Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 3:43 am

Home » আঞ্চলিক » উজনি-নামনিৰ যাতায়াত ব্যাহত

উজনি-নামনিৰ যাতায়াত ব্যাহত


গুৱাহাটী : নীপকোৱে কোনো জাননী নিদিয়াকৈ পানী এৰি দিয়াৰ ফলত ধনশিৰি নদীয়ে ১৯৮৬ চনৰ ৭৯.৭৮ জলস্তৰৰ পাৰাস্তম্ভৰ অভিলেখ ভংগ কৰি সংহাৰী ৰূপ ধাৰণ কৰি বোকাখাত মহকুমাৰ বৃহত্তৰ নুমলীগড়ৰ সমগ্র অঞ্চলটো ধনশিৰি নদীৰ বাঢ়নী পানীয়ে ৩৭ নং ৰাষ্ট্রীয় ঘাইপথ আৰু দুখনকৈ দলং যথেষ্ট ক্ষতিসাধন কৰাৰ লগতে প্রায় ২০ খনৰো অধিক গাঁও প্লাৱিত কৰাৰ লগতে হাজাৰ হাজাৰ জনসাধাৰণৰ ব্যাপক ক্ষতি সাধন হয়৷ পশুধনসমূহৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হয়৷
দুদিন ধৰি ধনশিৰি নদীৰ বাঢ়নী পানীৰ তাণ্ডৱে নুমলীগড়ৰ কমাৰগঞা বাসীক ত্রাহিমধুসূদন দেখুওৱা অন্তত আজি পানী কিছু স্তিমিত হোৱাত ন-ন অঞ্চল বানত বুৰ যোৱাৰ পৰা ৰক্ষা পৰিছে যদিও ছেগা-চোৰোকাকৈ দি থকা বৰষুণে সকলোকে চিন্তি কৰি ৰাখিছে৷ অৱশ্যে পানী কমিছে যদিও ৩৭ নং ৰাষ্ট্রীয় ঘাইপথত বর্তমানেও একাঁঠু পানী৷ উল্লেখযোগ্য যে কালি কমাৰগাঁৱৰ পাৰঘাটত ৩৭ নং ৰাষ্ট্রীয় ঘাইপথত চাৰিলেনযুক্ত পথ নির্মাণকাৰী সংস্থাই সদ্য নির্মীয়মাণ দলংখনৰ দুয়োমূৰ পানীয়ে খহাই৻ নিছিল৷ ৩৭ নং ৰাষ্ট্রীয় ঘাইপথৰো পাৰসমূহো কিছু কিছু ঠাইত খহাই নিবলৈ সক্ষম হৈছিল ধনশিৰি নদীৰ বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰি৷ বাঢ়নী পানীয়ে ইমান প্রচণ্ডভাৱে দলংখনত খুন্দা মৰাত একপ্রকাৰ সকলোৱে ভয়ত ত্রস্তমান হৈ পৰিছিল দলংখন উটুৱাই নিয়াৰ আশংকাত৷ ইফালে কেইবা দশকৰ আগতেই নির্মাণ কৰা পুৰণি দলংখন পানীৰ তীব্র সোঁতে খুন্দা মৰাত কিছু ক্ষতি কৰাৰ আশংকা কৰি অধিক শংকিত হৈ পৰাত আজি পর্যন্ত উজনি নামনি যাতায়াত ব্যাহত হৈ আছে৷
যাৰ বাবে ব্যাপক দুর্ভগ ভুগিছে পথচাৰীয়ে৷ আজি লঘু যান- বাহন দলংখনৰ ওপৰেৰে চলাচল কৰিবলৈ দিছে যদিও গধুৰ বাহন চলিবলৈ বাধা আৰোপ কৰি থৈছে প্রশাসনে৷ উল্লেখযোগ্য যে যদিহে দলংখনৰ লগতে ৩৭ নং ৰাষ্ট্রীয় ঘাইপথৰ কাষে কাষে বৃহৎ বৃহৎ আকাৰৰ স্পাৰ দি পানীয়ে কৰা খনন কার্য বন্ধ নকৰাহেঁতেন অধিক ক্ষতিৰ সন্মুখীন হ’লহেঁতেন দলং আৰু ৰাজপথটো৷ ধনশিৰি নদীৰ বাঢ়নী পানীয়ে বৃহত্তৰ কমাৰগাঁও অঞ্চলৰ পুৰণি কমাৰগাঁও, বৰপাক, বুধবাৰী, ন-পমুৱা, নিউ সোণোৱাল, ধোদাং, তৰুণ নগৰ, বচাপথাৰ, সোণোৱাল গাঁও, পাৰঘাট, কাৰণিহোলা, বচাপথাৰ, পশ্চিম ধোদাং, পাৰঘাট, ১ নং পাৰঘাট আদি কৰি কেইবাখনো গাঁও বুৰাই পেলায়৷
ইফালে বৃহত্তৰ কমাৰগাঁও অঞ্চলৰ পশ্চিম ধোদাংৰ কৃষি বান্ধটো ধনশিৰি নদীৰ বাঢ়নী পানীৰ সোঁতে কালি উটুৱাই নিয়াত এক প্রকাৰ অঞ্চলটোত জনসাধাৰণ ভয়ত ত্রস্তমান হৈ আছে আজি পর্যন্ত৷ উল্লেখযোগ্য যে কৃষিবান্ধটো উটুৱাই নিয়াত গাঁওখনৰ মাজেৰে পোনে পোনে বাঢ়নী পানীসমূহ যোৱাত বহু ৰাইজ জলবন্দী হৈ পৰাৰ লগতে সমগ্র অঞ্চলটো জলমগ্ন হৈ পৰিছে৷ অৱশ্যে এই লোকসকলক নিৰাপদ স্থানলৈ আনিবলৈ কালিৰ পৰা প্রশাসনে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ সহযোগত প্রচেষ্টা অব্যাহত ৰাখিছে৷ কালি নিশা হৈ যোৱাত উদ্ধাৰ অভিযান স্থগিত ৰাখিছিল যদিও পুনৰ আজি পুৱাৰে বাতৰি লিখা পর্যন্ত বাঢ়নী পানীৰ কবলৰ পৰা উদ্ধাৰ কৰি এছ ডি আৰ এফ আৰু এন ডি আৰ এফে নিৰাপদ স্থানলৈ বানাক্রান্তসকলক আনি আছে৷
বানাক্রান্তসকল ৩৭ নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰতে আশ্রয় লৈ আছে৷ প্রশাসনে খাদ্য সামগ্রী প্রদান কৰি বানাক্রান্তক সহায় সহযোগ কৰি আছে৷ মন্ত্রী অতুল বৰাক বানাক্রান্তৰ মাজত আজিও দেখা যায়৷ বানাক্রান্তৰ সকলো খা-খবৰ লৈ থকাৰ লগতে যাতে বানাক্রান্তই অলপো সমস্যাত নপৰে নিজেই তাৰ দৃষ্টি ৰাখিছে৷ দৈয়াং নদীৰ পানী কিছু হ্রাস হৈছে যদিও ঘৰলৈ যাব পৰা নাই বানাক্রান্ত ঃ মেৰাপানীৰ নিজা প্রতিবেদক ঃ মেৰাপানীৰ বিস্তীর্ণ অঞ্চলত বানৰ সংহাৰী ৰূপ কিছু পৰিমাণে ৰুদ্ধ হ’লেও বানত বুৰ গৈ আছে বহু গাঁও৷
নীপকোৰ দৈয়াং জলবিদ্যুৎ প্রকল্পৰ পানীয়ে তাণ্ডৱ চলোৱাৰ পৰিপ্রেক্ষিতত অঞ্চলটোৰ অর্ধশতাধিক গাঁও প্লাৱিত হৈ সহস্রাধিক বানাক্রান্তই এতিয়া নিজৰ ঘৰ-বাৰী এৰি অৱস্থান গ্রহণ কৰিছে আশ্রয় শিবিৰত৷ দৈয়াং নদীৰ কাষৰীয়া ১১ খনকৈ বিদ্যালয়ত কেইবা সহস্রাধিক বন্যার্তই আশ্রয় গ্রহণ কৰাৰ ফলত বন্ধ হৈ পৰিছে বিদ্যালয়৷ ইয়াৰোপৰি ক্লাবঘৰ, অংগনৱাড়ী কেন্দ্র আৰু ৰাজপথতো আশ্রয় শিবিৰ পাতি থাকিব লগাত পৰিছে৷
আজি অঞ্চলটোৰ বানাক্রান্ত গাঁওসমূহৰ লগতে শিবিৰত আশ্রয় গ্রহণ কৰি থকা বন্যার্তসকলক সাক্ষাৎ কৰি গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে কিছু সাহায্যও বিতৰণ কৰে৷ নেওগে অঞ্চলটো পৰিভ্রমণ কৰি বানাক্রান্তৰ সা-সমস্যা বুজ লৈ সাহায্য আৰু চিকিৎসা সেৱা প্রদান কৰাৰ ক্ষেত্রত গোলাঘাট জিলা প্রশাসনে চূড়ান্ত হেমাহি কৰা বুলি ক্ষোভ প্রকাশ কৰিছে৷ ইফালে মেৰাপানী অঞ্চলত থকা আশ্রয় শিবিৰসমূহত বানাক্রান্ত ৰাইজক সাহায্য বিতৰণৰ ক্ষেত্রত বেমেজালি হোৱা বুলি গুৰুতৰ অভিযোগ কৰিছে একাংশ ৰাইজে৷ অভিযোগ অনুসৰি, চিতলমাৰী ক্লাব, চিতলমাৰী ৰাজপথত থকা আশ্রয় শিবিৰ আৰু দৈমুগুৰি প্রাথমিক বিদ্যালয়ত থকা সহস্রাধিক বন্যার্তই প্রতিজনে ৩৪ কেজি চাউল আৰু ৫০০ গ্রামকৈ দাইলৰ বাহিৰে কোনো সাহায্য লাভ কৰা নাই৷
ইফালে চিতলমাৰীত বানে সর্বস্বান্ত কৰি তোলা ৩৬ টাকৈ পৰিয়ালৰ প্রায় ৪০ জনকৈ শিশু-মহিলা আশ্রয় শিবিৰতে বিভিন্ন ৰোগত অসুস্থ হৈ পৰিছে৷ তথ্য মতে, চিতলমাৰীৰ ক্লাবত থকা বিদ্যা মুড়া (২), মনিতা নায়ক (৫), মঞ্জিত নায়ক (২), দীপ লগুন (৫), অম্লান বি (৩), আদিত্য নাগ (৪) নামৰ শিশুসকল জ্বৰ, মূৰৰ বিষত আক্রান্ত হৈ থকাৰ লগতে ৰিম্পী প্রধান, অষ্টমী নায়ক, মুনু নায়ক, ৰীতা মুড়া, ফুলেশ্বৰী বাৰাইক, কল্পনা নায়ক, মেনকা গায়ন, আর্ছিদ নায়ক, ইলিচন মালাৰ (বৃদ্ধ), বিষ্ণু নায়ক, জান নায়ক, বিভা নায়ক, পর্যাৱতী লগুণ, নীলমন লগুণ, চর্মিলা বি, মৌচুমী বি, গুমুনী দাস, ইলিচন নায়ক, কুন্তি নায়ক, মীনা নায়ক, ৰাধা নায়ক, পুৰী নায়ক, সংগীতা নায়ক আদি কৰি বহু লোক আশ্রয় শিবিৰত আক্রান্ত হৈ আছে, বর্তমানলৈকে সুচিকিৎসা লাভ কৰা নাই৷
বন্যার্তক সাহায্য বিতৰণ বিভিন্ন দল-সংগঠনৰ : বানে সর্বস্বান্ত কৰা মেৰাপানী অঞ্চলৰ বিভিন্ন আশ্রয় শিবিৰৰ সহস্রাধিক বন্যার্তক এমুঠি অন্ন, এসাজ কাপোৰ আৰু কিছু সাহায্য প্রদানৰ বাবে সহায়ৰ হাত আবঢ়াইছে বিভিন্ন দল সংগঠনে৷ অঞ্চলটোত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ গোলাঘাট জিলা সমিতি, যুৱ কংগ্রেছ, এবচু, দৈয়াং মহিলা নির্বাৰণ কোষ, দুর্গা বাহিনী আদিয়ে শিবিৰে শিবিৰে গৈ বন্যার্তসকলক চাউল, দাইল, বিস্কুট, চিৰা, গুৰ, মমবাতি, কাপোৰ আদি বিতৰণ কৰে৷
পুনৰ পানী এৰিলে নীপকোৱে : আজি সন্ধ্যা পুনৰ পানী এৰিলে নীপকোৱে৷ কালিৰে পৰা দৈয়াং জলবিদু্যৎ প্রকল্পৰ পানী নীপকোৱে বন্ধ কৰিছিল যদিও আজি বান্ধটোৰ জলস্তৰ দুই ফুট বৃদ্ধি পোৱাত পানী এৰি দিছে নীপকোৱে৷ ফলস্বৰূপে পুনৰ গোলাঘাটৰ লগতে মেৰাপানীৰ বিভিন্ন অঞ্চলত বানে তাণ্ডৱ চলোৱাৰ আশংকা ঘনীভূত হৈছে৷ কিছু সময়ৰ পূর্বে নীপকোৰ এক নির্ভৰযোগ্য সূত্রই সদৰী কৰিছে এই তথ্য ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি