Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:28 am

Home » আঞ্চলিক » আমেৰিকালৈ উৰা মাৰিলে অসম কন্যা ছালমা হুছেইনে : মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

আমেৰিকালৈ উৰা মাৰিলে অসম কন্যা ছালমা হুছেইনে : মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

গুৱাহাটী : দেশক প্ৰতিনিধিত্ব কৰি শনিবাৰে সন্ধিয়া আমেৰিকালৈ উৰা মাৰে অসম কন্যা ছালমা হুছেইনে। সন্ধিয়া ৭.২০ বজাত বৰঝাৰ বিমানবন্দৰৰ পৰা উৰা মাৰে আমেৰিকাৰ ৱাশ্বিংটন ডিচিলৈ। এণ্ডী লীডাৰশ্বীপ ইনষ্টিটিউটে বিশ্বৰ পৰা নিৰ্বাচন কৰা ৮গৰাকী যুৱ মহিলা শান্তি স্থাপকৰ তালিকাত নাম অন্তৰ্ভূক্ত হৈছে দক্ষিণ কামৰূপৰ সোণতলীৰ ছালমাৰ। ভাৰতক প্ৰতিনিধিত্ব কৰি অহা ৫ আগষ্টৰ পৰা ১৮ আগষ্টলৈ আমেৰিকাত এক বিশেষ প্ৰশিক্ষণ আৰু বিভিন্ন আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব ছালমাই।

ছালমা হুছেইনক শুভেচ্ছা মুখ্যমন্ত্ৰীৰ

আমেৰিকাৰ ৱাশ্বিংটন ডি চিত অৱস্থিত ‘এণ্ডি লীডাৰশ্বিপ ইনষ্টিটিউট’-এ বিশ্বৰ পৰা নির্বাচন কৰা যুৱ মহিলা শান্তি স্থাপকৰ তালিকাত স্থান লাভ কৰা ছালমা হুছেইনক মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। জনতা ভৱনস্থিত মুখ্যমন্ত্রী কার্যালয়ত ছালমা হুছেইনে মুখ্যমন্ত্রীক সাক্ষাতৰ সময়ত ভাৰতক প্রতিনিধিত্ব কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা ছালমা হুছেইনক তেওঁৰ এই কৃতিত্বৰ বাবে মুখ্যমন্ত্ৰীয়ে শুভেচ্ছা জনায়।
মুখ্যমন্ত্ৰীয়ে কয় যে প্রতিভাসম্পন্ন ছালমা হুছেইনৰ এই কৃতিত্বই অসমৰ যুৱ প্ৰজন্মক অধিক উৎসাহিত কৰি তুলিব। অসমৰ যুৱক-যুৱতীসকলৰ যে সকলো ক্ষেত্ৰতে যে দক্ষতা আৰু যোগ্যতা আছে, ছালমা হুছেইনৰ সাফল্যই এই কথা প্রমাণিত কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। কামৰূপ জিলাৰ সোণতলি গাঁৱৰ দৰে অনগ্ৰসৰ অঞ্চলৰ পৰা আমেৰিকা যুক্তৰাষ্ট্রৰ এক সুনাম থকা প্রতিষ্ঠানলৈ প্রশিক্ষণৰ বাবে নির্বাচিত হোৱা ছালমা হুছেইনৰ কৃতিত্বই ৰাজ্যখনৰ উঠি অহা প্ৰজন্মক প্ৰেৰণা যোগাব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি