ তথ্য পৰীক্ষা কৰি থকা

ভাৰতীয় হ’ল নেকি বহু বাংলাদেশী?

গুৱাহাটীঃ বহু প্রত্যাশিত এন আৰ চিৰ চূড়ান্ত খচৰা প্রকাশ পালেও ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণৰ মনৰ পৰা আঁতৰি যোৱা নাই সংশয় আৰু দুশ্চিন্তা৷ বৰঞ্চ চূড়ান্ত খচৰা তালিকাত ৰৈ যোৱা ভয়ংকৰ ভুল-ত্রুটীয়ে অসমীয়াৰ আশংকা অধিক ঘনীভূত কৰিছে৷ বিশেষকৈ বাংলাদেশী  অধ্যুষিত জিলাসমূহত খচৰা তালিকাৰ পৰা বাদ পৰা লোকৰ সংখ্যা তেনেই তাকৰ হোৱাত, উচচ ন্যায়ালয়ে বিদেশী বুলি চিহিুত কৰা লোকৰ নাম তালিকাত অন্তৰ্ভূক্ত হোৱাত আৰু লাখ লাখ ভূমিপুত্রৰ নাম নিৰুদ্দেশ হোৱাত এন আৰ চিক লৈ এতিয়া বিভিন্ন প্রশ্নৰ উদয় হৈছে৷ জাতি ৰক্ষাৰ কৱচ হোৱাৰ বিপৰীতে এন আৰ চিখন খিলঞ্জীয়া ৰাইজৰ বাবে অভিশাপ হ’ব নেকি? খচৰা তালিকা প্রকাশৰ পাছত ৰাজহুৱা হোৱা বিভিন্ন তথ্য, বিশ্লেষণাত্মক অধ্যয়নে ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণক আশাহত কৰিছে৷ সংখ্যাগতভাৱে তালিকাত ৪০ লাখৰ নাম নোহোৱা বিষয়টোৱে অসমীয়াক

নিজ পুত্ৰক বন্ধকত থৈ কিনি আন‌িলে ৰাইফল

কাজিৰঙাঃ শোণিতপুৰৰ ডি এছ পি শুভলক্ষ্মী দত্ত আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলিক বিষয়া চক্ৰপানী ৰয়ৰ নেতৃত্বত চলা যুটীয়া অভিযানত শনিবাৰে তিনিটা দুৰ্ধৰ্ষ চোৰাং চিকাৰীক আটক কৰা হয়। আটক হোৱা চোৰাং চিকাৰীকেইটা হৈছে ঢেকীয়াজুলি থানাৰ অধীনৰ বছা শিমলু গাঁৱৰ নুৰজামাল ৰহমান, ছাদিকুল ইছলাম আৰু নিয়ামত আলী। উল্লেখযোগ্য যে, কেইদিনমান আগতে আটক হোৱা চোৰাং চিকাৰীৰ স্বীকাৰুক্তিৰ ভিত্তিত বন বিভাগে এই চোৰাং চিকাৰী তিনিটাক আটক কৰিবলৈ সক্ষম হয় | এওঁলোকে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰ কৰিবলৈ পৰিকল্পনা কৰি বাহৰ পাতিছিল | আটকাধীন নুৰজামালৰ স্বীকাৰুক্তি মতে, চোৰাং চিকাৰৰ বাবে এটা ৰাইফলৰ প্ৰয়োজন হোৱাত নুৰজামালৰ ১২বছৰীয়া পুত্ৰ ইনামুল হকক ডিমাপুৰত বন্ধকত থৈ এটা থ্ৰী নট থ্ৰী ৰাইফল এক লাখ টকাত কিনি অনাৰ লগতে ১০জাঁই গুলীও